Breaking News

ব্রিজভূষণৰ বিৰুদ্ধে যৌন সুবিধা বিচৰাৰ অভিযোগ মল্লযোদ্ধাৰ


বিজেপিৰ সাংসদ তথা ভাৰতীয় ৰেছলিং ফেডাৰেচনৰ বিতৰ্কিত সভাপতি ব্ৰীজভূষণ চাৰণ সিঙৰ বিৰুদ্ধে ক্ৰমাৎ দেশজুৰি প্ৰতিবাদ আৰম্ভ হ'লেও এতিয়াই তেওঁক সাংসদ পদৰ পৰা আঁতৰোৱাৰ কোনো পৰিকল্পনা নাই শাসনাধিষ্ঠিত বিজেপিৰ‌ চৰকাৰৰ। স্বয়ং ব্ৰীজভূষণেও ৰেছলিং ফেডাৰেচনৰ সভাপতিৰ পদ এৰিবলৈ নাৰাজ । সেই ক্ষেত্ৰত তেওঁৰ প্ৰতি শাসনাধিষ্ঠিত মোদী চৰকাৰৰ কোনো হেঁচা নাই। তদুপৰি ভাৰতীয় অলিম্পিক সংস্থায়ো তেওঁক গাদী এৰিবলৈ হেঁচা প্ৰয়োগ কৰা নাই। নিজকে ব্রীজভূষণে ধোৱা তুলসীৰ পাত বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে। ঘাইকৈ তেওঁ নিজকে নির্দোষী বুলি দাবী কৰি সেই দাবীৰ জোৰতে গাদী নেৰে বুলি মন্তব্য কৰিছে। স্বাভাৱিকতে সেই দিশত ব্ৰীজভূষণে পূর্ণ সমর্থন লাভ কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰা। নৰেন্দ্ৰ মোদী চৰকাৰৰ গৃহমন্ত্ৰণালয়ৰ অৰ্থাৎ অমিত শ্বাহৰ অধীনষ্ঠ দিল্লী আৰক্ষীয়ে ব্ৰীজভূষণৰ বিৰুদ্ধে নির্যাতিতা মল্লযোদ্ধাই দাখিল কৰা এজাহাৰত কোনো নির্দিষ্ট অভিযোগ নাই বুলি মন্তব্য কৰিছে। দিল্লী আৰক্ষীৰ মতে নির্দিষ্ট অভিযোগ নথকাৰ বাবেই তেওঁলোকে তদন্তত কোনো দোষৰ প্ৰমাণ বিচাৰি উলিয়াব পৰা নাই। অহা পোন্ধৰ দিনৰ ভিতৰত দিল্লী আৰক্ষীয়ে আদালতত তেওঁলোকৰ তদন্তৰ অভিযোগনামা দাখিল কৰিব। অভিযোগ অনুসৰি দিল্লী আৰক্ষীয়ে যৌন নিৰ্যাতনৰ প্ৰমাণ নোপোৱা বুলি কৈ ব্ৰীজভূষণক তদন্ততে ক্লীনশ্বিট' দিব বিচাৰিছে। তদুপৰি যিগৰাকী নাবালিকা যৌন নিৰ্যাতনৰ বলি হৈছিল তেওঁ বয়স কমাই নিজকে নাবালিকা প্রতিপন্ন কৰি ব্ৰীজভূষণৰ বিৰুদ্ধে ‘পক্‌ছো' ধাৰা লগোৱাৰ ষড়যন্ত্র কৰা বুলি দিল্লী আৰক্ষীৰ পক্ষৰ পৰাই প্ৰচাৰ কৰা হৈছে। সেই অভিযোগ খাৰিজ হোৱাৰ সম্ভাৱনা আছে। কিয়নো নাবালিকা মল্লযোদ্ধাগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা তেওঁ নিৰ্যাতনৰ সন্মুখীন হোৱা সময়ত সাবালিকা হোৱা বুলি সাক্ষ্য যোগাৰ কৰিছে দিল্লী আৰক্ষীয়ে। এনেদৰে দিল্লী আৰক্ষীৰ প্ৰত্যক্ষ সমৰ্থনত ব্ৰীজভূষণ ক্রমাৎ তদন্তৰ সময়তে প্রায় সকলো অভিযোগৰ পৰা মুক্ত হৈছে বুলি কংগ্ৰেছে অভিযোগ অনাত এই ভাষ্য দিল্লী আৰক্ষীয়ে আনুষ্ঠানিক নহয় বুলি মন্তব্য কৰিছে। কিন্তু দিল্লী আৰক্ষীয়ে যে তেওঁক বচাব খুজিছে সেয়া একপ্ৰকাৰ মুকলি হৈ পৰিছে। দিল্লী আৰক্ষীয়ে প্ৰমাণ নথকা বুলি কৰা মন্তব্য আৰু অনুসন্ধানৰ জৰিয়তে তেওঁ মল্লযোদ্ধাক নির্যাতন কৰা বুলি কোনো প্রমাণ উলিয়াব নোৱাৰা বিষয়টোৱে