Breaking News

মহাবাহু ব্ৰহ্মপুত্ৰৰ পানীৰে ভৰিব দীপৰ বিল


অসমৰ এখন অন্যতম জলাশয় ৰামচা চাইট হিচাপে খ্যাত দীপৰ বিলৰ জৈৱ বৈচিত্ৰ আৰু পাৰিপাৰ্শ্বিকত বৰ্তাই ৰখাৰ স্বাৰ্থত দীপৰ বিললৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী বৈ অহাৰ বিশেষ সু-ব্যৱস্থা গ্ৰহণ কৰিছে জলসম্পদ বিভাগে। দীপৰ বিলৰ প্ৰদূষণ প্ৰতিৰোধ আৰু জলধাৰাৰ ভাৰসাম্যতা ৰক্ষাৰ স্বাৰ্থতেই লুইতৰ পানী বোৱাই অনাৰ পদক্ষেপ লোৱা বুলিও বিভাগীয় কর্তৃপক্ষই প্ৰকাশ কৰিছে। বানমুক্ত গুৱাহাটীৰ নামত শেহতীয়াকৈ মহানগৰীৰ ভৰলু, বশিষ্ঠ-বাহিনী নৈৰ আৱৰ্জনাযুক্ত পানী পামহী নৈৰে কঢ়িয়াই অনা নলা দীপৰ বিলৰ সৈতে সংযুক্ত কৰা হৈছে। ফলত দীপৰ বিলৰ পানীৰ প্ৰদূষণময় হৈ পৰাত উৎকট দুর্গন্ধই চৌপাশ ছানি ধৰাৰ লগতে বিষাক্ত হৈ উঠিছে। আনকি দীপৰ বিলৰ প্ৰদূষণমুক্ত পানীয়ে বিলখনৰ জৈৱ-বৈচিত্ৰ ধ্বংস কৰিছে। পূৰ্বতে বাৰিষা ব্ৰহ্মপুত্ৰৰ পানীৰ সোঁত স্বাভাৱিকভাৱে দীপৰ বিললৈ বৈ আহিছিল আৰু খৰালিৰ বিলৰ উপচি পৰা পানী খনাজান নদীৰে নাতি দূৰৈৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ বুকুলৈ নিৰ্গত হৈছিল। কিন্তু কিছু বছৰ ধৰি জলসম্পদ বিভাগে লুইতৰ পানী বৈ অহা তথা বিলৰ পানী ওলাই যোৱাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল। ব্ৰহ্মপুত্ৰৰ পানী বৈ আহিলে দীপৰ বিলৰ পানী পৰিস্কাৰ হোৱাৰ লগতে বিলৰ জীৱকুলৰ প্ৰতি অনুকূল হিচাপে বিবেচনা কৰা হয়। কিন্তু ব্ৰহ্মপুত্ৰ আৰু দীপৰ বিলৰ সংযোগস্থলত খনামুখত জলসম্পদ বিভাগে শুইছ গেট স্থাপন কৰি স্বাভাৱিক পানী প্ৰৱাহত বাধা সৃষ্টি কৰি আহিছিল । শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে দীপৰ বিলক প্ৰদূষণমুক্ত নি কৰি সংৰক্ষণৰ বাস্তৱ পদক্ষেপ গ্ৰহণৰ পোষকতা কৰিছিল। সেই সূত্রেই জসম্পদ বিভাগে এতিয়া দীপৰ বিললৈ লুইতৰ পানী নিবিচ্ছিন্নভাৱে বৈ অহাৰ বিশেষ পদক্ষেপ হাতত লৈছে। বুধবাৰে মন্ত্ৰী পীযূষ হাজৰিকাই খনামুখৰ জানপাৰত জলসম্পদ বিভাগৰ শুইছ গেটেৰে লুইতৰ পানী দীপৰ বিললৈ বোৱাই অনাৰ কাৰিকৰী দিশটো নিৰীক্ষণ কৰে। এই সন্দৰ্ভত মন্ত্ৰী হাজৰিকাই উল্লেখ কৰিছে এইদৰে — ‘গুৱাহাটীখনৰ পাৰিপাৰ্শ্বিক পৰিৱেশ বৰ্তাই ৰখাৰ অন্যতম উৎস দীপৰ বিলক ৰক্ষা কৰিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বদ্ধপৰিকৰ। সেয়েহে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত খনামুখত উপস্থিত হৈ শুইচ গেটৰ জৰিয়তে বিলখনৰ পানী সোমোৱাৰ ব্যৱস্থাৱলী পৰ্যবেক্ষণ কৰো। এই ব্যৱস্থাৰ জৰিয়তে দীপৰ বিলৰ পানী ১.৫ মিটাৰ উচ্চতালৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। আনহাতে, উক্ত ব্যৱস্থাৰ মাজেৰে বিলখনৰ ঐতিহ্য, সৌন্দর্য তথা ইয়াৰ স্বকীয়তাক ৰক্ষা কৰাৰ প্ৰয়াস হাতত লোৱা হৈছে।' উল্লেখ্য মন্ত্ৰী হাজৰিকাৰ পৰিদৰ্শন কালত কুইন ওজা, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাকে ধৰি আন আন বিষয়াসকলে উপস্থিত থাকে। অৱশ্যে শুইছ গেটেৰে ব্ৰহ্মপুত্ৰৰ পানী দীপৰ বিললৈ বৈ অহাৰ ব্যৱস্থা কৰিলেও ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ আহ্বান জনাইছে দীপৰ বিলৰ সুৰক্ষাৰ বাবে মাত মাতি অহা পৰিৱেশ কৰ্মী প্ৰমোদ কলিতাই। লুইতৰ পানীৰ সৈতে স্বাভাৱিকভাৱে দীপৰ বিলৰ সংযোগ থাকিলেহে বিলখন প্ৰদূষণমুক্ত হ'ব বুলিও সদৰী কৰিছে প্রকৃতিপ্রেমীজনে। 

No comments