Breaking News

২৯ জুনত মণিপুৰলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী



ডিজিটেল ডেস্কঃ ২৯ জুনত হিংসাজৰ্জৰিত মণিপুৰলৈ আহিব কংগ্ৰেছ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী।  কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে  মণিপুৰ ভ্ৰমণ কৰিব। মঙলবাৰে এই কথা জানিবলৈ দিয়ে দলটোৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে। ৰাহুল গান্ধীয়ে ৰাজ্যখনত স্থাপন কৰা সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰিব আৰু তেওঁৰ ভ্ৰমণকালত ইম্ফল আৰু চুৰাচান্দপুৰৰ নাগৰিক সমাজৰ প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপ কৰিব বুলিও লগতে বেণুগোপালে উল্লেখ কৰে। উল্লেখ্য যে মণিপুৰত ৩ মে'ৰ পৰা অস্থিৰ অৱস্থা চলি আছে। অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন মণিপুৰ (এটিএছইউএম)ৰ প্ৰতিবাদী শোভাযাত্ৰাৰ পিছত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল। তেতিয়াৰ পৰাই ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাত  ১০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাব লগা হৈছে।

No comments