Breaking News

পুনৰ অসমৰ হৰিণ-ঘোং-গঁড আদি জন্তু গুজৰাটতস্থিত আম্বানিৰ চিৰিয়াখানালৈ নিয়াৰ যো-জা


অসমৰ পৰা পুনৰ গুজৰাটতস্থিত আম্বানিৰ চিৰিয়াখানালৈ পৰা নিয়া হ'ব বহু সংখ্যক দুষ্প্রাপ্য জীৱ-জন্তু। দেওবাৰৰ নিশাৰ ভিতৰতে গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাৰ পৰা গুজৰাটলৈ বন্য জীৱ-জন্তুক নিয়াৰ বাবে তিনিখনকৈ ট্রাক সাজু কৰা হৈছে। বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন স্থানত সৰবৰাহকাৰীৰ পৰা জব্দ কৰা জীৱ-জন্তুবোৰক অসম ৰাজ্যিক চিৰিয়াখানাত ৰখাৰ বাবে পিঞ্জৰাৰ অভাৱৰ দোহাই দি গুজৰাটৰ জামানগৰস্থিত ৰিলায়েন্সৰ  চিৰিয়াখানালৈ হস্তান্তৰ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ৰাজ্যিক চিৰিয়াখানাৰ পৰা নিশাৰ আন্ধাৰৰ সুযোগ লৈ গোপনে আম্বানিৰ চিৰিয়াখানালৈ বন্য জীৱ-জন্তু প্ৰেৰণৰ অভিযোগ কৰিছে  চিৰিয়াখানা সুৰক্ষা মঞ্চই। মঞ্চৰ সাধাৰণ সম্পাদক ৰাজ কুমাৰ বৈশ্যই এই গুৰুতৰ অভিযোগ উত্থাপন কৰি সংবাদ মাধ্যমক কয় যে— ৰাইজৰ প্ৰতিবাদকো কেৰেপ নকৰি পুনৰবাৰ আম্বানিৰ চিৰিয়াখানালৈ অসমৰ পৰা তিনিখন ট্ৰাকত বন্য জীৱ-জন্তু নিয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। বিভিন্ন সময়ত আৰক্ষী তথা বন বিভাগে জব্দ কৰা বন্যপ্ৰাণীবোৰক ৰখাৰ বাবে গুৱাহাটীৰ চিৰিয়াখানাত পর্যাপ্ত পিঞ্জৰাৰ অভাৱৰ আভুৱা ভাৰি আম্বানিক গতাবলৈ চুক্তি কৰিছে। এইবাৰ কাজিৰঙাৰ গঁড়ৰ লগতে ঘোং, হৰিণ, হলক গিবন, মাকাও, কেংগেৰু আদি কেইবাটাও দুষ্প্রাপ্য প্ৰজাতিৰ জন্তু আৰু পক্ষী গুজৰাটৰ জামানগৰলৈ প্ৰেৰণ কৰিব। জীৱ-জন্তুবোৰক এখন ১৬ চকীয়া ট্রাক আৰু দুখন ৬ চকীয়া ট্ৰাকত উঠাই হস্তান্তৰৰ বাবে সাঁজু হৈছে। হয়তো দেওবাৰৰ নিশাৰ ভিতৰতে চিৰিয়াখানাৰ পৰা অতি সংগোপনে গুজৰাটলৈ বুলি জন্তুবোৰক লৈ যোৱা হ'ব। চিৰিয়াখানা কর্তৃপক্ষই এই ঘু বিষয়টো সম্পূৰ্ণ গোপনে ৰাখিছে। ইয়াৰ পূৰ্বেও ২০ মে'ত ৰাজ্যিক নি চিৰিয়াখানাৰ পৰা গোপনে এনেদৰে কেইবাবিধো বন্যপ্রাণী নিয়া হৈছিল ৰিলায়েন্সৰ চিৰিয়াখানালৈ। আশ্চর্যজনকভাৱে আম্বানি ৰা চিৰিয়াখানাৰ বহু লোক ইতিমধ্যে ৰাজ্যিক চিৰিয়াখানাৰ বিভিন্ন দায়িত্বত নিয়োজিত হৈ আছে। সেয়েহে হিমন্ত বিশ্ব শৰ্মাৰ আম্বানিপ্ৰীতিৰ বিৰুদ্ধে অসমৰ ৰাইজ একত্ৰিত হৈ প্ৰতিবাদ কৰা উচিত।

No comments