Breaking News

অসমৰ সাত লক্ষ্যাধিক‌ লোক ড্ৰাগছৰ কৰাল গ্ৰাসত‌ঃ ৰাষ্ট্ৰসংঘৰ সমীক্ষাত প্ৰকাশ


অসম তথা অসমৰ নৱ-প্ৰজন্মৰ ভৱিষ্যত আজি কোন দিশে??সোমবাৰে সমগ্র বিশ্বৰ লগতে অসমতো পালন কৰা হ'ল আন্তৰ্জাতিক ড্রাগছ বিৰোধী দিৱস।বৰবিহস্বৰূপ ড্ৰাগছে সমাজক গ্ৰাস কৰি পেলোৱাই নহয়, যুৱ-প্ৰজন্মক পংগু কৰি পেলাইছে। উঠি অহা প্ৰজন্মটোক নিঃশেষ কৰা ড্রাগছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাছতেই বিগত দুটা বছৰে অসম আৰক্ষীয়ে নিৰবিচ্ছিন্নভাৱে ড্রাগ্‌ছবিৰোধী অভিযান অব্যাহত ৰাখিছে। ড্রাগছৰ বিৰুদ্ধে চলা অভিযানৰ বাবে এনডিপিএছ আইনৰ অধীনত ৰুজু হোৱা গোচৰৰ ক্ষেত্ৰত অসম দেশৰ দহখন শীৰ্ষ ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে চিহ্নিত হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসম আৰক্ষীয়ে এডিপিএছ আইনৰ অধীনত ৬,২১৭টা গোচৰ ৰুজু কৰি ১০,৩৫৮জন ড্রাগ্‌ছ মাফিয়া- সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কিৰবলৈ সক্ষম হৈছে। অৱশ্যে ই আন্তর্জাতিক ড্রাগ্‌বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা ড্রাগ্‌ছ সেৱনকাৰীৰ সমীক্ষাত অসমৰ আন এক উদ্বেগজনক ছবি উন্মোচন হৈছে। ইউনাইটেড নেশ্যন্‌ছ অফিচ অন ড্রাগ্‌ এণ্ড ক্রাইম চমুকৈ ইউএনঅ’ডিচিৰ ৱ'ৰ্ল্ড ড্রাগ্‌ ৰিপ'ৰ্টৰ তথ্য অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ২.২১ শতাংশই মাৰাত্মক ড্রাগ কৱলত পৰিছে। অর্থাৎ ৰাষ্ট্ৰসংঘৰ সমীক্ষা অনুসৰি অসমৰ প্ৰায় ৭.৫ লাখ লোকেই আসক্ত হৈ পৰিছে ড্রাগ। ম্যানমাৰৰ পৰা ড্রাগ্‌ উ সৰবৰাহৰ ট্ৰেনজিত পইণ্ট হিচাপেও অসমক চিহ্নিত কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ এই সমীক্ষাই স্বাভাৱিকভাৱেই অসমৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে অশনি বার্তা কঢ়িয়াই আনিছে। বিশেষকৈ ম্যানমাৰৰ পৰা মিজোৰাম হৈ সৰবৰাহ হোৱা হেৰ'ইন, ব্ৰাউন ছুগাৰ, য়াবা টেবলেট ইত্যাদি বিভিন্ন নিচাযুক্ত দ্রব্য তথা ড্রাগছে অসমৰ এটা প্ৰজন্মক পংগুত্বৰ মুখলৈ ঠেলি দিছে। এনচিইআৰবিৰ তথ্য অনুসৰি অসমত এনডিপিএছ এক্টৰ অধীনত অসম আৰক্ষীয়ে ২০১৮ চনত ৪৫৫টা ণ গোচৰ, ২০১৯ চনত ৮২৮টা গোচৰ, ২০২০ চনত ৯৮০টা গোচৰ, ২০২১ চনত ২,২৭১টা গোচৰ আৰু ২০২২ চনত ২,৮৭৮টা গোচৰ বা পঞ্জীয়ন কৰিছে। লক্ষণীয়ভাৱে অসমৰ যুৱ-প্ৰজন্মক নিঃশেষ কৰা ড্রাগছ প্ৰচলনৰ আঁৰত অসম আৰক্ষীৰ বিৰুদ্ধেও অভিযোগ উঠে। কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্রাগমুক্ত নির্দেশ নিদিয়া পর্যন্ত ই অসম আৰক্ষীয়ে ৰহস্যজনকভাৱে ড্রাগছৰ বিৰুদ্ধে নিয়মমাফিক অভিযান চলায়েই দায়িত্ব সামৰিছিল। অর্থাৎ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ৰ পৰাই সেউজ সংকেত লাভ কৰি প্ৰতিখন জিলাৰ আৰক্ষীয়ে কমিচন লৈ ড্রাগ্‌ছ সৰবৰাহ তথা অসমত প্ৰচলনৰ বাট মুকলি কৰি দিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই শ শ ড্রাগ্‌ছ মাফিয়া তথা সৰবৰাহকাৰী গ্ৰেপ্তাৰ হোৱা ঘটনাই মাফিয়াৰ সৈতে আৰক্ষীৰ গোপন বুজাবুজিৰ দিশটোকে উন্মোচন কৰিছে। অৱশ্যে ড্রাগছৰ দৰে বৰবিহ মদেও গাঁৱে-ভূঞে ছানি ধৰাত যুৱ-প্ৰজন্মক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে যদিও একেজন মুখ্যমন্ত্রী হিমন্ত বিশ্ব  শৰ্মাই ওলোটাই মদৰ পৰা আবকাৰী ৰাজহ সংগ্ৰহ কৰি অৰুণোদয়  আঁচনিত হিতাধিকাৰীৰ মুখত হাঁহি বিৰিঙাইহে তুলিছে। অথচ সুৰাই লাখ লাখ পৰিয়ালৰ জীৱন দুর্বিষহ কৰি তুলিছে।

No comments