Breaking News

গোলাঘাট জিলা বালিজান চাৰিআলিৰ দেৱীকা বৰুৱা ভাৰত চৰকাৰৰ "প্ৰতিভা সন্ধানী বৃত্তি" লাভঃ

 


পৰাগ বৰুৱা, ফৰকাটিংঃ গোলাঘাট জিলা বালিজানচাৰি আলিৰ বিমান বৰুৱা আৰু পূৰৱী বৰুৱাৰ একমাত্ৰ কন্যা দেবীকা বৰুৱাই ২০২২-২৩ বৰ্ষৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ সাংস্কৃতিক স্ৰোত এবং প্ৰশিক্ষণ কেন্দ্ৰ, নতুন দিল্লী (CCRT,New Delhi)ৰ পৰা অসমৰ লোকগীত অধ্যয়নৰ বাবে "প্ৰতিভা সন্ধানী বৃত্তি"লাভ কৰিছে। দেবীকা বৰুৱাই বৰ্তমান লোকসংস্কৃতিৰ  সাধক তথা কণ্ঠশিল্পী ৰুমী শইকীয়া বাইদেউৰ তত্বাৱধানত লোকগীত, লোকবাদ্যৰ লগতে শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছে। ইয়াৰোপৰি দেৱীকা বৰুৱাই সংগীতৰ সামান্তৰলকৈ অসমীয়া লোকবাদ্য দোতৰা,টোকাৰী, দগৰা আৰু হাৰমণিয়াম বজায়। দেৱীকা বৰুৱাই এই বৃত্তি লাভ কৰিবলৈ সক্ষম হোৱাত সংগীতৰ প্ৰশিক্ষক ৰুমী শইকীয়াৰ লগতে  পৰিয়াল বৰ্গ আৰু বালিজান চাৰিআলি ৰাইজ উৎফুল্লিত হৈ ধন্যবাদ জনাইছে।

No comments