Breaking News

শুক্ৰবাৰে মুক্তি নহ'ল ৰবি শৰ্মা অভিনীত নতুন ছবি ‘শ্ৰী ৰঘুপতি’

 


অসমৰ চলচ্চিত্ৰ প্ৰেমী ৰাইজৰ বাবে দুঃখবৰ। মুক্তি নাপালে নতুন অসমীয়া ছবি শ্ৰীৰঘুপতি। আদালতৰ হস্তক্ষেপৰ বাবে শুকুৰবাৰে মুক্তি লাভৰ পৰা বঞ্চিত হ'ল বহু চৰ্চিত অসমীয়া ছবিখন। আদালতে স্থগিতাদেশ জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত মুক্তিৰ পূৰ্বে ব্যাপকভাৱে চৰ্চালৈ অহা ছবিখন মুক্তি লাভৰ পৰা বঞ্চিত হয়। জনপ্রিয় অভিনেতা ৰবি শৰ্মা অভিনীত ছবিখনৰ মুক্তিৰ পূৰ্বে পূৰ্বৰ প্ৰযোজকে আদালতৰ দ্বাৰস্থ হৈছিল। ছবিখনৰ ট্ৰেইলাৰ প্ৰকাশৰ পাছতে ব্যাপক চৰ্চা হৈছিল। পূৰ্বৰ প্ৰযোজকৰ পক্ষৰ পৰা ধৃতিমান শৰ্মাৰ অভিযোগ—ৰবি শৰ্মাই ২০১৯ চনতে স্ক্রীপ্টখন বিক্ৰী কৰিছিল। একেখন স্ক্রীপ্ট ৰবি শৰ্মাই শ্ৰী ৰঘুপতি হিচাপে শৈলেন শৰ্মাৰ ওচৰত বিক্ৰী কৰিছে। ইয়াৰ বিপৰীতে প্ৰযোজক শৈলেন শৰ্মা আৰু কাহিনীকাৰ ৰবি শৰ্মাই ক'লে— এয়া ভিত্তিহীন অভিযোগ। তেওঁলোকৰ যদি প্রমাণ আছে ৰাজহুৱা কৰক। ছবিখনৰ কপিৰাইট এতিয়াও নিজৰ লগত থকা বুলি দাবী কৰে কাহিনীকাৰ অভিনেতা ৰবি শৰ্মাই। উক্ত গোচৰ সন্দৰ্ভত সোমবাৰে পুনৰ শুনানি গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে। সোমবাৰে আদালতে দিয়া ৰায়ৰ ওপৰত নিৰ্ভৰ কৰিব কেতিয়া মুক্তি পাব ‘শ্ৰীৰঘুপতি’য়ে।

No comments