ব্রীজভূষণক শক্তি প্ৰদান কৰিছে। দিল্লী আৰক্ষীয়ে নির্যাতিতা মল্লযোদ্ধাই ৰুজু কৰা এজাহাৰত নির্দিষ্ট অভিযোগ নথকা বুলি কোৱাটো যে মিথ্যাচাৰ সেয়া মুকলি হৈ পৰিছে। কিয়নো ব্ৰীজভূষণৰ বিৰুদ্ধে সাতগৰাকী মহিলা মল্লযোদ্ধাই দিল্লী আৰক্ষীৰ ওচৰত ৰুজু কৰা দুখন এজাহাৰ শুকুৰবাৰে ৰাজহুৱা হৈ পৰিছে। তাত দেখা গৈছে ৰেছলিং ফেডাৰেচনৰ সভাপতি ব্ৰীজভূষণৰ বিৰুদ্ধে নির্যাতিতা মহিলা মল্লযোদ্ধাই সাতটা নির্দিষ্ট অভিযোগ আনিছে। ছগৰাকী নিৰ্যাতিতাই একেলগে এখন আৰু আন এগৰাকী নিৰ্যাতিতাই এককভাৱে আন এখন এজাহাৰ ইতিপূৰ্বে ৰুজু কৰিছিল। ছগৰাকী নির্যাতিতা প্রাপ্তবয়স্ক হোৱাৰ বাবে তেওঁলোকে একেলগে এখন আৰু আনগৰাকী নাবালিকা হোৱাৰ বাবে তেওঁ এককভাৱে দিল্লী আৰক্ষীৰ ওচৰত পৃথককৈ এজাহাৰ দাখিল কৰিছিল। সেই দুয়োখন এজাহাৰ শুকুৰবাৰে ৰাজহুৱা হৈ পৰিছে আৰু তাত দহটা নির্দিষ্ট অভিযোগ লিখা আছে। যোৱা ২৮ এপ্রিলত দিল্লী আৰক্ষীৰ ওচৰত ৰুজু কৰা গোচৰৰ এজাহাৰত ব্ৰীজভূষণে মুঠতে সাতগৰাকী মহিলা (এগৰাকী নাবালিকা) মল্লযোদ্ধাক শৰীৰৰ বিভিন্ন অংগত স্পৰ্শ কৰাৰ অভিযোগ স্পষ্টভাৱে উত্থাপন কৰা হৈছে। প্রাপ্তবয়স্ক ছগৰাকী মল্লযোদ্ধাই এজাহাৰত উল্লেখ কৰা মতে ফেডাৰেচনৰ সভাপতি হোৱাৰ সূত্ৰে ব্ৰীজভূষণে যেতিয়াই তেতিয়াই তেওঁলোকৰ সাক্ষাৎ পায় আৰু ৰেস্তোৰাঁত খাবলৈ লৈ যায় । তেনে সময়ত ব্ৰীজভূষণে সেই মহিলা মল্লযোদ্ধাৰ বুকু আৰু পেটত স্পৰ্শ কৰে আৰু তেওঁলোকৰ উৰুত ভৰি উঠাই ৰাখে বুলি অভিযোগ কৰা হৈছে। তদুপৰি শ্বাস-প্রশ্বাস পৰীক্ষা কৰাৰ নামত প্ৰশিক্ষকৰ অনুপস্থিতিত ব্রীজভূষণে মহিলা মল্লযোদ্ধাৰ বুকুত স্পৰ্শ কৰাৰ লগতে কাপোৰৰ ভিতৰলৈ হাত ভৰাই দিয়ে বুলিও অভিযোগ কৰা হৈছে। বহু সময়ত একেলগে ফটো তোলাৰ নামত মল্লযোদ্ধাৰ শৰীৰত তেওঁ আপত্তিজনকভাৱে স্পর্শ কৰে আৰু খামুচি ধৰে। প্ৰয়োজনীয় ঔষধ আৰু খাদ্য কিনি দিয়াৰ প্রলোভন দেখুৱাই তেওঁ সকলো অভিযোগকাৰীৰ বিৰুদ্ধে প্রায়ে অশ্লীলতা প্ৰদৰ্শন কৰে। তেওঁৰ এই আপত্তিজনক কামকাজত আপত্তি কৰিলেই সেই মহিলা মল্লযোদ্ধাক খেলিবলৈ সুযোগ নিদিয়াৰ ভয় দেখুৱায়। সামগ্ৰিকভাৱে তেওঁ খেলুৱৈসকলক জাতীয় দলত স্থান নিদিব বুলি ধমকি দিয়েই এনেধৰণৰ সুযোগ লৈ থাকে। এনেদৰে নিৰ্দিষ্ট দিন-বাৰ উল্লেখ কৰি ব্ৰীজভূষণে শ্লীলতা হানি কৰা নিৰ্দিষ্ট ঘটনাৰ বিষয়ে এজাহাৰত অভিযোগ উত্থাপন কৰা সত্ত্বেও দিল্লী আৰক্ষীয়ে কাৰ সাহসত বলীয়ান হৈ অভিযোগকাৰীৰ বিৰুদ্ধে নিৰ্দিষ্ট অভিযোগ নথকা বুলি কৈছে সেই লৈ এতিয়া সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। 

No comments