Breaking News

সাংবাদিক ৰৌফৰ ৰহস্যজনক মৃত্যুৰ আঁৰত কাৰ হাত ?

 


ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হত্যা,হিংসা, অপহৰণ,মাৰ-পিট আদিৰ দৰে ঘটনা।ৰাজ্যত সংবাদ মাধ্যমৰ সৈতে জড়িত  সংবাদ জগতৰ লগত জড়িত লোক অৰ্থাৎ সংবাদসেৱী তথা সংবাদিক দুষ্কৃতিকাৰীৰ দ্বাৰা হত্যা, আক্ৰমণ আদিৰ বলি হৈ অহা কোনো নতুন ঘটনখ নহয়। সাংবাদিক হত্যাৰ তালিকাত অতি উদ্বেগজনকভাৱে কালি আৰু এটা নাম সংযোজিত হ'ল আন এজন সাংবাদিকৰ । শেহতীয়াভাৱে কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত হাতীপাৰা গাঁও নিৱাসী এজন প'ৰ্টেল সাংবাদিক তথা পাঞ্জাৱ নেশ্যনেল বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ অপহৃত স্বত্বাধিকাৰী আব্দুল ৰৌফ আলমগীৰৰ কালি মৃতদেহ উদ্ধাৰৰ মর্মান্তিক ঘটনাই ৰাজ্যৰ সংবাদসেৱী মহলৰ লগতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য, ২৪জুনৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ থকা আব্দুল ৰৌফ আলমগীৰ নামৰ সংবাদসেৱীজনৰ মৃতদেহ কালি ছয়গাঁও সমষ্টিৰ জামবাৰীৰ কলহী নৈত উদ্ধাৰ হয়৷ লক্ষ্যণীয় যে এক চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ বলি হোৱা সংবাদকর্মীজনক দুস্কৃতিকাৰীয়ে অতি নিৰ্মমভাৱে হত্যা কৰি কলহী নৈত পেলাই দিছিল। আজি ১নং জামবাৰীৰ বাইমুঢ়াত কলহী নৈৰ পানীত ঘটা মৃতদেহ ওপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে ওচৰৰ জামবাৰী আৰক্ষীক। মৃতদেহ উদ্ধাৰৰ পাছতে লোকে-লোকাৰণ্য হৈ পৰে ঘটনাস্থলী। পাছত উক্ত স্থানত জামবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহৰ ডিঙিত ৰচীৰে চেপি হত্যা কৰা বুলি স্পষ্ট চিন আৰু কান কটা অৱস্থাত থকা মৃতদেহটো উদ্ধাৰ কৰে লগতে সেয়া অপহৃত আব্দুল ৰৌফ আলমগীৰৰ মৃতদেহ বুলি পৰিয়ালৰ লোকে স্পষ্ট কৰে। তেনে অৱস্থাত জামবাৰী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি বকো থানালৈ লৈ যায় আৰু বকো থানাৰ পৰা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। ছয়গাঁও সমষ্টিৰ জামবাৰীত প্রায় দুবছৰ ধৰি পাঞ্জাৱ নেচনেল বেংকৰ গ্ৰাহক সেৱা কেন্দ্র চলাই অহা সাংবাদিক আব্দুল ৰৌফ আলমগীৰ শনিবাৰৰ সন্ধিয়াৰ পৰা অপহৃত হোৱা বুলি সন্দেহ কৰি পৰিয়ালৰ লোকে জামবাৰী আৰক্ষী চকীত এজাহাৰ দাখিলৰ পাছতে জামবাৰী আৰু বকো থানাৰ আৰক্ষীয়ে মুটীয়াভাবে অভিযান চলাইছিল দুর্বৃত্তক কৰায়ত্তৰ বাবে। পিচে আলমগীৰক উদ্ধাৰৰ বাবে আৰক্ষীৰ অভিযান অব্যাহত থকা অৱস্থাতে অতি নির্দয়ভাৱে দুষ্কৃতিকাৰীয়ে হত্যা কৰি নদীত পেলাই দিয়া অৱস্থাত আজি সাংবাদিকজনৰ মৃতদেহ উদ্ধাৰ হয়।

