Breaking News

গুৱাহাটী- ডিব্ৰুগড়ৰ মেডিকেল কলেজলৈ সুখবৰঃ ৫ বছৰলৈ স্বীকৃতি বাহাল এন‌.এম.চিৰ


 অৱশেষত গুৱাহাটী আৰু ডিব্ৰুগড় মেডিকেল কলেজলৈ সুখবৰ আহিল।গুৱাহাটী মেডিকেল কলেজ আৰু অসম মেডিকেল কলেজ ডিব্ৰুগড়ৰ স্বীকৃতি বাতিলৰ অনিশ্চয়তা আঁতৰিল। নেশ্বনেল মেডিকেল কমিচনে অসমৰ মুখ্য মেডিকেল কলেজ দুখনৰ স্বীকৃতি বাতিলৰ জাননী জাৰি কৰিছিল যদিও অৱশেষত বুধবাৰে দুয়োখন মেডিকেল কলেজৰে হেৰুওৱা স্বীকৃতি ৫ বছৰলৈ বাহাল ৰাখিছে এনএমচিয়ে । উল্লেখ্য, এনএমচিৰ পৰ্যবেক্ষকৰ দলে বিগত ২৩ জানুৱাৰীত গুৱাহাটী মেডিকেল কলেজ আৰু ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজত ছাডেন ভিজিট চলাইছিল। এই আকস্মিক পৰিদৰ্শত দুয়োখন মেডিকেল কলেজৰ অধ্যাপকসকলৰ অধিকাংশৰে আধাৰ ভিত্তিক বায়'মেট্ৰিক ফিংগাৰ এটেনডেন্স লাভ কৰা নাছিল । অর্থাৎ মেডিকেল কলেজ দুখনৰ অধ্যাপকৰ অনুপস্থিতিৰ দিশটোক পোহৰলৈ অনাৰ লগতে চিচি টিভি বিকলকে ধৰি কেতবোৰ বিসংগতি ধৰা পেলাইছিল। ফলত নেশ্বনেল মেডিকেল কমিচনে ২০ মে'ত দুয়োখন মেডিকেল কলেজ কর্তৃপক্ষলৈ স্বীকৃতি বাতিলৰ সকীয়নি দি নতুনকৈ পঞ্জীয়নৰ বাবে আৰ্জি দিয়াৰ সুযোগ প্ৰদান কৰিছিল। ইয়াৰ পাছতেই দুয়োখন মেডিকেল কলেজৰ কৰ্তৃপক্ষই নতুনকৈ আবেদন দর্শাই নেশ্বনেল মেডিকেল কমিচনৰ দ্বাৰস্থ হোৱাত ৭ জুনত এনএমচিৰ অধ্যক্ষ ড° সুৰেশ চন্দ্ৰ শৰ্মাৰ অধ্যক্ষতাত শুনানি সম্পন্ন হয়। সেই শুনানিত সন্তুষ্ট হৈ নেশ্বনেল মেডিকেল কমিচনে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ আৰু গুৱাহাটী মেডিকেল কলেজৰ ৫ বছৰলৈ স্বীকৃতি প্ৰদান কৰে। এনএমচিয়ে অসম মেডিকেল কলেজৰ ১৭০খন আসন আৰু গুৱাহাটী মেডিকেল কলেজৰ ১৫৬খন আসনৰ স্বীকৃতি বাহাল ৰাখিছে। লক্ষণীয়ভাৱে একেই অভিযোগত লখিমপুৰৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰো এনএমচিয়ে স্বীকৃতি বাতিল কৰা বুলি চৰ্চা লাভ কৰিছিল।

No comments