Breaking News

গোলাঘাটৰ ছাত্ৰ সন্ধানহীন

 


গোলাঘাট, ১০ জুন : গোলাঘাটৰ কৃষ্ণ নগৰ নিৱাসী  কৃষ্ণ পাল আৰু শৰ্মিলা পালৰ  পুত্ৰ কৃষ পাল যোৱা ৩ জুনৰ পৰা সন্ধানহীন হৈ আছে। গোলাঘাটৰ শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ কৃষ পালে যোৱা ৩ জুনত বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি আহি মাতৃ শৰ্মিলা পালক বজাৰৰ পৰা এটা পেণ্ট ক্ৰয় কৰিবলৈ বুলি কৈ ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰে।  ছাত্ৰজনে বজাৰলৈ যাওঁতে লগত স্কুলবেগ লৈ যোৱা বুলি মাতৃয়ে জানিবলৈ দিয়ে।  বৰ্তমান এটা সপ্তাহ ধৰি সন্ধানহীন হৈ থকা কৃষ পালৰ কোনো শুংসূত্ৰ নাপাই তেওঁৰ পিতৃ মাতৃ তথা পৰিয়ালবৰ্গ উদ্বিগ্ন হৈ পৰিছে। যদি কোনো  ব্যক্তিয়ে কৃষ পালৰ কিবা সন্ধান পায় তেন্তে ৬০০২১৪৫৩০৪ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

No comments