Breaking News

১৩ জুলাইত চন্দ্ৰ অভিমুখে ভাৰতৰ তৃতীয়টো মানৱবিহীন অভিযান: উৎক্ষেপণ ‘চন্দ্ৰযান-৩’

 


ভাৰতবাসীৰ বাবে সু-খবৰ।চন্দ্ৰ অভিমুখে ভাৰতে অহা ১৩ জুলাইত দেশৰ তৃতীয়টো মানৱবিহীন অভিযান চলাই চন্দ্রযান-৩ উৎক্ষেপণ কৰিব। সম্প্ৰতি ইছৰোৱে উৎক্ষেপণৰ দিন ১৩ জুলাই ধাৰ্য কৰিলে সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত লোৱা নাই । ইছৰোৰ মুৰব্বী এছ সোমনাথে জনোৱা অনুসৰি ১২-১৯ জুলাইৰ ভিতৰত যিকোনো এটা দিনত চন্দ্ৰযান-৩ক লৈ জিএছএলভি উৎক্ষেপণ কৰা হ'ব আৰু খুব সম্ভৱতঃ ১৩ জুলাইতে জিএছএলভিৰ উৎক্ষেপণ হ'ব। এছ সোমনাথে প্রকাশ কৰা অনুসৰি চন্দ্ৰযান-৩ৰ উৎক্ষেপণৰ সকলো পৰীক্ষা পুনৰবাৰ কৰাৰ পাছতে উৎক্ষেপণৰ দিন চূড়ান্ত কৰা হ'ব। তেওঁ কয়— ‘চন্দ্রযান- ৩ যাত্ৰাৰ বাবে সম্পূর্ণ সাজু। সকলো পৰীক্ষাও সম্পূৰ্ণ হৈছে। নিয়ম অনুযায়ী শেষবাৰৰ বাবে পুনৰ পৰীক্ষা সম্পন্ন কৰা হ'ব। তাৰ পাছতে জিএছএলভি ৰকেটেৰে চন্দ্ৰযান-৩ উৎক্ষেপণ কৰা হ'ব। ১২-১৯ জুলাইৰ ভিতৰত উৎক্ষেপণৰ দিন থিৰাং কৰা হ'লেও যিটো দিনত কক্ষপথৰ দূৰত্ব ন্যূনতম হ'ব আৰু ইন্ধন কম ব্যয় হ'ব সেই দিনটোতে উৎক্ষেপণ কৰা হ'ব।' চন্দ্ৰযান-৩ত দেশীয়ভাৱে নির্মিত লেণ্ডাৰ মডিউল, প্রপালচন মডিউল আৰু এটা ৰ'ভাৰ মডিউল থাকিব। এই অভিলাষী অভিযানে ভাৰতৰ ব্যৰ্থ হোৱা চন্দ্ৰযান-২ৰ বাকী থকা আৰু পৰৱৰ্তী অভিযান সম্পন্ন কৰিব। চন্দ্ৰযান-এক পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰতম অংশলৈ প্ৰেৰণ কৰা হ'ব আৰু চন্দ্ৰপৃষ্ঠৰ কোমল অংশত অৱতৰণ কৰোৱা হ'ব। ইছৰোৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান হৈছে চন্দ্ৰযান-৩ৰ ‘ছফ্‌ট লেণ্ডিং’বা মসৃণ অৱতৰণ। যদিহে চন্দ্ৰযান-৩য়ে ‘ছফ্‌ফ্ট লেণ্ডিং’কৰিবলৈ সক্ষম হয়, তেন্তে চন্দ্ৰত যান অৱতৰণ কৰোৱা বিশ্বৰ চতুৰ্থ দেশ হ'ব ভাৰত। এইপর্যন্ত আমেৰিকা, ৰাছিয়া আৰু চীনে চন্দ্ৰত যান অৱতৰণ কৰাবলৈ সক্ষম হৈছে।

     ২০১৯ চনত ভাৰতে প্ৰেৰণ কৰা চন্দ্ৰযান-২ চন্দ্ৰপৃষ্ঠত 'ক্ৰেছ লেণ্ডিং’ হৈছিল, অর্থাৎ থেকেচা খাই পৰি ভাগি গৈছিল। শেষ পৰ্যায়ত হোৱা বিজুতিৰ বাবে ইছৰোৱে চন্দ্রযান-৩ উৎক্ষেপণত বিলম্ব কৰিছিল। চৰ্চা অনুসৰি বিজেপিৰ প্ৰতিষ্ঠা দিৱসত চন্দ্ৰযানক অৱতৰণ কৰোৱাৰ বাবে মোদী চৰকাৰে আগতীয়াকৈ উৎক্ষেপণৰ বাবে হেঁচা দিছিল। পিছে অৱতৰণৰ বাবে যিটো দিন চূড়ান্ত কৰা হৈছিল, সেইদিনা চন্দ্ৰপৃষ্ঠত এপয়েকৰ পাছত প্ৰথম সূৰ্যৰ পোহৰ পৰিছিল আৰু তাৰ ফলত ৰেগোলিথ নামৰ কণাৰ ভীষণ ধুমুহাৰ সৃষ্টি হৈছিল। ধাৰণা কৰা অনুসৰি সেই ৰেগোলিথৰ ধুমুহাত পৰি চন্দ্ৰযান-২ৰ ক্ৰেছ লেণ্ডিং হৈছিল আৰু থেকেচা খাই পৰি চন্দ্ৰপৃষ্ঠতে ভাৰতৰ যানখন নিঃসাৰ হৈ গৈছিল। এচাম বিজ্ঞানীৰ ধাৰণা, কেইদিনমান পূর্বে অথবা কেইদিনমান পাছত চন্দ্রযান হয়ে অৱতৰণ কৰা হ'লে সেই ৰেগোলিথৰ ধুমুহাৰ পৰা হাত সাৰিব পাৰিলেহেঁতেন আৰু সম্ভৱতঃ ছফ্‌ট লেণ্ডিং সম্ভৱ হ'লহেঁতেন। কিন্তু বিজেপিৰ প্ৰতিষ্ঠা দিৱসত অৱতৰণ কৰোৱাৰ বাবে ইছৰোক হেঁচা দি উৎক্ষেপণ কৰোৱাৰ বাবে প্ৰতিকূল পৰিস্থিতিত চন্দ্ৰযান-২ ধ্বংসৰ মুখত পৰিল। অৱশ্যে ইছৰোৱে এই ব্যাখ্যা দিয়া নাই আৰু ধ্বংসৰ কাৰণো জনোৱা নাই। উল্লেখ্য, অন্তিম ১০০ কিলোমিটাৰ পথত ছেকেণ্ডৰ ভিতৰত অৱতৰণ কৰিবলগা লেণ্ডাৰ বা যানখনৰ গতি ঘণ্টাত ৬,০০০ কিলোমিটাৰৰ পৰা শূন্যলৈ হ্ৰাস কৰা কঠিন কাম বাবেই চন্দ্ৰত অৱতৰণ দুৰূহ।

No comments