Breaking News

গ্ৰেপ্তাৰ নকৰাকৈ লক্‌আপত ৰাখিব নোৱাৰিব শিশু-মহিলাক


গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নতুন নিৰ্দেশনা গ্ৰেপ্তাৰ নকৰাকৈ লক্‌আত ৰাখিব নোৱাৰিব শিশু-মহিলাক। অসম আৰক্ষীৰ নিকৃষ্ট কাণ্ডই পুনৰবাৰ চকু কপালত তুলিছে গুৱাহাটী উচ্চ ন্যায়ালয়ক। জিম্মাত থকা অভিযুক্তক নিশা আন্ধাৰত এনকাউণ্টাৰ কৰি বীৰত্ব প্ৰদৰ্শন কৰা  স্মার্ট অসম আৰক্ষীয়ে মই মতালিৰে শিশু-মহিলাকো থানাৰ লকআপত দিনৰ পাছত দিন বন্দী কৰি থোৱাৰ পৰম্পৰা আৰম্ভ  কৰিছে। এঘণ্টা-দুঘণ্টা নহয়, গ্ৰেপ্তাৰ নকৰাকৈ শিশু-মহিলাসহ ৫জন লোকক ৬টা দিন লকআপত বন্দী কৰি ৰখা ভয়ংকৰ কার্য  সংঘটিত কৰিছে অসম আৰক্ষীয়ে। ধুবুৰীৰ বিলাসীপাৰাত অসম  আৰক্ষীয়ে মানৱ অধিকাৰ উলংঘনৰ এই নীতি বিৰুদ্ধ কার্য  সংঘটিত কৰাক লৈ ক্ষুব্ধ হৈ পৰিছে  উচ্চ ন্যায়ালয়। এই অবিবেচক কাৰ্যৰ বাবে ধুবুৰীৰ আৰক্ষী অধীক্ষক অর্পণা নটৰাজনক ধমক দিয়া দেখা গ'ল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই। লগতে গ্রেপ্তাৰ নকৰাকৈ শিশু- মহিলাক লকআপত ৰাখিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে ন্যায়ালয়ে। উল্লেখ্য‌ যে, ২৪ মে'ৰ নিশা ধুবুৰীৰ বিলাসীপাৰাত এটা গুলীচালনাৰ ঘটনাত বছেৰ আলী নামৰ এজন লোকৰ মৃত্যু  হৈছিল। এই গুলীচালনাৰ আঁৰত বিলাসীপাৰাৰ চাহজাহান  আলী নামৰ আন এজন লোক জড়িত থকা বুলি অভিযোগ উঠিছিল। এই সন্দেহতে ২৫ মে'ৰ পুৱা ৪ বজাত এটি  দুবছৰীয়া শিশুৰ লগতে মাতৃসহ মুঠ ৫জন লোকক ঘৰৰ শোৱাপাটীৰ পৰা উঠাই লৈ গৈছিল বিলাসীপাৰাৰ আৰক্ষীয়ে। এই ৫জনৰ ভিতৰত ৬ বছৰীয়া আন এটি শিশুৰ লগতে ১০ ৰ বছৰীয়া এটি কিশোৰো আছিল। ২৫ মে'ৰ সন্ধিয়া ৭.৩০ বজাত গুলীচালনাৰ ঘটনাটোক লৈ ধুবুৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু  কৰে। উক্ত গোচৰৰ এজাহাৰত অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰা বুলি উল্লেখ কৰিছিল। নিয়ম অনুসৰি কোনো ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ২৪ ঘণ্টাৰ ভিতৰত আদালতত হাজিৰ কৰোৱাব লাগে। কিন্তু বিলাসীপাৰা আৰক্ষীয়ে ১২০ ঘণ্টাৰ পাছতো আটক কৰা লোককেইজনক আদালতত হাজিৰ কৰা নাছিল। অৱশ্যে, ৬টা দিনৰ পাছত আটকাধীন ৫ ব্যক্তি বৰছিয়া খাতুন আৰু চাহানুৰ আলমক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পাছতেই ৩১ মে'ৰ সন্ধিয়া বিলাসীপাৰা আৰক্ষীয়ে শিশু দুটিসহ কিশোৰজনক ঘৰলৈ যাবলৈ দিয়ে। শিশু-কিশোৰ তিনিটাক ৬টা দিনে লকআপত বন্দী কৰি ৰখাৰ সন্দৰ্ভত এখন হেবিয়াছ কপাছ আবেদন দাখিল হোৱাত বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ধুবুৰীৰ আৰক্ষী অধীক্ষকক এদিনৰ ভিতৰত সোঁ-শৰীৰে আদালতত উপস্থিত থকাৰ নিৰ্দেশ দিয়ে। সেই অনুসৰি শুকুৰবাৰৰ শুনানিত এছপি অৰ্পণা নটৰাজন উচ্চ ন্যায়ালয়ত হাজিৰ হয়। ইয়াৰ পাছতেই মুখ্য ন্যায়াধীশ সন্দীপ মেহতাৰ প্রশ্ন— "গ্ৰেপ্তাৰ নকৰাকৈ শিশু-মহিলাক লকআপত বন্দী কৰি ৰখাৰ এই অধিকাৰ বিলাসীপাৰা আৰক্ষীয়ে ক'ত পালে? এনে অমানৱীয় ঘটনা কেনেকৈ হ'ব পাৰে?" কিন্তু এই প্রশ্নৰ বিপৰীতে বিসংগতিপূৰ্ণ উত্তৰ দিয়াত এছপি অৰ্পণা নটৰাজনৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠজন। ৩১ মে'ৰ -ত সন্ধিয়া শিশু দুটিসহ ১০ বছৰীয়া কিশোৰটিক এৰি দিলেও ৬টা দিন শিশুকেইটি ক'ত ৰাখিছিল আৰু এনে  আইন বহির্ভূত কাম কেনেদৰে কৰে বুলি প্ৰশ্ন কৰি মুখ্য ন্যায়াধীশৰ ধমক আপুনি এগৰাকী মহিলা হৈয়ো এয়া কেনেদৰে কৰিব পাৰিলে?” আৰক্ষীৰ ব্যৰ্থতা ঢাকিবলৈ শিশু মহিলাৰ বিৰুদ্ধে এই ব্যৱস্থা লৈছে নেকি বুলি প্ৰশ্ন কৰে মুখ্য ন্যায়াধীশে।

No comments