Breaking News

ৰাজ্যৰ ‌উপায়ুক্ত সকললৈ নিৰ্দেশ ৰাজ্য চৰকাৰৰ: "গাঁতবোৰ পোতক"



মহানগৰীৰ ৰাজপথত দুৰ্ঘটনাত পতিত হৈ মেধাৱী ছাত্ৰী প্ৰিয়া কুমাৰীৰ মৃত্যু হোৱাৰ পাছতে তৎপৰ হৈছে ৰাজ্য চৰকাৰ। শেহতীয়াভাৱে যিকোনো বিভাগৰ কামৰ বাবে হোৱা গাঁত তৎকালীনভাৱে 

জলবোৰ্ডৰ গাঁতৰ বাবে নাইকীয়া কৰিবলৈ ৰাজ্যৰ সকলো জিলা উপায়ুক্তক কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই। দেওবাৰে এখন ভিডিঅ' কনফাৰেন্সত এই সন্দৰ্ভত উপায়ুক্তসকলক কঠোৰ নীতি নিৰ্দেশনা দি মুখ্যমন্ত্রী শর্মাই কয়— যিকোনো বিভাগৰ কামৰ বাবে ক'তো বেৰহীন গাঁত থাকিব নোৱাৰে। এইক্ষেত্ৰত সকলো বিভাগৰ বিষয়া সজাগ হওঁক। যদি এনে গাঁত ক'ৰবাত আছে তৎকালীনভাৱে পুতি পেলাওক । সাধাৰণ লোক এজনে কিবা এটা কথা ক'লে আমি একছন লোৱাত অসুবিধা ক'ত? সাধাৰণ লোকে ক’লেটো সত্য কথাই ক'ব। ম‍ই সকলো বিষয়াক কৈছোঁ— যদি গাঁতবিলাক থাকে আৰু সুৰক্ষাৰ ব্যৱস্থা নকৰা গাঁত থাকে তাৰ বিৰুদ্ধে কোনো বিভাগীয় ব্যৱস্থা লোৱা নহয় । তাৰ বাবে আপোনালোকৰ ওপৰত পোনপটীয়াভাৱে আৰক্ষী অধীক্ষকক ব্যৱস্থা ল'বলৈ ক'ম। বান নিয়ন্ত্ৰণ হওক, জলসিঞ্চনৰ হওক ক'ৰবাত যদি নিৰ্মাণ সামগ্রী খেলিমেলিকৈ পেলাই থৈছে তেনেহ'লে শীঘ্ৰেই ঠিকমতে থওঁক। যদি ক'ৰবাত নলা নিৰ্মাণৰ কাম চলি আছে তৎকালে তাত বেৰ দিয়াৰ ব্যৱস্থা কৰক। আপোনালোকে সংবেদনশীলভাৱে কাম কৰক। যোৱা বছৰ আমি তিনিখন ভিডিঅ' কনফাৰেন্স কৰিছোঁ যে পথ দুর্ঘটনা কমাব লাগে । পথ দুৰ্ঘটনাৰ ঠাইবোৰ চাব লাগে। এনে ঠাই ঠিকথাক কৰিব লাগে। আপোনালে দুর্ঘটনাপ্রবন ঠাই ঠিকথাক কৰাৰ পৰিৱৰ্তে দুৰ্ঘটনাৰ নতুন হটস্পট সৃষ্টি কৰে। এইটো কোনো কথাৰ কথা হ'ব নোৱাৰে। গোটেইকেইটা বিভাগৰ বিষয়া আছে। আপোনালোকে চাব আজিৰ পৰা ক'তো যাতে উজনিৰ পৰা নামনিলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ, পাহাৰীয়া জিলা, মধ্য অসম সকলো স্থানত আপোনালোকে তীক্ষ্ণ নজৰ দিয়ক। ইয়াৰ কিবা যদি বিসংগতি থাকে বিষয়াসকল দায়ী হ'ব। ইফালে ডিব্ৰুগড়ত জলজীৱন মিছনৰ গাঁতত পৰি পথচাৰীৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্রী শর্মাই ডিব্ৰুগড়ৰ জিলা উপায়ুক্তক জবাবদিহি কৰে। মুখ্যমন্ত্ৰী শৰ্মাই ডিব্ৰুগড়ত কয়— ডিব্ৰুড়ৰৰ ৰাস্তাৰ মাজত কেনেকৈ গাঁত আছিল ? ঠিকাদাৰক গ্ৰেপ্তাৰ কৰিলেনে? আৰক্ষীয়ে এফ আই আৰৰ বিপৰীতে তদন্ত কৰিলে ? আপোনালোকক দুৰ্ঘটনা হোৱাৰ পাছত আমি সুধিছোঁ কোনে কামখিনি কৰিছে। আপুনি ৭-৮ ঘণ্টাৰ পাছতো সেইখিনি ক’ব নোৱাৰিলে। মানুহ এজন তাত পৰি মৃত্যু মুখত পৰিল। ইয়াৰ বাবে কোনোবাই দায়ীত্ব ল'বই লাগিব। গুৱাহাটীৰ উলুবাৰীতো দুটা গাঁত হৈছে। পানী হোৱাৰ পাছত কেনেকৈ গম পাব যে তাত এটা গাঁত আছে? ড্ৰেইনৰ কাম শীঘ্ৰেই সমাপ্ত কৰক। যদি কামখিনি সম্পূৰ্ণ কৰিব নোৱাৰে তেতিয়াহ'লে গাঁতটো বেৰি দিব লাগে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটীত উন্মুক্ত গাঁত, বিধ্বস্ত পথ আদিৰ বিষয়ে দৃষ্টিগোচৰ হ'লে মহানগৰবাসীক তৎকালীনভাৱে জিলা প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায়। এই সন্দৰ্ভত কিবা তথ্য থাকিলে জিলা প্রশাসনে ১০৭৭ নম্বৰৰ বিপৰীতে এটা নিয়ন্ত্রণ কক্ষ স্থাপন কৰিছে। তদুপৰি এই সন্দৰ্ভত অধিক তথ্য থাকিলে ৯৩৬৫৪২৯৩১৪ নম্বৰত হোৱাট্‌ছপ বা ফোনযোগে জনাব পাৰিব বুলি জিলা প্ৰশাসনে সদৰী কৰিছে।

No comments