সাংবাদিক হত্যাত বিভিন্ন সংবাদসেৱী সংগঠনৰ গৰিহণা ৰাজ্যজুৰি চাঞ্চলাৰ সৃষ্টি কৰা যুৱ সাংবাদিক আব্দুল ৰৌফ আলমগীৰৰ লোমহর্ষক হত্যাকাণ্ডৰ সৈতে জড়িত থকা দোষীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে বকো প্ৰেছ ক্লাবে। সাংবাদিকজনক হত্যা কৰা ঘটনাক বকো প্ৰেছ ক্লাবে তীব্রভাষাৰে গৰিহণা দি বকো প্ৰেছ ক্লাবৰ তৰফৰ গভীৰ শোক প্রকাশ কৰি লগতে পৰিয়ালৰ লোকক সমবেদনা প্রকাশ কৰি মৃতকৰ আত্মাৰ সদগতি কামনা কৰে। ইফালে, সাংবাদিক আব্দুল ৰৌফ আলমগীৰক অপহৰণ কৰি নি হত্যা কৰা ঘটনাক তীব্রভাষাৰে গৰিহণা দিছে আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুয়ে। আপকুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি স্বপন কুমাৰ ৰাভা, কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য আৰু সম্পাদকপ্ৰধান শৰৎ শেনচোৱাই এক বিবৃতিযোগে সাংবাদিক আব্দুল বৌফ আলমগীৰক অপহৰণ কৰি পাছত পৰিকল্পিতভাৱে হত্যা কৰা ঘটনাটোক গৰিহণা দি এই হত্যাকাণ্ডটোৰ এক উচ্চপৰ্যায়ৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰ আৰু প্রশাসনক দাবী জনাইছে। তদুপৰি, আপকুৰ কামৰূপ জিলা সমিতিয়েও সাংবাদিকজনৰ হত্যাৰ ঘটনাক নিন্দা কৰিছে। আপকুৰ কামৰূপ জিলা সমিতিৰ সভাপতি হাছানুল আহমেদে সাংবাদিকজনক এনেদৰে অপহৰণ কৰি নি নৃশংসভাৱে হত্যা কৰা অপৰাধী চক্ৰটোক শীঘ্ৰে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবলৈ ৰাজ্যৰ গৃহ বিভাগক দাবী জনাইছে। তদুপৰি, জি কে এছ প্ৰেছ ক্লাব, নগৰবেৰা সাংবাদিক সন্থা আদিৰ লগতে বিভিন্ন সংবাদসেৱী সংগঠনে সাংবাদিক হত্যাৰ এই ঘটনাক গৰিহণা তথা নিন্দা কৰিছে। 

      বৃহত্তৰ বকো-ছয়গাঁও অঞ্চলত শিল-বালি মাফিয়াৰ তাণ্ডৱ দীর্ঘদিনে অব্যাহত আছে।

সাংবাদিক আব্দুল ৰৌফৰ মৃত্যুৰ আঁৰত শিল-বালি মাফিয়াৰ হাত থকাৰ সম্ভাৱনা নুই কৰা নাই আৰক্ষীৰ উচ্চস্তৰীয় সূত্রই। এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে যুদ্ধকালীন তৎপৰতাৰে তদন্ত চলাই আছে। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে আব্দুল ৰৌফৰ মৃত্যুৰ প্রকৃত কাৰণ আৰু ইয়াৰ আঁৰত শিল-বালি মাফিয়াৰ হাত থকা-নথকা সন্দৰ্ভত নিশ্চিত হ'ব পৰা যাব বুলি সদৰী কৰিছে উচ্চস্তলীয় সূত্ৰটোৱে।

     পাঁচদিন ধৰি নিৰুদ্দেশ বন্ধ হৈ থকা মাজচুবা (দমৰাপোতা) গাঁৱৰ জোঁৱাই তথা ৰঙিয়াৰ বাসিন্দা সুৰেশ দাসৰ মৃতদেহ আজি পুৱা বটিয়ামাৰি নৈৰ পানীৰ প্রা যুৱলিত উদ্ধাৰ হয়। জানিব পৰা মতে, বুধবাৰে নিশা সুৰেশ দাস নামৰ লোকজনে ছিপাঝাৰৰ কৰ্মস্থলীৰ পৰা দমৰাপোতাৰ পত্নীৰ  ঘৰলৈ ৰাওনা হয় । এই বিষয়ে পত্নীৰ সৈতে সেইদিনা সন্ধিয়া ৮ মান হৈ বজাত সুৰেশ দাসে ফোনত কথা পাতিছিল। তাৰ পাছৰে পৰা সুৰেশ দাসৰ ফোন বন্ধহৈ পৰে। ঘৰ আহি নোপোৱাত বৃহস্পতিবাৰে মহ পত্নীয়ে বিষয়টো কলাইগাঁও থানাত অৱগত কৰিছিল। শুকুৰবাৰে বে দিনত দমৰাপোতা পথৰ কাষেৰে বৈ যোৱা নলা এটাত হেলমেট এটা স্থানীয় লোকে দেখা পায় আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ নলাত অভিযান চলাই নলাৰ পৰা বা সুৰেশ দাসৰ বাইকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও সুৰেশ দাসৰ ঘৰি সন্ধান নাপালে । আজি পুৱা বটিয়ামাৰি নৈৰ পানীৰ যুৱলিত মৃতদেহ চৰ এটি স্থানীয় লোকে প্রত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে । আৰক্ষীয়ে বি মৃতদেহটো উদ্ধাৰ কৰি সুৰেশ দাসৰ বুলি চিনাক্ত কৰে আৰক্ষীয়ে। মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছতহে সুৰেশ দাসৰ মৃত্যুৰ স কাৰণ জানিব পৰা যাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

No comments