Breaking News

লোকশিল্পী সোমেশ্বৰ বৰা মৃত্যু : নগাঁৱৰ কৰৈয়নিত শোকৰ ছাঁ

 


কৰৈয়নি , নগাঁও,  ৩০.০৬.২৩ : নগাঁও জিলাৰ কলংপাৰৰ বৃহত্তৰ কৰৈয়নি অঞ্চলৰ হেঙুলীচুক গাঁৱৰ নিবাসী বিশিষ্ট কালিবাদক সোমেশ্বৰ বৰা যোৱাকালি নিজ বাসগৃহত মৃত্যু হয় । মৃত্যুৰ সময়ত তেখেতৰ  ৫৫ বছৰ বয়স আছিল । বিগত কেইবামাহৰ পৰা তেখেতে এক শাৰিৰীক সমস্যাত ভূগি আছিল ।  মৃত্যুৰ সময়ত  তেখেতৰ সংসাৰ হিচাপে পত্নীৰ লগতে তিনিজন পুত্ৰ আছিল ।  


    লোকশিল্পী প্ৰয়াত সোমেশ্বৰ বৰাৰ মৃত্যুত কলংপাৰৰ সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। কালি বাদনৰ জড়িয়তে অসমৰ পৰম্পৰাগত আপুৰুগীয়া থলুৱা  সাংস্কৃতিক ঐতিহ্য , স্বকীয়তা আৰু স্বাভিমানক ধৰি ৰাখিছিল তেখেতে ; অঞ্চলটোত আয়োজিত হোৱা ৰাস , ভাওনা আদিত তেখেতৰ অংশগ্ৰহণ আছিল উল্লেখযোগ্য ।  তেখেতৰ মৃত্যুত সাংস্কৃতিক দিশত সমাজৰ বাবে এক অপূৰণীয় ক্ষতি বুলি বিভিন্ন সামাজিক সংগঠন আৰু সচেতন ব্যক্তিয়ে মত পোষণ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । ভাৰতীয় গণনাট্য সংঘৰ নগাঁও কলংপাৰ শাখাৰ  পৰা তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে যিসকল শিল্পী থলুৱা লোকবাদ্যৰ লগত জড়িত হৈ তেখেতৰ দৰে সাংস্কৃতিক ঐতিহ্য ধৰি ৰাখিছে সেই সকল শিল্পীলৈকো গভীৰ শ্ৰাদ্ধা আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ।

No comments