Breaking News

সমষ্টি পুনৰ নিৰ্ধাৰণত বটদ্ৰৱাৰ পৰা পৃথক হ'ল শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা


ৰাজ্যত দ্ৰুতগতিত আগবাঢ়িছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম।সমষ্টি পুনৰ নিৰ্ধাৰণে বটদ্ৰৱা সমষ্টিৰ পৰা পৃথক কৰিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাক। ইয়াকে লৈ নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্রশ্ন উঠিছে— বিজেপিৰ সমষ্টি পুনৰ নিৰ্ধাৰণে প্ৰকৃততে কাৰ স্বাৰ্থ সুৰক্ষিত কৰিব। উল্লেখ্য, সমষ্টি পুনৰ গঠনৰ প্রকাশিত খচৰাত নগাঁও জিলাৰ পৰা  বিলুপ্ত হৈছে ধিং আৰু যমুনামুখ বিধানসভা সমষ্টি। তাৰ বিপৰীতে  হোজাই মহকুমাক সামৰি সৃষ্টি কৰা কৰিলে হৈছে বিন্নাকান্দি নামৰ এক নতুন বিধানসভা সমষ্টি। অসমীয়া জাতীয় জীৱনৰ খনিকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ জন্মস্থান বটদ্ৰৱাৰ নামেৰে থকা বটদ্ৰৱা সমষ্টি পুনৰ গঠনৰ নামত এই সমষ্টিটো চিৰ দিনৰ বাবে ধর্মীয় সংখ্যালঘু ভোটাৰক গটাই দিব বিচৰা হৈছে। সমষ্টিটোৰ অন্তৰ্গত বটদ্ৰৱা থানৰ বৰহিচা । সৰুহিচাকে ধৰি বটদ্ৰৱা গাঁও পঞ্চায়ত, ভোমোৰাগুৰি, আইভেটি, ৰাইদঙীয়া, নিজ হাতীচোং পঞ্চায়ত আদি এক বৃহৎ অঞ্চল নতুনকৈ নগাঁও বিধানসভা সমষ্টিত অন্তৰ্ভূক্ত কৰা হৈছে। এতিয়াৰ পৰা বটদ্ৰৱা - সমষ্টিত নাথাকিব বটদ্ৰৱা থান। বটদ্ৰৱা সমষ্টিত নাথাকিব থলুৱাৰ আধিপত্য। ইফালে, অনুসূচীত জাতিৰ বাবে সংৰক্ষিত ৰহা সমষ্টিত । অন্তৰ্ভুক্ত কৰা হৈছে বৰ্তমানৰ নগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত  পাখিমৰীয়া আৰু খাগৰিজান ব্লকৰ বৃহৎ অংশ। এই অঞ্চল সমূহত অধিকাংশ অসমীয়া সাধাৰণ জাতিৰ লোকে বসবাস কৰে আৰু এই অঞ্চল সমূহৰ ভোটাৰে ১৯৮৫ চনৰে পৰা নগাঁও সমষ্টিত অগপ প্রার্থী একেলেথাৰিয়ে বিজয়ী হৈ অহাত আৰু শেহতীয়া ভাবে দুবাৰকৈ বিজেপি প্রার্থী বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এই न অঞ্চল সমূহ নগাঁও সমষ্টিৰ পৰা কাটি লৈ যোৱাত বিজেপি প্রার্থী পৰৱৰ্তী নিৰ্বাচনত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। তদুপৰি সমষ্টিৰ সীমা সলনিয়ে ভোটাৰ সকলৰ মাজত ক্ষোভৰ উদ্‌গীৰণ ঘটোৱাৰ আশংকা নুই কৰিব নোৱাৰি। শাসকীয় বিজেপিৰ শত্ৰু স্বৰূপ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ২০০১ চনৰে পৰা প্ৰতিনিধিত্ব কৰি অহা চামগুৰি বিধানসভা সভা সমষ্টিৰ নতুন ৰসীমাৰ পৰা একাংশ হিন্দু তথা অসমীয়া ভোটাৰ থকা গাঁও বঢ়মপুৰ আৰু আন বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰি সমষ্টিটোত একাংশ নতুন সংখ্যালঘু প্রধান এলেকা সংযোজন কৰা কাৰ্যই কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক লাভান্বিত কৰাৰ সম্ভাৱনা আছে। বিজেপিয়ে চামগুৰি ৰকিবুলক চিৰদিনৰ বাবে উপহাৰ দিলে নেকি ৰাজনৈতিক মহলত চৰ্চা হৈছে। ইফালে, থলুৱা অসমীয়া লোকৰ একক ভাবে প্রভুত্ব চলি অহা বঢ়মপুৰ বিধানসভা সমষ্টিৰ পৰা বৃহৎ অসমীয়া বসতি প্রধান অঞ্চল কাটি তাৰ বিপৰীতে হোজাই মহকুমাৰ কিছুমান নতুন অঞ্চল বঢ়মপুৰত সংযোগ কৰা কাৰ্যই পৰৱৰ্তী সময়ত সমষ্টিটোৰ গৰিমা কিমান অটুট ৰাখিব পাৰিব তাক লৈ সন্দেহ সৃষ্টি হৈছে। অৱশ্যে সমষ্টি পুনৰ নিৰ্ধাৰণে একাংশ লোকক সন্তুষ্টি দিলেও অধিকাংশ লোকেই যে ।সন্তুষ্টি লাভ কৰিব পৰা নাই সেয়া নিশ্চিত। সমষ্টি পুনৰ নিৰ্ধাৰণত ফাচীবজাৰক দিছপুৰ সমষ্টিৰ লগত অন্তৰ্ভুক্ত কৰা হ'ল। সমষ্টি পুনৰ ৰ নিৰ্ধাৰণে নক্সা সলনি কৰিলে হাজো মসষ্টি। হাজো বিধান সভা সমষ্টি ৰ হ'ব অনুসূচীত জাতিৰ বাবে সংৰক্ষিত। পূৰ্বৰ গুৱাহাটী লোকসভা সমষ্টিৰ পৰিবৰ্তে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হ'ব হাজো । সমান্তৰালকৈ কলিতাকুছি গাঁও পঞ্চায়তৰ হীৰাজেনী, কেতেকীবাৰী আৰু উখুড়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত উখুড়া, মোখনীয়া, বৰচিতালী, কেতেকীবাৰী, হেলচা, মনাহকুচি, বাহানা, হাদলা, বাগটা, দিহিনা, । জাপিয়া, একাদি আৰু হৈনাদী হাজো বিধানসভাত নাথাকিব। । বিপৰীতে শুৱালকুছি উন্নয়ন খণ্ড হাজো সমষ্টিৰ অন্তৰ্গত হ'ব যদিও পছৰীয়া বৰিজনী পথাৰ হাজোত অন্তৰ্ভুক্ত নহয়। বেজেৰা উন্নয়ন খণ্ডৰ লাচিত গড় গাওঁ পঞ্চায়তৰ অন্তৰ্গত এলেকা সমূহ, ধোপতৰী গাওঁ পঞ্চায়তৰ কৰৈবাৰী আৰু ৰুদ্ৰেশ্বৰ গাওঁ পঞ্চায়তৰ গৌৰীপুৰ অন্তৰ্ভুক্ত হ'ব হাজোত। 

No comments