Breaking News

হোৱাইট হাউছৰ গৰিহণা মোদীক প্ৰশ্ন সোধা সাংবাদিক ছাব্ৰিনা ছিদ্দিকিক


সদ্যহতে সমাপ্ত কৰা আমেৰিকা ভ্ৰমণত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰি চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে ‘দ্য ৱাল ষ্ট্রীট জার্নাল'ৰ ৰাজনৈতিক সাংবাদিক ছাব্রিনা ছিদ্দিকি। ছাব্ৰিনাৰ বিৰুদ্ধে অনলাইনত প্রচণ্ড আক্রমণ চলোৱাসকল ভাৰতীয় বুলি চিহ্নিত কৰি হোৱাইট হাউছে এনে আক্ৰমণক কঠোৰ ভাষাৰে মোদীক প্রশ্ন সোধা সাংবাদিক গৰিহণা দিছে। ছাব্রিনা ছিদ্দিকিয়ে প্রধানমন্ত্রী মোদীক সংখ্যালঘু আৰু গণতন্ত্ৰ সম্পৰ্কীয় প্রশ্ন কৰি মুলতঃ ভাৰতীয় নাগৰিকৰ পৰা উপর্যুপৰি আক্ৰমণৰ সন্মুখীন হৈছে। হোৱাইট হাউছে এগৰাকী সাংবাদিকৰ প্ৰতি এই ব্যক্তিগত আক্রমণক ‘চৰম অনলাইন নিগ্রহ' বুলি বৰ্ণনা কৰি এই নিগ্ৰহৰ বিৰুদ্ধাচৰণ কৰিছে। হোৱাইট হাউছৰ শীৰ্ষ বিষয়া জন কিৰ্বিয়ে 'ৱাল ষ্ট্রীট জার্নাল'ৰ প্ৰশ্নৰ প্ৰতি সহাঁৰি জনাই কৈছে যে, তেওঁলোকৰ এগৰাকী সাংবাদিক হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ বিষয়ে হোৱাইট হাউছ অৱগত। 'ৱাল ষ্ট্রীট জার্নালে' জনায়, তেওঁলোকৰ সাংবাদিক ছাব্রিনা ছিদ্দিকিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক প্রশ্ন কৰাৰ বাবে ভাৰতৰ ভিতৰৰ পৰা চৰম অনলাইন নিগ্ৰহৰ সন্মুখীন হৈছে। তেওঁক মুছলিম ধৰ্মাৱলম্বী হোৱাৰ বাবেও আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি সংবাদ পত্ৰখনে জনাইছে। ছাব্ৰিনাক মুলতঃ ভাৰতীয় নাগৰিকে অনলাইনত চলোৱা নিগ্রহক ধিক্কাৰ আৰু গৰিহণা দি হোৱাইট হাউছৰ শীৰ্ষ বিষয়া জন কির্বিয়ে কয়—‘এয়া মুঠেই গ্রহণযোগ্য নহয়। তেওঁক চলোৱা এই নিগ্রহক আমি গৰিহণা দিছো। যিকোনো পৰিস্থিতিত, যিকোনো স্থানত এগৰাকী সাংবাদিকৰ ক্ষেত্ৰত আমাৰ স্থিতি একেই, ছাৱিনাৰ ক্ষেত্ৰতো পৃথক নহয়। এনে নিগ্রহ কোনোমতেই গ্রহণযোগ্য নহয়। এয়া গণতান্ত্রিক মূল্যবোধৰ প্ৰতি আক্রমণ।' উল্লেখ্য, জন কিৰ্বি হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মুখ্য সমন্বয়ক। জন কিৰ্বিৰ এই বিবৃতিৰ পাছত হোৱাইট হাউছৰ পডিয়ামৰ পৰা হোৱাইট হাউছৰ প্ৰেছ সচিব কাৰেন জিন পিয়েৰে কয় – ‘মই জনে আগবঢ়োৱা বিবৃতিৰ পাছত আমাৰ স্থিতি আৰু পৰিষ্কাৰ কৰি জনাব বিচাৰিছো। আমি নিশ্চিতভাৱে হোৱাইট হাউছৰ প্ৰশাসনৰ অধীনত আছো আৰু আমি সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰতি পূৰ্ণৰূপত উৎসর্গীত। মুক্ত সাংবাদিকতাৰ স্বার্থতে আমি বিগত সপ্তাহত সংবাদমেল আয়োজন কৰিছিলো। ইয়াৰ লগতে আমি এগৰাকী সাংবাদিকক হোৱাইট ণ হাউছৰ সংবাদমেলৰ পাছত তেওঁৰ প্ৰশ্নৰ বাবে কৰা নিগ্রহক কঠোৰ ভাষাৰে গৰিহণা দিছো।'

    হোৱাইট হাউছত প্রধানমন্ত্রী মোদী মার্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে সংবাদমেলত উপস্থিত আছিল। ২০১৪ চনৰ পৰা বিগত দুটা কাৰ্যকালত কোনো সংবাদমেল আয়োজন নকৰা আৰু সাংবাদিকৰ পৰা আঁতৰি থকা একমাত্ৰ ভাৰতীয় প্ৰধানমন্ত্রী  হিচাপে অভিলেখ সৃষ্টি কৰা নৰেন্দ্ৰ মোদীক হোৱাইট হাউছত ছাব্রিনাই সুধিছিল—“বহু মানৱাধিকাৰ সংগঠনে ভাৰতত বৈষম্য হোৱা আৰু সমালোচকক মুখ বন্ধ কৰি ৰখা বুলি আলোচনা কৰে। আপোনালোকৰ চৰকাৰে ভাৰতত সংখ্যালঘু মুছলিম আৰু আন সংখ্যালঘুৰ অধিকাৰ সুনিশ্চিত কৰা তথা বাক স্বাধীনতাৰ অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব?' এই প্রশ্নৰ উত্তৰত মোদীয়ে ভাৰতত গণতন্ত্ৰ থকা আৰু সেইবাবেই কোনো বৈষম্য নথকা বুলি আওপকীয়া উত্তৰ দিছিল।এই প্রশ্নোত্তৰে ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু অনলাইনত ছাব্ৰিনাৰ বিৰুদ্ধে ভাৰতৰ পৰা উপর্যুপৰি আক্ৰমণৰ সূচনা হয়। এই আক্ৰমণৰ গুৰি ধৰে বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যই। তাৰ পাছতে বিজেপিৰ অগণিত ভক্ত আক্ৰমণত জঁপিয়াই পৰে। অৱশেষত এই আক্রমণ নিগ্ৰহলৈ পৰ্যবসিত হোৱাত 'ৱাল ষ্ট্রীট জার্নালে' হোৱাইট হাউছৰ হস্তক্ষেপ কামনা কৰে।

No comments