Breaking News

ভাৰতীয় ষ্টেট বেংক গোলাঘাট শাখাৰ উদ্যোগত গ্ৰাহকৰ সৈতে এক বিশেষ সভা


গোলাঘাট: ভাৰতীয় ষ্টেট বেংক গোলাঘাট শাখাৰ উদ্যোগত গ্ৰাহকৰ সৈতে এক বিশেষ সভা অনুষ্ঠিত হয়। এই সভাত SBI Life ৰ বিভিন্ন আঁচনিৰ ওপৰত আলোচনা কৰা হয়। SBI ৰ Life ৰ জৰিয়তে এটা পৰিয়াল কেনেকৈ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰি সেই সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয়। লগতে SBI ৰ জৰিয়তে একোজন গ্ৰাহকে কেনেকৈ পেঞ্চনৰ সুবিধা লাভ কৰিব পাৰি সেই দিশতো আলোচনা কৰা হয়। এই সভাত নেতৃত্ব প্ৰদান কৰে ভাৰতীয় ষ্টেট বেংক গোলাঘাট শাখাৰ মুখ্য প্ৰৱন্ধক প্ৰশান্ত কুমাৰ শৰ্মাই। সভাত অংশ লৈ আঞ্চলিক মহাপ্ৰৱন্ধক যোৰহাটৰ মিষ্টাৰ ডেভিদ এন এলে গ্ৰাহক সকলৰ ভৱিষ্যত সুৰক্ষাৰ দিশটোত গুৰুত্ব প্ৰদান কৰিবলৈ সকলো গ্ৰাহককে আহ্বান জনায়। সভাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা: উত্তম দত্ত, দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পুতুল শইকীয়া, অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰদীপ বৰঠাকুৰ, ডাঃ দ্বীজেন বৰদলৈ আৰু জ্যেষ্ঠ সাংবাদিক ৰোহিত গগৈয়ে বক্তব্য প্ৰদান কৰে।

No comments