Breaking News

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্মবিৰতি পালনেৰে প্ৰতিবাদ সাব্যস্ত ন্যায়িক কৰ্মচাৰীৰ


মঙলবাৰে সমগ্ৰ ৰাজ্যজুৰি ন্যায়িক কৰ্মচাৰীসকলে পালন কৰিলে কৰ্মবিৰতি কাৰ্যসূচী।চৰকাৰে ন্যায়িক ৰিঙৰ কৰ্মচাৰীৰ দাবীক মান্যতা নিদিয়াৰ পৰিপ্ৰেক্ষিতত এদিনৰ বাবে অচল হৈ পৰে ৰাজ্যৰ ন্যায়ালয়সমূহ। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ অসহযোগ কর্মবিৰতি প্ৰতিবাদত মঙলবাৰে স্তব্ধ হৈ পৰে ন্যায় পালিকাসমূহৰ কাম-কাজ। উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া চেট্টী আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী নকৰাৰ প্ৰতিবাদতে ন্যায়িক কৰ্মচাৰীসকলে অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰে। ন্যায়িক কৰ্মচাৰীৰ প্ৰতিবাদৰ ফলত জিলা ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা সত্ৰ ন্যায়াধীশৰ আদাললৈ, পকছ' আদালতলৈ প্ৰতিখন ন্যায়পালিকাৰে কাম-কাজ দিনটোৰ বাবে স্তব্ধ হৈ পৰে। প্ৰতিখন জিলাতে কৰ্মচাৰী সংস্থাই অৱস্থান গ্ৰহণ কৰি ন্যায়িক কৰ্মচাৰীৰ প্ৰতি চৰকাৰৰ মাহী আইৰ দৃষ্টিভংগীৰ অভিযোগ তুলি বিক্ষোভ প্রদর্শন কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ সন্দৰ্ভত ন্যায়িক কৰ্মচাৰী সন্থাৰ সভাপতি মদন উপাধ্যায় আৰু সম্পাদক উৎপল কলিতাই কয়— ‘২০০৩ চনতে উচ্চতম ন্যায়ালয়ে দেশৰ ন্যায়িক কৰ্মচাৰীসকলৰ বাবে চেট্টী আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিছিল। উচ্চ ন্যায়ালয়সমূহক আয়োগৰ পৰামৰ্শাৱলী এবছৰৰ ভিতৰত কাৰ্যকৰকৰণৰ দিশটোক নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু উচ্চতম ন্যায়ালয়ৰ হুকুমৰ এটা দশক পাৰ হৈ যোৱাৰ পাছতো আজিলৈকে কাৰ্যকৰী কৰা নহ'ল। তদুপৰি উচ্চতম ন্যায়ালয়ে আন এটা গোচৰৰ ৰায়ত ২০১৭ চনত দ্বিতীয় ৰাষ্ট্ৰীয় ন্যায়িক দৰমহা আয়োগ গঠন কৰা হৈছিল। কিন্তু আয়োগে দৰমহা গাঁথনি সংশোধন কৰাৰ পাছতো অসমৰ ন্যায়িক কৰ্মচাৰীসকলে আঁসোৱাহপূৰ্ণ দৰমহাগাঁথনিৰ বাবে সুবিধাৰ পৰা বঞ্চিত হৈ আছে। কাৰ্যতঃ ৰাইজৰ ন্যায় প্রাপ্তিৰ বাবে কাম কৰা ন্যায়িক কৰ্মচাৰীসকল নিজেই এতিয়া ভুক্তভোগী হ'বলগীয়া হৈছে। নিযুক্তি আৰু পদোন্নতিৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা দূৰ কৰাৰ বাবে চৰকাৰে শীঘ্ৰে নতুন সেৱা বিধি প্ৰস্তুত কৰক। ষ্টেন’গ্ৰাফাৰ, চালক, ৰেকৰ্ড কীপাৰৰ বিশেষ বানচ, লোক আদালতৰ কৰ্মচাৰীৰ বাবে মূল বেতনৰ ৫ শতাংশ হাৰত পাৰিতোষিক প্ৰদান আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰা ২৫ শতাংশ হাৰত পদোন্নতি দিয়ক । চৰকাৰে যদিহে ন্যায়িক কৰ্মচাৰীৰ এই আন্দোলনলৈ গুৰুত্ব নিদিয়ে তেনেহ'লে আগষ্টৰ পৰা ধাৰাবাহিক গণ আন্দোলন কার্যসূচী গ্ৰহণ কৰা হ'ব। ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তৰ-গুৱাহাটীৰ জুডিচিয়েল চিটীলৈ স্থানান্তৰকৰণৰ বিৰোধিতাই মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছ'চিয়েশ্বনে অৱস্থান ধর্মঘট কাৰ্যসূচী গ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অর্ধশতাধিক অধিবক্তাই উচ্চ ন্যায়ালয়ৰ চৌহদত অৱস্থান গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তৰ গুৱাহাটীৰ ৰংমহলৈ স্থানান্তৰ কৰা সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহয় বুলিও স্পষ্ট কৰি দিয়ে। 

No comments