Breaking News

শক্তিপীঠ কামাখ্যা দেৱালয়ত আৰম্ভ অম্বুবাচী মহাযোগঃ তিনি দিনৰ বাবে বন্ধ থাকিব মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ


অসমৰ প্ৰাচীনতম শক্তি আৰাধনাৰ স্থলী শ্ৰী শ্ৰী কামাখ্যা দেৱালয়ত  বৃহস্পতিবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অম্বুবাচী মহাযোগ।সন্ধিয়া আৰতি আৰু যাৱতীয় পূজা অৰ্চনা কৰাৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ দৰ্শনৰ বাবে তিনিদিনৰ বাবে বন্ধ ৰখা হৈছে। মাজনিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত প্ৰবৃত্তি আৰম্ভ হৈছে আৰু ২৬ জুনৰ দিনা বা পুৱা নিবৃত্তিৰ পাছত কামাখ্যাৰ যাৱতীয় ৰীতি-নীতি অনুসৰি নিত্য স্নান, পূজা কৰাৰ পাছতহে মন্দিৰৰ দুৱাৰ ভক্তৰ দৰ্শনৰ বাবে খোলা হব। ইতিমধ্যে প্রতিকুল বতৰক নেওচিও বাহিৰৰ পৰা অহা দেশী - বিদেশী ভক্তৰ ভীৰবে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে কামাখ্যা দেৱালয়সহ সমগ্র নীলাচল পাহাৰ। চুবুৰীয়া  দেশ নেপাল, ভুটান, বাংলাদেশৰ উপৰিও জার্মানকে ধৰি ইউৰোপৰো কেবাখনো দেশৰ পৰা আহিছে কিছু সংখ্যক বিদেশী ভক্ত। ইতিমধ্যে সেই বিদেশী  ভক্তসকলে কামাখ্যা দেৱালয় চৌহদত পূর্ব নির্ধাৰিত সূচী অনুসৰি তেওঁলোকৰ নিজা নিজা পাণ্ডাৰ ঘৰত আশ্ৰয় লোৱাৰ লগতে তাত থকা অতিথিশালাত বাহৰ পাতি যাবতীয় পূজা অৰ্চনা কৰা দেখা ধন গৈছে। ইফালে কামাখ্যা দেৱালয়ৰ বৰদেউৰী সমাজৰ বৰদলৈ ক্ৰীন্দ্ৰ আছে প্ৰসাদ শৰ্মাই সদৰি কৰা অনুসৰি প্ৰথম বাৰৰ বাবে এইবেলি কামাখ্যা তা দেৱালয়ৰ লগতে নীলাচল পাহাৰত অম্বুবাচী মহাযোগত বাহিৰৰ পৰা ভক্তৰ থকা - খোৱাৰ বাবে কোনো ধৰণৰ শিবিৰ নাইবা খাদ্য যোগানৰ ল ব্যৱস্থা ৰখা হোৱা নাই। ভক্তক কেৱল পানী বা জুছ জাতীয় পানীয়হে ছে যোগান ধৰা হব। কেৱল দর্শনামি আখৰাত কিছু সংখ্যক সাধু- পৰা সন্ন্যাসীক ৰখাৰ ব্যৱস্থা কৰা হৈছে। তেনেদৰে বাহিৰৰ পৰা অহা ভক্তৰ নে একাংশই মন্দিৰ চৌহদত নানান বেশ-ভূশা পৰিধান কৰি দেৱীক আৰাধনা কৰাৰ লগতে বিভিন্ন যোগ প্রদর্শন কৰি আন ভক্তক আকর্ষণ কৰা পৰিলক্ষিত হৈছে। অৱশ্যে প্ৰতিকূল বতৰ, মালিগাৱঁৰ পৰা কামাখ্যাগেটলৈকে চলি থকা উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্যৰ বাবে হৈ থকা ভীষণ যানজট, নীলাচল পাহাৰত ভক্তৰ থকা - খোৱাৰ ব্যৱস্থা নৰখা আদি কাৰণৰ বাবে এইবেলি অম্বুবাচীৰ প্ৰথম দিনটোত আন বছৰৰ তুলনাত ভক্তৰ ভিৰ বহু কম হোৱা পৰিলক্ষিত হৈছে। আনহাতে অম্বুবাচী মহাযোগ যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ, মহানগৰ, আৰক্ষী কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লগতে অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝাকে ধৰি আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলে মন্দিৰ চৌহদত বাহৰ পাতি পৰিস্থিতি তদাৰক কৰি আছে। মন্দিৰৰ দুৱাৰ খোলাৰ পাছতো ২৬ আৰু ২৭ জুনত মন্দিৰ দৰ্শনৰ বাবে ভিভিআইপি, ভিআইপি আৰু বিশেষ দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব। বাহিৰৰ পৰা অহা ভক্তৰ বাবে পাণ্ডু নদী বন্দৰ আৰু কামাখ্যা ৰেল ষ্টেচনত দুটা শিবিৰ স্থাপন কৰা হৈছে। দুয়োটা শিৰিত পর্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। সন্ধিয়া কামাখ্যা ৰেল ষ্টেচনত স্থাপন কৰা শিবিৰটো মুকলি কৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অম্বুবাচী মহাযোগৰ ব্যৱস্থাপনা শক্তিশালী কৰাৰ বাবে মন্দিৰ সংযোগী পথৰ নামনি কামাখ্যা, প্রশান্তি লজ আৰু ভি আই পি পার্কিং স্থানত ২৪ ঘণ্টাৰ সেৱাৰ বাবে তিনিটা যৌথ নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হৈছে। ভক্তৰ বাং গতিবিধি আৰু নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে অতিৰিক্ত চি চি টি ভি কেমেরা স্থাপন কৰা হৈছে। বৃহস্পতিবাৰে বিয়লিৰ পৰা কামাখ্যা মন্দিৰ সংযোগী পথত সকলো ধৰণৰ যান বাহনৰ চলাচল বন্ধ ৰখা হৈছে আৰু এই ব্যৱস্থা ২৬ জুনৰ সন্ধিয়া পর্যন্ত অব্যাহত থাকিব। কেৱল কোনো ভক্ত অসুস্থ হলে বা দিবাংগ ভক্তৰ বাবে সীমিত সংখ্যক বাহন জৰুৰী সেৱাৰ বাবে ব্যৱহৃত হব। নিশা ৯ বজাৰ পাছত কোনো ভক্তকে মন্দিৰ সংযোগী পথত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই।বাহিৰৰ পৰা অহা ভক্তৰ বাবে প্রধান শিবিৰটো পাণ্ডু নদী বন্দৰত স্থাপন কৰা হৈছে। তাত প্ৰায় দহ হাজাৰ ভক্তই আশ্ৰয় লব পাৰিব। ইয়াৰ উপৰি কামাখ্যা ৰেল ষ্টেচনত স্থাপন কৰা শিবিৰত সৰ্বাধিক চাৰি হাজাৰ ভক্তই আশ্ৰয় লব পাৰিব। তাত ভক্তৰ বাবে খোৱা, থকা, শৌচালয় আদিৰ ব্যৱস্থা কৰা হৈছে। অম্বুবাচী মহাযোগ সুচাৰুভাবে সম্পন্ন কৰাৰ বাবে আৰক্ষী, জিলা প্ৰশাসনকে ধৰি প্ৰায় দুই হাজাৰ বিষয়া - কৰ্মচাৰী নিয়োজিত কৰা হৈছে বুলি জিলা প্ৰশাসনৰ সূত্ৰই সদৰি হ কৰিছে। এইবাৰ মালিগাঁৱত নিৰ্মাণৰত অৱস্থাত থকা উৰণীয়া সেঁতুৰ বাবে যান বাহন ৰাখিবৰ বাবে সোণাৰাম খেলপথাৰ আৰু মালিগাঁও বৰিপাৰা খেলপথাৰত পার্কিংঙৰ ব্যৱস্থা কৰা হৈছে। বৃহস্পতিবাৰৰ পৰা গুৱাহাটীলৈ অহা আন্তঃজিলা সেৱাৰ বাছ, ট্ৰাক সমূহ জালুকবাৰীৰ পৰা দীনেশ গোস্বামী পথৰে গুৱাহাটীত প্ৰৱেশত বাধা আৰোপ কৰা হৈছে । মাজনিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ কেৱল তিনিচকীয়া অটোভানহে গুৱাহাটীত প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে। ইফালে, অম্বুবাচী মহাযোগৰ সময়চোৱাত হোৱা ভক্তৰ অত্যধিক সমাগমৰ প্ৰতি লক্ষ্য ৰাখি সকলো যানবাহনৰ চালককে পথ-সুৰক্ষাৰ  নীতি-নির্দেশনাসমূহ সঠিকভাৱে মানি চলিবলৈ আহ্বান জনাইছে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে। এই সময়চোৱাত সকলোকে পবিত্রতা আৰু সংযম ৰক্ষা কৰি চলিবলৈ আহ্বান জনাই পথ-সুৰক্ষাৰ বাবে মানি চলিবলগীয়া বিভিন্ন নীতি-নির্দেশনাসমূহ সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে। গৌতম দাসে অম্বুবাচীৰ সময়চোৱাত যানবাহন চলাওঁতে কোনোৱে যাতে ৰাগিয়াল দ্ৰব্য সেৱন কৰি অথবা অত্যধিক বেগত গাড়ী চলাই অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ আৰু যাবতীয় বিধি মানি নিয়ন্ত্রিত গতিবেগত ছীটবেল্ট, হেলমেট পৰিধান কৰি বাহন চলাবলৈ অনুৰোধ জনোৱা হৈছে।

No comments