Breaking News

সৰবৰহী মহিলা তথা ডাক বিভাগৰ অৱসৰী কৰ্মচাৰীৰ প্ৰতিভা ফুকনৰ মৃত্যুত শোক



ডিজিটেল সংবাগ,গোলাঘাটঃ ভাৰতীয় ডাক বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা সৰহবৰহী, ধৰ্মপ্ৰাণা মহিলা প্ৰতিভা ফুকনৰ (৬৭) আজি গোলাঘাটৰ মাহিমেলীয়া হাবিচুকীয়াৰ ফুকন চুকৰ নিজা বাসভৱনত   বিয়লি ২:২৬ বজাত  মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৭ বছৰ । প্ৰয়াত ফুকন কেইবাবছৰ ধৰি তেওঁ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল । মৃত্যুৰ সময়ত তেওঁ স্বামী বিশিষ্ট সমাজকৰ্মী মানিক ফুকন , জোৱাঁই বিশিষ্ট সাংবাদিক দিগন্ত কুমাৰ বৰা , একমাত্র কন্যা কুইন ফুকনসহ নাতি নাতিনী পৰিয়ালবৰ্গক এৰি থৈ গৈছে । প্ৰতিভা ফুকনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

সৰবৰহী তথা ধৰ্মপ্ৰাণা মহিলা প্ৰতিভা ফুকনৰ মৃত্যুত জননী লাইভে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।

No comments