Breaking News

ৰাজ্যৰ ১৩৯খন কলেজলৈ উচ্চতৰ মাধ্যমিকত ৭৫ শতাংশতকৈ কম ছাত্ৰ- ছাত্ৰী উত্তীৰ্ণ হোৱাৰ কাৰণ দৰ্শোৱাৰ জাননী জাৰী


উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ পূৰ্বতকৈ হ্ৰাস পোৱা অৰ্থাৎ ফলাফল নিম্নগামী শিক্ষানুষ্ঠানৰ আৰু শিক্ষকৰ বিৰুদ্ধে এইবাৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে শিক্ষা বিভাগ । উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বেয়া ফলাফল প্ৰদৰ্শন কৰা শিক্ষানুষ্ঠানৰ শিক্ষকৰ এতিয়া বিপদ নিশ্চিত হৈ পৰিছে। চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭৫ শতাংশতকৈ কম হোৱা ৰাজ্যৰ ১৩৯খন ডিগ্রী কলেজলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে উচ্চ শিক্ষা সঞ্চালকে। উচ্চ শিক্ষাৰ সঞ্চালকে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত নিম্ন ফলাফল প্ৰদৰ্শন কৰা শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীক বেয়া ফলাফলৰ কাৰণ বাখ্যা কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ  দিছে। লক্ষণীয়ভাৱে এইবাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলত ডিগ্ৰী মহাবিদ্যালয়সমূহতকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ ফলাফল বহুত উন্নত আছিল। ডিগ্রী মহাবিদ্যালয়ৰ শিক্ষকে ইউজিচি নিৰিখত দৰমহা তথা অন্যান্য সা-সুবিধা লাভ কৰাৰ পাছতো ছাত্ৰ-ছাত্ৰীক পাঠদানত পিঠি দিয়াৰ অভিযোগ দীৰ্ঘদিনীয়া। যাৰ পৰিণতিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত ১৩৯খন কলেজত ৭৫ শতাংশতকৈ কম ছাত্ৰ- ছাত্ৰীহে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। অতি উদ্বেগজনকভাৱে এইসমূহ মহাবিদ্যালয়ৰ ৯খনৰে উত্তীৰ্ণৰ হাৰ ৩০ শতাংশতকৈ কম। ওদালগুৰিৰ টংলা কলেজৰ উত্তীৰ্ণৰ হাৰ আটাইতকৈ তলত। মহাবিদ্যালয়খনৰ উত্তীৰ্ণ হাৰ মাত্ৰ ১৯.৪ শতাংশ আৰু ওদালগুৰি কলেজৰ উত্তীৰ্ণৰ হাৰ ২০.৩৮ শতাংশ। তদুপৰি ধুবুৰীৰ চিলাৰায় কলেজৰ উত্তীৰ্ণৰ হাৰ ২১.৬১ শতাংশ, গোৱালপাৰাৰ লক্ষীপুৰ কলেজৰ ২১.৮৭ শতাংশ, বৰপেটাৰ মন্দিয়া আঞ্চলিক কলেজৰ ২৩.৯১ শতাংশ, শোণিতপুৰৰ সঞ্জী এলজিবি গাৰ্লছ কলেজৰ ২৪.৮১ শতাংশ, ধুবুৰীৰ সপটগ্রাম কলেজৰ কলি ২৭.৮ শতাংশ, কোকৰাঝাৰৰ গোসাঁইগাঁও কলেজৰ ২৮.২৭ শতাংশ আৰু নগাঁৱৰ ৰূপহী কলেজৰ উত্তীৰ্ণ হাৰ ২৯.৩১ শতাংশ। একেদৰে ২২খন মহাবিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ৩০-৪০ শতাংশৰ ভিতৰত । ইয়াৰ ভিতৰত অন্যতম তেজপুৰ কলেজৰ উত্তীৰ্ণৰ হাৰ ৩৯.৮১ শতাংশ, পৰা লামডিং কলেজৰ ৩৯.৬৭ শতাংশ, বাপুজি কলেজৰ ৩৫.৮৯ শতাংশ । আনহাতে, উচ্চ শিক্ষা সঞ্চালকৰ পৰা শ্ব'কজ লাভ কৰা আন মহাবিদ্যালয়সমূহৰ অন্যতম হৈছে ছিপাঝাৰ কলেজ ৪২.১৫ শতাংশ, কিছু টিংখাং কলেজ ৪২.০৭ শতাংশ, সোণাৰী কলেজ ৪১.৫৪ শতাংশ, ডিব্ৰু কলেজ ৪২.৯৪ শতাংশ, মৰিয়নি কলেজ ৪৯.৩৮ শতাংশ, সৰুপথাৰ কলেজ ৫০.১৮ শতাংশ, ৰহা কলেজ ৪৯.৮৮ শতাংশ, নর্থ গুৱাহাটী কলেজ ৫২.৩১ শতাংশ, এছ বি দেওৰা কলেজ ৫০.৮৯ সৈ শতাংশ, মঙলদৈ কলেজ ৫০.৬৮ শতাংশ, বজালী কলেজ ৫৮.৩৩ শতাংশ, বৰপেটাৰ এমচি কলেজ ৬৫.৯৯ শতাংশ, শিৱসাগৰ কমাৰ্চ কলেজ ৭২.৯৭ শতাংশ, পাণ্ডু কলেজ ৭১.১২ শতাংশ আৰু প্রাগজ্যোতিষ কলেজ ৭৪.২১ শতাংশ। কাৰণ দশোৱাৰ জাননীৰ সন্দৰ্ভত মহাবিদ্যালয় কৰ্তৃপক্ষই দিয়া উত্তৰত সন্তুষ্ট নহ'লেই, শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও শিক্ষা বিভাগে সদৰী কৰিছে।

No comments