Breaking News

চন্দ্ৰযান-৩ বিশেষ দায়িত্বত অসমৰ অভিযান্ত্ৰিক বিজ্ঞানী চয়ন দত্ত


অসমবাসীৰ বাবে এক সু-খবৰ।সমগ্র দেশ আৰু ৰাজ্যখনৰ বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য মুহূৰ্তৰ সূচনা কৰিবলগীয়া চন্দ্ৰযান-৩ অভিযানৰ  উৎক্ষেপণ নিয়ন্ত্রণ অভিযান পৰিচালনা কৰিব এজন অসমীয়া অভিযান্ত্রিক বিজ্ঞানীয়ে। তেওঁক এই ব্যৱস্থাৰ উপ-সঞ্চালক হিচাপে ইতিমধ্যে নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে, এই বিজ্ঞানীজন হৈছে লখিমপুৰ জিলাৰ সন্তান চয়ন দত্ত। মহাকাশ বিভাগৰ ইউ আৰ ৰাও ছেটেলাইট চেণ্টাৰত বিজ্ঞানী, অভিযন্তা হিচাপে কৰ্মৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰ'নিক্স আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ প্ৰাক্তন ছাত্ৰ দত্তৰ ওপৰত ন্যস্ত হৈছে ‘অন বৰ্ড কমাণ্ড টেলিমেট্রি, ডাটা হেণ্ডলিং এণ্ড ষ্ট'ৰেজ ছিষ্টেম। লেণ্ডাৰ, চন্দ্ৰয়ান-৩ৰ উপ-প্রকল্প সঞ্চালকৰ দ্বায়িত্ব । উল্লেখ্য যে ‘কমাণ্ড এণ্ড ডাটা হেণ্ডলিং ছিষ্টেম হৈছে মূলতঃ অবিৰ্টাৰৰ মগজু আৰু ই মহাকাশযানৰ সকলো কাৰ্য নিয়ন্ত্ৰণ কৰে। দেশৰ তৃতীয় চন্দ্ৰ অভিযান চন্দ্রযান-তখন দেশৰ মহাকাশ গৱেষণা সংস্থাই (ইছৰো ল ভেহিকল মার্ক-১৩ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা ১৪ জুলাইত উৎক্ষেপণ কৰাৰ পৰিকল্পনা কৰা হৈছে। সমগ্ৰ বিশ্বৰে দৃষ্টি নিৱদ্ধ হোৱা এই অভিযানৰ অতি গুৰুত্বপূৰ্ণ দায়িত্বত নিয়োজিত হোৱা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজ্ঞানী দত্তই কয়— ‘এই দায়িত্ব নিষ্ঠাৰে ৰূপায়ণ কৰিবলৈ পাই মই ধন্য হোৱাৰ লগতে সংশ্লিষ্ট সকলোকে কৃতজ্ঞতা জনাইছো। এই অভিযান আমাৰ দেশ আৰু বিশ্বৰ বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটিৰূপে চিহ্নিত হৈ ৰ'ব।' উল্লেখযোগ্য যে, বিজ্ঞানী দত্ত আৰু সমগ্ৰ দলটোক শুভেচ্ছা জনাই তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিঙে কয় যে এই মহত্ত্বপূৰ্ণ অভিযানৰ প্ৰক্ৰিয়াই মহাকাশ অন্বেষণৰ প্ৰতি দেশৰ দায়ৱদ্ধতা উন্মোচিত কৰাই নহয়, লগতে দেশৰ ভিতৰৰ ব্যতিক্রমী প্রতিভা আৰু পাৰদৰ্শিতাকো উজলাই তুলিছে। সমগ্র দেশ, অসমবাসী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ বাবে এয়া এক গৌৰৱ মুহূর্ত বুলিও তেওঁ উল্লেখ কৰে। 

No comments