Breaking News

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন গোলাঘাট জিলাৰ তৰফৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান


বিশ্ব জনসংখ্যা দিৱস উপলক্ষে  সমগ্ৰ ভাৰতবৰ্ষৰ লগতে জনসংখ্যা নিয়নন্ত্ৰন আইনৰ পোষকতা কৰি জনসংখ্যা সমাধান ফাউনণ্ডেশ্যন গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা  ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰীলৈ গোলাঘাট জিলা উপায়ুক্তৰ জৰিয়তে  আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় ।জনসংখ্যা অসন্তুলন কাৰনে দেশত  হব লগীয়া সম্ভাব্য গৃহযোদ্ব ৰোধ কৰিবৰ বাবে সমগ্ৰ দেশতে জনসংখ্যা আইনৰ সমৰ্থনত চলি থকা  স্বাক্ষৰ সমুহ চলিত বৰ্ষৰ ২২ছেপ্টেম্বৰ তাৰিখে দিল্লীৰ গাজিয়াবাদ সীমাত অৱস্থিত সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যালয়ত একত্ৰিত কৰিব ।তাৰ পৰাই ২৩ ছেপ্টেম্বৰ তাৰিখে প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ত স্বাক্ষৰ সমুহ প্ৰদান কৰা হব বুলি স্মাৰকপত্ৰত উল্লেখ কৰে  ।উল্লেখযোগ্য যে জনসংখ্যা  নিয়ন্ত্ৰন আইনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত সহমত প্ৰকাশ নকৰিলে সংগঠনটোৱে অনিৰ্দিষ্ট কাললৈ ধৰ্না কাৰ্যসূচী গ্ৰহন কৰিব বুলি স্মাৰক পত্ৰৰ জৰিয়তে জানিবলৈ দিয়ে  ।সংগঠনটোৰ গোলাঘাট জিলাৰ অধ্যক্ষ ড°জগত চন্দ্ৰ শইকীয়া ,সংৰক্ষক মহেন্দ্ৰ নাথ শইকীয়া,মহা সচিৱ ইমামনি বৰঠাকুৰ,সমন্বয়ক প্ৰনৱ চক্ৰৱৰ্ত্তী,উপাধ্যক্ষ ড° জতীন নাথ সাক্ষৰ সম্বলীত স্মাৰক পত্ৰ খন আজি প্ৰদান কৰি সংবাদ মাধ্যমক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে ।

No comments