Breaking News

প্রার্থিত্বক লৈ মুখ খুলিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে


ৰাজ্যৰ চাৰিওদিশে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ঢৌ অব্যাহত থকাৰ মাজতে সমষ্টি পুনৰ নিৰ্ধাৰণে ৰাজ্যৰ বহু ৰাজনৈতিক নেতাৰ ভাগ্য সলনি কৰাৰ সম্ভাৱনাই দেখা দিছে। সেয়া কোনো লোকসভাৰ সাম্ভাব্য প্রার্থী বা সাংসদৰ ক্ষেত্ৰতে হওঁক অথবা বিধানসভাৰ সাম্ভাব্য প্রার্থী বা বিধায়কৰ ক্ষেত্ৰতে হওঁক। কলিয়াবৰ লোকসভা সমষ্টি কৰ্তন কৰাৰ পাছতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ, জনপ্রিয় নেতা, সাংসদ গৌৰৱ গগৈৰ ক্ষেত্ৰতো তেনে পৰিস্থিতিৰ সৃষ্টি হৈছে। কলিয়াবৰ লোকসভা সমষ্টি কৰ্তন কৰি কাজিৰঙা সংসদীয় সমষ্টিৰ প্ৰস্তাৱ দিয়া হৈছে, যিটো সমষ্টিৰ পৰা কৰ্তন কৰা হৈছে কংগ্ৰেছৰ ভোটবেংকখ্যাত বিশাল এলেকা। গতিকে কাজিৰঙা লোকসভা সমষ্টিৰ পৰা জয়ী হৈ অহাটো হয়তো গৌৰৱ গগৈৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হ'ব । ইয়াৰ বিপৰীতে যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ স্থিতি কিছু পৰিমানে মজবুট। এই নি সমষ্টিটোত আহোমসকলৰ সমৰ্থনো গৌৰৱ গগৈয়ে পোৱাৰ সম্ভাৱনা অধিক। উক্ত সমষ্টিটোৰ অধীনতে তিতাবৰ সমষ্টি বৰ্তমানেও কংগ্ৰেছৰ দখলত আছে। কাজেই গৌৰৱ ২ গগৈৰ বাবে এই সমষ্টিটো কিছু পৰিমানে আশাব্যঞ্জক। ইয়াৰ পৰিপ্ৰেক্ষিততে যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে নির্বাচনী যুঁজত অৱতীৰ্ণ হ'ব পাৰে বুলি চৰ্চা হৈছে। এনে চৰ্চাৰ মাজতে মুখ খুলিছে সাংসদ গৌৰৱ গগৈয়ে। তেওঁ কয়— এইটো এটা বিভাজনকামী খচৰা । কিন্তু অসমৰ ৰাইজে যদি মোক বিচাৰে মই পুনৰ সাংসদ হৈ আহিম। অসমৰ ৰাইজে যদি বিচাৰে মোক পুনৰ লোকসভাৰ ভিতৰত দেখা পাব। যদি নির্বাচনী যুঁজ তীক্ষ্ণ হয় মই ভালেই পাম। মই প্রত্যাহ্বান লৈ ভাল পাওঁ। মই প্ৰত্যাহ্বান দেখি পলাই যোৱা মানুহ নহয় । মই প্রত্যাহ্বানক স্বাগমত জনাম। বিজেপিৰ আটাইতকৈ প্রিয় ‘খেল' খিলঞ্জীয়া। যেতিয়াই প্রয়োজন হয় তেতিয়াই এই ‘খেল’খন খেলিব বিচাৰে। কিন্তু অসমৰ মানুহে বিজেপিৰ সকলো ষড়যন্ত্ৰ বুজি পোৱা হ'ল। এইখন কংগ্ৰেছৰ ভয়ত বিজেপিয়ে সৃষ্টি কৰা খচৰা। এই খচৰায়ো উদ্ধাৰ কৰিব নোৱাৰিব বিজেপিক। ২০২৪ত বিজেপিক বিদায় দিব ৰাইজে। এই খচৰা প্ৰস্তুত কৰাৰ সময়ত লাইট নাছিল বাবেই খচৰাখন এন্ধাৰ।

No comments