Breaking News

সমষ্টি নিৰ্ধাৰণ দিশত এখোজ আগবাঢ়িল নিৰ্বাচন আয়োগঃ সলনি হ'ব অসমৰ বহু কেইটা লোকসভা সমষ্টিৰ নাম


দেশৰ নিৰ্বাচন আয়োগে মঙলবাৰে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা ৰাজহুৱা কৰিছে। ৰাজ্যত এতিয়া নতুনকৈ সমষ্টি গঠনৰ দিশত এখোজ আগবাঢ়িল নির্বাচন আয়োগ। নির্বাচন আয়োগৰ খচৰা অনুসৰি বিধানসভা আৰু লোকসভা সমষ্টিৰ সংখ্যা একেই থাকিব যদিও সমষ্টিসমূহৰ সীমা সালসলনি ঘটোৱাৰ লগতে সমষ্টিৰ নাম নতুনকৈ নামকৰণ কৰিছে। লোকসভা সমষ্টিৰ ক্ষেত্ৰত মঙলদৈ, কলিয়াবৰ আৰু তেজপুৰ সমষ্টিৰ নাম নতুনকৈ নামকৰণৰ প্ৰস্তাৱ দিয়া হৈছে। সেই অনুসৰি পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টিৰ নতুন নাম হ'ব দৰং। একেদৰে কলিয়াবৰ লোকসভা সমষ্টিৰ নতুন নাম হ'ব কাজিৰঙা আৰু তেজপুৰ লোকসভা সমষ্টিৰো নতুন নাম শোণিতপুৰ কৰা হৈছে। প্ৰস্তাৱিত খচৰা অনুসৰি অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত কোকৰাঝাৰ আৰু ডিফু সমষ্টিক অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰাৰ বিপৰীতে শিলচৰ লোকসভা সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰিছে। সেই অনুসৰি নতুন খচৰা মতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভিতৰত থাকিব ৯টা বিধানসভা সমষ্টি। সেই ৯টা বিধানসভা সমষ্টি হৈছে গোসাঁইগাঁও, দতমা (এছ টি), কোকৰাঝাৰ (এছ টি), বাওগুংগ্রি, পৰ্বতঝোৰা, ছিদলি চিৰাং (এছ টি), বিজনী, গোবৰ্ধনা আৰু বাগ্‌সা (এছ টি)। ধুবুৰী লোকসভা সমষ্টিত ১১টা বিধানসভা সমষ্টি অন্তর্ভুক্ত হ'ব। সেই বিধানসভা সমষ্টিত কেইটা হৈছে— গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, মানকাচৰ, বিলাসীপাৰা, দক্ষিণ শালমাৰা, জলেশ্বৰ, পূব গোৱালপাৰা, মানিকপুৰ, মন্দিয়া আৰু চেঙা সমষ্টি। আনহাতে বৰপেটা লোকসভা সমষ্টিৰ ভিতৰত থাকিব ১০টা বিধানসভা সমষ্টি। সেই কেইটা বিধানসভা সমষ্টি হৈছে ক্ৰমে—অভয়াপুৰী, বঙাইগাঁও, ভৱানীপুৰ, বৰপেটা (এছ চি ), ৰূপসী, বজালী, হাজো (এছ চি), বৰক্ষেত্ৰী,নলবাৰী আৰু টিহু। একেদৰে দৰং লোকসভা সমষ্টিত থাকিব ১১টা বিধানসভা সমষ্টি। উক্ত বিধানসভা সমষ্টি কেইটা হৈছে ক্ৰমে তামুলপুৰ, গোৰেশ্বৰ, ৰঙিয়া, কমলপুৰ, ভেৰগাঁও, ওদালগুৰি (এছ টি), মাজবাট, টংলা, ছিপাঝাৰ মঙলদৈ আৰু দলগাঁও সমষ্টি। গুৱাহাটী লোকসভা সমষ্টিতো পূৰ্বৰ বিপৰীতে কিছু সাল সলনি কৰি নতুন সমষ্টি অন্তর্ভুক্ত কৰা হৈছে। গুৱাহাটী লোকসভা সমষ্টিৰ অধীনত থাকিব মুঠ ১০টা বিধানসভা সমষ্টি। উক্ত বিধানসভা সমষ্টি কেইটা হৈছে ক্ৰমে—পশ্চিম গোৱালপাৰা (এছ টি), দুধনৈ (এছ টি), ছমৰীয়া, বকো (এছ টি), পলাশবাৰী, দিছপুৰ, ডিমৰীয়া (এছ চি ), নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল