Breaking News

অতি শীঘ্ৰেই টাৱাঙ ভ্ৰমণ কৰিব‌ তিব্বতৰ ধৰ্মগুৰু দালাই লামাই

 


তিব্বতৰ ধৰ্মগুৰু দালাই লামাই অতি সোনকালেই অৰুণাচল প্ৰদেশৰ টাৱাং ভ্ৰমণ কৰিব। ১৯৫৯ চনত যেতিয়া চতুর্দশ দালাই লামাই চীনৰ আগ্ৰাসনৰ বাবে তিব্বত এৰি পলাই আহিছিল, তেতিয়া অৰুণাচল প্ৰদেশৰ টাৱাঙতে তেওঁ প্ৰথম জিৰণি লৈছিল। চীনৰ প্ৰবল আপত্তিৰ বাবে তেওঁ কুৰিবছৰৰো অধিক দিন টাৱাঙত ভৰি নিদিয়াকৈ থাকিলেও ১৯৮৩ চনৰ পৰা তেওঁ মার্কিন বিষয়াৰে বৈঠকৰ পাছত বৌদ্ধ স্তুপেৰে ভৰি থকা টাৱাঙলৈ ৭ বাৰ আহিছে। এয়া হ'ব চতুর্দশ দালাই লামাৰ ভাৰতৰ আশ্ৰয় লোৱাৰ পাছত অষ্টমবাৰৰ টাৱাং ভ্ৰমণ । অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুক দিয়া প্রতিশ্রুতি অনুসৰিয়েই দালাই লামা টাৱাঙলৈ আহিব। তিব্বতৰ পৰা পলাই ভাৰতলৈ আহি টাৱাঙত ভৰি দিয়াৰ সময়ত তেওঁ আছিল ২৪ বছৰীয়া চফল যুৱক আৰু এতিয়া পুনৰ টাৱাঙলৈ আহিবলগীয়া দালাই লামাৰ বয়স ৮৮ বছৰ।

    ইপিনে চতুর্দশ দালাই লামাই ভাৰত ভ্ৰমণৰত মার্কিন কুটনীতিবিদ গে উঝৰা ঝেয়াক সাক্ষাৎ কৰি এখন বৈঠকত মিলিত হোৱাত চীনে তীব্র উষ্মা প্রকাশ কৰিছে। সম্প্ৰতি ভাৰত ভ্ৰমণৰত মার্কিন প্রতিনিধি উঝৰা ঝেয়া হৈছে আমেৰিকাৰ তিব্বত বিষয়ক বিশেষ সমন্বয়ক। ঝেয়াৰ সৈতে যোৱা বৃহস্পতিবাৰে দালাই লামাৰ হিমাচল প্ৰদেশৰ ধৰ্মশালাত এখন বৈঠক অনুষ্ঠিত হয়। উল্লেখ্য, নির্বাসিত তিব্বতী চৰকাৰৰ ৰাজধানী হৈছে হিমাচল প্ৰদেশৰ ধৰ্মশালা। দালাই লামাই ধৰ্মশালাত মার্কিন প্রতিনিধিগৰাকীৰ সৈতে এখন বৈঠকত মিলিত হৈ তিব্বত সম্পৰ্কীয় আলোচনা কৰে। এই কথাত তীব্র আপত্তি উত্থাপন কৰি চীনে কৈছে, তিব্বতৰ বিষয়ত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ কৰাৰ অধিকাৰ নাই। নতুন দিল্লীত থকা চীনৰ দূতাবাসেও কঠোৰ শব্দ প্রয়োগ কৰি এটা বিবৃতিত কয় “ছিজাং (তিব্বত) বিষয়টো সম্পূৰ্ণৰূপে চীনৰ আভ্যন্তৰীণ। কোনো বৰ্শিশক্তিৰ এই বিষয়ত মাত মতাৰ অধিকাৰ নাই।' উল্লেখ্য, ২০১৭ চনত কোৱাৰ দৰে দালাই লামাই অলপতে পুনৰ কৈছিল যে, তিব্বতে এতিয়া আৰু স্বাধীনতা নিবিচাৰে। তিব্বতে এতিয়া উন্নয়ন বিচাৰে । য়াংটেৰ পৰা সিন্ধুলৈ বহু ডাঙৰ নদীৰ উৎস তিব্বত আৰু সেই নদীৰ উপত্যকাত নিযুত নিযুত লোকে বাস কৰে। সেয়ে তিব্বত মালভূমি কেৱল তিব্বতৰ বাবেই নহয়, বিশ্বৰ বহু নিযুত লোকৰ বাবে প্ৰয়োজনীয়। দালাই লামাই চীনক এনেদৰে আশ্বস্ত কৰি অৰ্থাৎ একপ্ৰকাৰ আত্মসমৰ্পন কৰি টাৱাঙলৈ আহিবলৈ ওলাওতেই মার্কিন প্রতিনিধিৰ সৈতে হোৱা আলোচনাই তেওঁৰ সম্ভাৱ্য ভ্রমণ স্পৰ্শকাতৰ কৰি তুলিছে।

No comments