Breaking News

৩ অসম সন্তানৰ স্বৰ্ণ পদক জয় কমনৱেলথ গেমছৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত

 


অসমবাসীৰ বাবে গৌৰৱৰ ক্ষণ।কমনৱেলথ্ ভাৰোত্তোলন চেম্পিয়নশ্বিপত বৃহস্পতিবাৰে তিনি অসম সন্তানে কঢ়িয়াই আনিলে স্বর্ণপদক।মহিলাৰ (ছিনিয়ৰ) ৫৯ কিলোগ্রাম শাখাত শিৱসাগৰৰ পপী হাজৰিকাই মুঠ ১৮৯ কিলোগ্রাম উত্তোলন কৰি শীৰ্ষস্থানত থকাৰ বিপৰীতে আন দুটা স্বর্ণপদক লাভ কৰে ডিব্ৰুগড়ৰ বেদৱত ভৰালী আৰু চৰাইদেউৰ সিদ্ধান্ত গগৈয়ে। উল্লেখ্য, ভাৰোত্তোলনৰ ক্ষেত্ৰখনত এয়া হৈছে অসমৰ শ্রেষ্ঠ প্রদর্শন। তাছখণ্ডত অনুষ্ঠিত ২০২১ চনৰ কমনৱেন্থ ভাৰোত্তোলনত ৰূপৰ পদক লাভ কৰা ২৪ বছৰীয়া পপীয়ে এইবাৰৰ প্রতিযোগিতাত সেটচত ৮৪ কিলোগ্ৰাম আৰু ক্লীন এণ্ড জাৰ্কত ১০৫ কিলোগ্ৰাম উত্তোলন কৰিছিল। আনহাতে, যুৱ শাখাৰ (ল'ৰা) ৬৭ কিলোগ্রাম শাখাত বেদব্রত ভৰালীয়ে সেটচত ১২১ কিলোগ্ৰাম আৰু ৰ ক্লীন এণ্ড জাৰ্কত ১৪৮ কিলোগ্রাম উত্তোলন কৰে। জুনিয়ৰ ল'ৰাৰ ৬১ কিলোগ্রাম শাখাত সিদ্ধান্ত গগৈয়ে সেটচত ১১২ কিলোগ্ৰাম আৰু ক্লীন এণ্ড জাকত ১৪৮ কিলোগ্রাম ওজন উত্তোলনেৰে স্বৰ্ণপদক লাভ কৰে ।

    উল্লেখ্য, উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাৰ গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত অনুষ্ঠিত টুর্নামেণ্টখনৰ বুধবাৰৰ প্ৰথম দিনটোত ভাৰতে তিনিটা স্বর্ণপদকৰ লগতে দুটা ৰূপৰ পদক লাভ কৰে। ১৬ জুলাইত সামৰণি পৰিবলগীয়া টুর্নামেণ্টখনত ভাগ লৈছে ২০খন দেশৰ ২৫০ গৰাকী ভাৰোত্তোলকে।

No comments