Breaking News

অনাগত ৫ দিনত উত্তৰ-পূৰ্বাঞ্চলত প্ৰায়বোৰ ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা বতৰ বিজ্ঞানীৰ


যোৱা জুন মাহৰ দ্বিতীয় সপ্তাহৰ আৰম্ভণিতে দক্ষিণ-দক্ষিণ পশ্চিম মৌচুমী বায়ু অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনত প্ৰবেশ কৰাৰ পাছত এটা মাহতকৈয়ো অধিক দিন অসমকে ধৰি উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যতে বেছিভাগ ঠাইতে কম-বেছি পৰিমাণে বৰষুণ হৈ আছে। আনকি ভূটান, অৰুণাচল প্ৰদেশ আৰু মেঘালয় সীমান্ত অসমৰে সংলগ্ন অঞ্চলসমূহৰ বেছিভাগ ঠাইতে মজলীয়াৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈছে। যাৰবাবে জুন মাহৰ মাজভাগত ভুটান সীমান্তত হোৱ প্ৰল বৃষ্টিপাতৰ বাবে বেকী, মানাহ, পাগলাদিয়াকে ধৰি ভূটানৰ পৰা অসমল নামি অহা আটাইকেইখন নৈ ফেনে ফুটুকাৰে ওফন্দি উঠি বানপানীৰ সৃষ্টি কৰিছিল ইফালে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰে সদৰি কৰা অনুসৰি আগন্তুক পাঁচদিনত অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ উপৰিও কেবাখনো ৰাজ্যত বেছিভাগ ঠাইতে কম-বেছি পৰিমাণে বৰষুণ হ'ব। ইয়াৰ মাজতে কিছু কিছু ঠাইত মজলীয়াৰ পৰা ধাৰাষাৰ পৰিমাণৰ আৰু দুই এঠাইত গাজনী, ঢেৰেকনীৰ সৈতে প্ৰবল বৃষ্টিপাত পাব। বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি উত্তৰ ভাৰতৰ কেবাখনো ৰাজ্যত মৌচুমী বায়ুৰ প্ৰভাৱত বিগত তিনি-চাৰিদিন ধৰি হৈ থকা বৰষুণ আৰু ইয়াৰ প্ৰভাৱত সৃষ্টি হোৱা বতৰৰ পৰিঘটনাৰ বাৱে বিহাৰ হৈ সাগৰপৃষ্ঠৰ পৰা মাত্র ৯০০ মিটাৰ ওপৰেৰে মেঘ অৰুণাচল প্ৰদেশ অভিমুখে গতি কৰিছে ইয়াৰ ফলত মঙলবাৰে অসমসহ উত্তৰ পূবৰ কেবাখনো ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈ পৰিছে। ইয়াৰ প্ৰভাৱত ইতিমধ্যেই অসম অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়কে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈছে আৰু আগন্তুক পাঁচটা দিনত ঠাইবিশেষে প্রবল বৃষ্টিপাত হ'ব বুলি আগতীয়া সতর্কতা জাৰি কৰিছে। আগন্তুক পাঁচটা দিনত অসম মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল সমূহৰ কেতবোৰ ঠাইত প্রবল বৃষ্টিপাত হ'ব। বিশেষকৈ ভূটান সীমান্তৱৰ্তী অঞ্চল আৰু উত্তৰ পূবৰ অসমৰ বিভিন্ন ঠাইত বৰষুণৰ একোপ বৃদ্ধি পাব। বতৰ বিজ্ঞান কেন্দ্ৰই অহা ১৫ জুলাই পর্যন্ত বৰযুগ হ'ব বুলি আগতীয়া সতর্কতা জাৰি কৰিছে । ইফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ বৰষুণ হোৱাৰ সম্ভাৱনা যদি বাস্তবত পৰিগণিত হয় তেন্তে উত্তৰ অসমৰ লগতে অৰুণাচল প্রকোপ আৰু ভূটানৰ পাদদেশৰ এক বিস্তীর্ণ অঞ্চল পুনৰ বানৰ কবলত পৰাটো। নিশ্চিত প্ৰথমটো বানৰ কবলত হাবু-ডাবু খোৱা বানাগ্ৰস্ত ৰাইজে পৰিস্থিতি কিছু স্বাভাবিক হোৱাৰ পৰিপ্ৰেক্ষিতত স্বস্তিৰ নিশ্বাস এৰিছিল। কিন্তু এতিয়া বতৰ বিজ্ঞানীসকলে কৰা সতৰ্কবাণী অনুসৰি ধাৰাসাৰ বৰষুণৰ হ'লে বান পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে।

No comments