আৰু জালুকবাৰী সমষ্টি। গুৱাহাটী লোকসভা সমষ্টিত নতুনকৈ ডিমৰীয়া বিধানসভা সমষ্টি অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে পশ্চিম গুৱাহাটী আৰু পূব গুৱাহাটী সমষ্টিৰ নাম সলনি কৰি নিউ গুৱাহাটী আৰু গুৱাহাটী চেণ্ট্ৰেল কৰা হ'ল। তদুপৰি পূৰ্বে এছ চিৰ বাবে সংৰক্ষিত থকা বকো সমষ্টিক এছ টিৰ বাবে সংৰক্ষিত কৰা হৈছে। আনহাতে জনজাতিৰ বাবে সংৰক্ষিত ডিফু লোকসভা সমষ্টিৰ অধীনত থাকিব ৬টা বিধানসভা সমষ্টি। এই বিধানসভা সমষ্টি কেইটা হৈছে ক্রমে- বোকাজান (এছ টি), হাওৰাঘাট (এছ টি), ডিফু (এছ টি), ৰংথাং (এছ টি), আমৰি (এছ টি) আৰু হাফলং (এছ টি) সমষ্টি। একেদৰে কৰিমগঞ্জ লোকসভা সমষ্টিৰ অধীনতো থাকিব ৬টা বিধানসভা সমষ্টি। সেই বিধানসভা সমষ্টি কেইটা হৈছে - হাইলাকান্দি, আলগাপুৰ, বদরপুর, নর্থ কৰিমগঞ্জ, চাউথ কৰিমগঞ্জ আৰু ৰাতাবাৰী (এছ চি)। অনুসূচিত জাতিৰ বাবে সংৰক্ষিত শিলচৰ লোকসভা সমষ্টিৰ অধীনত থাকিব ৭টা বিধানসভা সমষ্টি। এই সমষ্টি কেইটা হৈছে ক্ৰমে— লক্ষীপুৰ, উদৰবন্দ, কাটিগৰাহ, বখলা, শিলচৰ, সোণাই আৰু নৰসিংপুৰ (এছ চি ) । নগাঁও লোকসভা সমষ্টিতো থাকিব ৮টা বিধানসভা সমষ্টি। এই বিধানসভা সমষ্টি কেইটা হৈছে— জাগীৰোড, (এছ চি), লাহৰীঘাট, মৰিগাঁও, বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি, নগাঁও আৰু বহা (এছ চি)। কাজিৰঙা লোকসভা সমষ্টিৰ অধীনত থাকির ১০টা বিধানসভা সমষ্টি। সেই কেইটা সমষ্টি হৈছে ক্ৰমে—কলিয়াবৰ, বঢ়মপুৰ, বিন্নাকান্দি, হোজাই, লামডিং, গোলাঘাট, দেৰগাঁও, বোকাখাত, খুমটাই আৰু সৰুপথাৰ সমষ্টি। একেদৰে নতুনকৈ নামকৰণ কৰা শোণিতপুৰ লোকসভা সমষ্টিৰ অধীনত থাকিব ৯টা বিধানসভা সমষ্টি। সেই বিধানসভা সমষ্টি কেইটা হৈছে— ঢেকীয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা, চতিয়া, বিশ্বনাথ, বিহালী (এছ চি), গহপুৰ আৰু বিহপুৰীয়া সমষ্টি। ইফালে ৯টা বিধানসভা সমষ্টি থাকিব লখিমপুৰ লোকসভা সমষ্টিত। সেই বিধানসভা সমষ্টি কেইটা হৈছে— ৰঙানদী, নাওবৈচা (এছ চি), লখিমপুৰ, ঢকুৱাখানা (এছ টি), ধেমাজি (এছ টি), চিচিবৰগাঁও, জোনাই (এছ টি), শদিয়া আৰু ডুমডুমা সমষ্টি। খচৰা অনুসৰি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অধীনত থাকিব মুঠ ১০টা বিধানসভা সমষ্টি। সেই কেইটা বিধানসভা সমষ্টি হৈছে—মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়া, চাবুৱা, ডিব্ৰুগড়, মৰাণ, দুলীয়াজান, টিংখাং আৰু নাহৰকটীয়া সমষ্টি। একেদৰে যোৰহাট বিধানসভা সমষ্টিৰ ভিতৰত থাকিব ১০টা বিধানসভা সমষ্টি। সেই কেইটা সমষ্টি হৈছে ক্ৰমে- সোণাৰি, মাহমৰা, ডিমৌ, শিৱসাগৰ, নাজিৰা, মাজুলি (এছ টি), টীয়ক, যোৰহাট, মৰিয়নি আৰু তিতাবৰ । 

No comments