Breaking News

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প‌ই বিভক্ত কৰিলে সোৱণশিৰি নদীক


সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে নৈৰ প্ৰবাহমান গতিক বাধা দিয়াৰ ভয়াৱহ ফল ভোগ কৰিবলগীয়া হ'ব নদীখনৰ দাঁতিকাষৰীয়া জনসাধাৰণে। এন এইচ পি চিয়ে গেৰুকামুখত নদীবান্ধ নিৰ্মাণৰ নামত সোৱণশিৰিৰ মূল সুঁতিত ভেটা দি নৈখনৰ পানীভাগ আনফালে বোৱাই নিয়াৰ পৰিণাম ক্ৰমশঃ ভয়ংকৰ হোৱাৰ দিশে গতি কৰিছে। তাৎপৰ্যপূৰ্ণ যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নির্মাণে গেৰুকামুখ পাহাৰৰ ভূ-প্রাকৃতিক চৰিত্ৰ ইতিমধ্যে সলনি কৰি পেলোৱাৰ পাছত সোৱণশিৰি নদীৰ গতিপথ পর্যন্ত সম্প্ৰতি সলনি হোৱাৰ পথত আগবাঢ়িছে। বান্ধৰ বাবেই কাৰ্যতঃ দুভাগ হৈ গ'ল অভিমানী সোৱণশিৰি। ১৯৫০ চনৰ ভূমিকম্পত হিমালয়ৰ পাদদেশৰ গেৰুকামুখ পাহাৰৰ ভূ-প্রাকৃতিক চৰিত্র সম্পূর্ণ সলনি হোৱাৰ বিপৰীতে ই সোৱণশিৰিৰ নদীৰ গতিপথো সম্পূৰ্ণৰূপে সলনি হৈছিল। সেয়া আছিল প্ৰাকৃতিক পৰিঘটনা। কিন্তু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ আৰম্ভ হোৱাৰে পৰা অ-প্রাকৃতিকভাৱে গেৰুকামুখ পাহাৰৰ ভূ-প্রাকৃতিক চৰিত্ৰ সলনি হৈয়ে আছে। এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ শ শ সৰু-বৰ সুৰংগ নির্মাণকৰাত সমগ্ৰ পাহাৰখন চালনিসদৃশ হৈ পৰিছে। পাহাৰখনৰ ওপৰত হাজাৰ হাজাৰ অ-বহনক্ষম সামগ্ৰী প্ৰয়োগৰ লগে লগে প্রকৃতিয়ে যে কেতিয়াও ভাৰসাম্য ৰক্ষা কৰি চলিব নোৱাৰে, এয়া বৈজ্ঞানিকভাৱেও প্ৰমাণিত। গেৰুকামুখ পাহাৰখনে ভূ-প্রাকৃতিক চৰিত্ৰ  সলনি কৰাৰ লগে লগে সম্প্ৰতি সোৱণশিৰি নদীয়ে নিজৰ চৰিত্ৰ আৰু গতি সম্পূৰ্ণৰূপে সলনি কৰিবলৈ লৈছে। এন এইচ পি চিয়ে বান্ধ নিৰ্মাণৰ বাবে সোৱণশিৰি নদীৰ মূলসুঁতিক ভেটা দি নদীখনৰ বাওঁপাৰে থকা গেৰুকামুখ পাহাৰত পাঁচটা বিৰাটকায় সুৰংগ নিৰ্মাণ কৰি নদীখনৰ পানীভাগ বোৱাই নিছে। ইয়াৰে এটা সুৰংগ বিগত বৰ্ষত সোৱণশিৰি নদীৰ অহৰহ হেঁচা আৰু ভূমিস্খলনত সম্পূৰ্ণৰূপে পোতখাই গৈছিল। আৰু পানী বৈ যোৱাও বন্ধ হৈ পৰিছিল। নদীখনে বিগত বৰ্ষত প্রায় ৫০ মিটাৰপৰ্যন্ত পাহাৰৰ অংশলৈ সেমাই গৈছিল। চলিত বৰ্ষৰ মে' মাহত সোৱণশিৰি নদীৰ প্ৰবল হেঁচা আৰু ভূমিস্খলনত পুনৰ আন এটা বিয়াগোম সুৰংগ পোত খাই গৈছিল আৰু উক্ত সুৰংগটো বন্ধ হৈ পৰিছিল। চলিত বৰ্ষৰ বৰ্ষাকাল আৰম্ভ হোৱাৰে পৰা সোৱণশিৰি নদীয়ে পাহাৰৰ মাটি খহাই খহাই বহু ভিতৰলৈ সোমাই গৈ আছে। উল্লেখনীয় যে, সোৱণশিৰি নদীয়ে যিটো অংশ খহাই আছে উক্ত অংশৰ কাষতে দেওনলা পাহাৰখন লাগি আছে আৰু দেওনলা পাহাৰখনৰ গাতে লাগি আছে এন এইচ পি চিৰ অধীনৰ ঠিকাদাৰী নিৰ্মাতা সংস্থা ছ'মা এণ্টাৰপ্ৰাইজৰ অস্থায়ী কলনি। ছ’মা এণ্টাৰপ্ৰাইজৰ কাৰ্যালয়ৰ কাষেৰে বৈ গৈছে দেওনলা পাহাৰৰ এটা সুঁতি যিটো সুঁতি হাতী দণ্ডি বুলিও খ্যাত আছিল। দেওনলা পাহাৰৰ আন দুটা সুঁতি দেওনলা পাহাৰৰ প্ৰথমটো সুঁতিৰ পৰা এক-ডেৰ কিলোমিটাৰ দূৰত্বত অৱস্থান কৰিছে। এটা সুঁতিৰ নাম হৈছে চাউলধোৱা নলা আৰু আনটো হৈছে দিপাই নলা । এই তিনিটা সুঁতিয়ে এক-দুই কিলোমিটাৰ নামনিলৈ বৈ গৈ পুনৰ সোৱণশিৰি নদীত বিলীন হৈছে। স্থানীয় বয়োজেষ্ঠ ব্যক্তিসকলে জনোৱা মতে, দেওনলা পাহাৰৰ লগত সোৱণশিৰি নদীখন ১৯৫০ চনৰ পূৰ্বে সংপৃক্ত আছিল। এই দেওনলা পাহাৰৰ ফালে বর্তমানে ধাৱমান হৈছে সোৱণশিৰি নদী। নদীখনৰ মূল সুঁতি বান্ধ নিৰ্মাণৰ নামত এন এইচ পি চিয়ে বন্ধ কৰি দিয়াৰ পাছত অশান্ত সোৱণশিৰি নদীয়ে দেওনলা পাহাৰৰ অতীতৰ উপ-সুঁতিলৈ ধাৱমানৰ পৰিঘটনাই স্থানীয় নৈপৰীয়া ৰাইজক শংকিত কৰি তুলিছে। কিয়নো দেওনলা পাহাৰৰ যি তিনিটা সুঁতি আছে আটাইবোৰ সুঁতিয়ে সক্ৰিয় হৈ আছে আৰু তিনিটা ৰ সুঁতিয়েই অতিকৈ খৰস্ৰোতা। যদিহে সোৱণশিৰি নদীয়ে দেওনলা পাহাৰৰ তিনিটা সুঁতিত সংলগ্ন হয় তেন্তে স্থানীয় জনসাধাৰণৰ বাৱে ই অতি ভয়ংকৰ হৈ পৰিব আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈও গভীৰ সংকট আনিব ।

No comments