Breaking News

ইউকে-ইণ্ডিয়া সপ্তাহত যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী ঋষি চুনাকৰ অভ্যৰ্থনালৈ আমন্ত্ৰণ সোনম কাপুৰক



ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী সোনম কাপুৰক যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী ঋষি সুনকে ইউকে-ইণ্ডিয়া সপ্তাহত তেওঁৰ অভ্যৰ্থনাৰ বাবে আমন্ত্ৰণ জনাইছে।  ইউকেৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ চৰকাৰী বাসভৱন আৰু কাৰ্যালয়ত অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিব। ই ইণ্ডিয়া গ্লোবেল ফ'ৰামৰ ফ্লেগশ্বিপ ইভেণ্ট, ইউকে-ইণ্ডিয়া সপ্তাহৰ এটা অংশ, যি অনুষ্ঠান কালিৰে পৰা অৰ্থাৎ ২৬ জুনৰ পৰা ৩০ জুনলৈ লণ্ডনত অনুষ্ঠিত হৈছে। সোনম কাপুৰক ইউকে-ভাৰত সপ্তাহ উদযাপন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।

সোনম কাপুৰে ইউকে-ভাৰত সপ্তাহ-২০২৩ উদযাপন কৰিবলৈ ইউকে ভ্ৰমণ কৰিব। অভিনেত্ৰীগৰাকীক যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী ঋষি চুনাকে আমন্ত্ৰণ জনাইছে। ঋষি চুনাকে আয়োজন কৰিবলগা এই অভ্যৰ্থনা অনুষ্ঠানটো ১০ ডাউনিং ষ্ট্ৰীটত তেওঁৰ চৰকাৰী বাসভৱন আৰু কাৰ্যালয়ত অনুষ্ঠিত হ'ব।


অভিনেত্ৰীগৰাকীয়ে বিশ্বব্যাপী ভাৰত আৰু ইয়াৰ সাংস্কৃতিক প্ৰভাৱক প্ৰতিনিধিত্ব কৰিবলৈ ২৮ জুনত অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কালিৰে পৰা আৰম্ভ হোৱা এক সপ্তাহজোৰা এই কাৰ্যসূচীত ৰাজনীতি, বাণিজ্য, ব্যৱসায়, স্থিৰতা, অন্তৰ্ভুক্তি আৰু উদ্ভাৱনকে ধৰি গুৰুত্বপূৰ্ণ বিষয়বোৰ ৰখাৰ বাবে এক মঞ্চ প্ৰদান কৰি এই দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া অংশীদাৰীত্বক সন্মান আৰু শক্তিশালী কৰাৰ প্ৰচেষ্টা চলাই আহিছে।

No comments