Breaking News

দুৱনি বিল প্ৰদূষিত কৰা উদ্যোগ বন্ধ কৰাৰ জাননী জাৰী প্রদূষণ নিয়ন্ত্রণ ব'ৰ্ডৰ

 


ৰাজ্যত বায়ু প্ৰদূষণৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে জল প্ৰদূষণ। প্ৰদূষণ ৰোধৰ বাবে লোৱা আৱৰ্জনা নিষ্কাষণৰ নিয়ম উলংঘা কৰা গুৱাহাটীৰ সোণাপুৰৰ এটা এলুমিনিয়াম উদ্যোগলৈ বন্ধৰ জাননী জাৰি কৰিছে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে। উদ্যোগটোৰ পৰা নির্গমন হোৱা বিষাক্ত ৰাসায়নিক দ্রব্য মিহলি বর্জ্য দুৱনি বিলত পেলোৱা বাবে বন্ধৰ জাননী জাৰি কৰিছে পৰিষদে। সোণাপুৰৰ তেতেলিয়াস্থিত হালক' এলুমিনিয়াম এক্সট্ৰছন নামৰ উদ্যোগলৈ ২২ জুনত বন্ধৰ জাননী জাৰি কৰে পৰিষদে। ১৭ জুনত পৰিষদৰ এটা দলে উক্ত উদ্যোগলৈ গৈ উদ্যোগটোৰ পৰা নিৰ্গমন হোৱা পদাৰ্থৰ নমুনা সংগ্ৰহ কৰিছিল। উক্ত নমুনাত যথেষ্ট ৰাসায়নিক বি দ্ৰব্য মিহলি হৈ থকাটো প্রমাণিত হয়। উক্ত বিষাক্ত দ্ৰব্য মিহলি দুৱনি বিলত পেলাই অহাৰ ফলত সাংঘাতিক ধৰণে প্ৰদূষিত হৈ পৰে বিলখন। ফলত বিলখনৰ বহু মাছ-কাছ মৃত্যুমুখত পৰে। পৰৱৰ্তী সময়ত ২২ জুনত প্ৰদূষণ পৰিষদৰ এটা দলে পুনৰ উদ্যোগটো পৰিদৰ্শন কৰে আৰু উদ্যোগটোৰ পৰা নিৰ্গমন হোৱা বিষাক্ত ৰাসায়নিক দ্ৰব্য মিহলি পদার্থ ইতিমধ্যে দুৱনি বিলৰ থ পানী দুষিত কৰাটো ধৰা পেলায়। তদুপৰি উদ্যোগটোৰ প্লাষ্টিক আৱৰ্জনা উপযুক্ত নিষ্কাষণৰ হৈ অভাৱ, বিপজ্জনক ৰাসায়নিক নির্গমন হোৱা আদি স্পষ্টভাৱে উন্মোচিত হোৱাৰ পাছতে ইয় পৰিষদে উদ্যোগটোলৈ তাৎক্ষণিকভাৱে বন্ধৰ জাননী জাৰি কৰে। উল্লেখ্য, কলং আৰু ডিগা নৈৰ সৈতে সংযুক্ত হৈ আছে দুৱনি বিল। বিভিন্ন আপুৰুগীয়া মাছ পোৱা যায় উক্ত বিলখনত ।

No comments