Breaking News

দুদিনীয়া মণিপুৰ পৰিদৰ্শনৰ অন্তত পুনৰ দিল্লীলৈ উভতিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী


সংঘৰ্ষজৰ্জৰিত মণিপুৰ পৰিদৰ্শনৰ দুদিনীয়া কাৰ্যসূচীৰ অন্তত শুকুৰবাৰে দিল্লীলৈ উভতিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ সমৰ্থকৰ বাধা আৰু গোষ্ঠীসংঘৰ্ষত ক্ষতিগ্ৰস্তৰ আদৰণিৰ মাজত দুটা দিন মণিপুৰত কটাই ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ ল'লে নেতাগৰাকীয়ে। বিজেপি চৰকাৰৰ আৰক্ষী বাহিনীৰ প্ৰৱল বাধা সত্ত্বেও সংঘৰ্ষৰ মূলস্থান চূড়াচান্দপুৰ জিলা আৰু বিষ্ণুপুৰ জিলাৰ মৈৰাঙৰ কেইবাটাকৈ আশ্রয় শিবিৰ পৰিদৰ্শন কৰা ৰাহুল গান্ধীয়ে শুকুৰবাৰে ৰাজ্যখনৰ ৰাজ্যপাল অনুসূয়া উইকেক সাক্ষাৎ কৰে। দুয়োৰে মাজত ৰাজ্যৰ অশান্তিজৰ্জৰ পৰিস্থিতিক লৈ দীর্ঘসময় আলোচনা হয়। ৰাহুল গান্ধীয়ে মণিপুৰৰ সকলো শ্ৰেণীৰ ৰাইজক শান্তি ঘূৰাই অনাৰ বাবে অনুৰোধ জনায়। তেওঁ কয় যে নিজৰ মাজত এনেদৰে সংঘৰ্ষত লিপ্ত হৈ নিজৰ প্ৰাণ আৰু ধন-সম্পত্তি নষ্ট কৰাৰ কোনো অর্থ নাই। তেওঁ অচিৰেই মণিপুৰৰ মেইটেই আৰু কুকিকে ধৰি জনজাতীয় সম্প্ৰদায়ৰ মাজত থকা সংঘাত ৰাজনৈতিক উপায়েৰে নিৰসন কৰিবলৈ 5 আহ্বান জনায়। ৰাহুল গান্ধীয়ে কয় যে, কেন্দ্রীয় চৰকাৰে আন্তৰিকতাৰে প্ৰথমৰে পৰা ৰা পদক্ষেপ গ্ৰহণ কৰা হ'লে ৫৭ দিন ধৰি মণিপুৰত এনেদৰে গোষ্ঠীসংঘর্ষ অব্যাহত য নাথাকিলহেঁতেন আৰু এনে ভয়ংকৰ ক্ষতি নহ'লহেঁতেন।

    ইপিনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক মণিপুৰ ভ্ৰমণৰ বাবে তীব্ৰ আক্ৰমণ কৰি কয় যে হিংসাক লৈ ৰাজনীতি কৰা অনুচিত। তেওঁ কয়— ‘এনে সময়ত বহু ৰাজনীতিকে প্ৰচাৰ লাভ কৰাৰ বাবেই ভ্ৰমণ কৰে। মণিপুৰত সংঘটিত সংঘৰ্ষ ৰাহুল গান্ধীৰ ভ্ৰমণৰ জৰিয়তে সমাপ্তি নঘটে। সেয়া সকলোৱে ভালদৰেই জানে। ৰাহুল গান্ধীয়ে মণিপুৰৰ হিংসাক লৈ ৰাজনীতি কৰিবলৈ আহিছে। তাৰ জৰিয়তে তেওঁ ৰাজনৈতিক লাভালাভ অৰ্জনৰ প্ৰয়াস চলাইছে। পিছে ৰাহুল গান্ধীৰ এই অভিলাষ পূৰণ নহ'ব।'

    যোৱা ৩ মে'ত আৰম্ভ হোৱা মণিপুৰৰ গোষ্ঠীসংঘৰ্ষই শুকুৰবাৰে ৫৭ দিনত ভৰি দিলে। পিছে আজিলৈকে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বাহিৰে কোনো কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপিৰ নেতা মণিপুৰলৈ যোৱা নাই। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰলৈ যোৱা বাদেই, আজি পর্যন্ত মণিপুৰ সন্দৰ্ভত তেওঁ এটা শব্দও উচ্চাৰণ কৰা নাই। এনে অশান্তিজৰ্জৰ পৰিস্থিতিৰ মাজত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী বৃহস্পতিবাৰে গৈ সংঘৰ্ষকবলিত মণিপুৰত উপস্থিত হয়। সংঘৰ্ষৰ কেন্দ্ৰভূমি চূড়াচান্দপুৰ জিলালৈ যাবলৈ ওলোৱাত তেওঁক মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে বাধা প্ৰদান কৰে । ফলত ইম্ফলৰ পৰা এখন হেলিকপ্টাৰেৰে ৰাহুল গান্ধী বৃহস্পতিবাৰে চূড়াচান্দপুৰলৈ ৰাওনা হয়। তাত তেওঁ এটা আশ্রয় শিবিৰ পৰিদৰ্শন কৰে আৰু আশ্ৰয় শিবিৰতে ক্ষতিগ্ৰস্তৰ সৈতে একেলগে খোৱাবোৱাও কৰে। আশ্রয় শিবিৰৰ ক্ষতিগ্রস্ত সকলোৱে সংঘৰ্ষৰ পাছত দেখা পোৱা প্ৰথমজন ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীক সাক্ষাৎ পাই তেওঁলোকৰ দুখ-দুৰ্দশাৰ কথা বিৱৰি কয়। ৰাহুল গান্ধীৰ সৈতে মণিপুৰৰ আশ্ৰয় শিবিৰ ভ্ৰমণ কৰে কে চি বেণুগোপাল, মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্রী অক্রাম ইব’বি সিং, প্রাক্তন সাংসদ অজয় কুমাৰ, মণিপুৰৰ কংগ্ৰেছ সভাপতি কেশম মেঘচন্দ্র সিঙে। আজি শুকুৰবাৰে দলটোৱে বিষ্ণুপুৰৰ মৈৰাঙত থকা আন এটা আশ্রয় শিবিৰ পৰিদৰ্শন কৰে । সেই শিবিৰতো সংঘৰ্ষত ক্ষতিগ্ৰস্ত সকলোৱে ৰাহুল গান্ধীক আদৰণি জনায় আৰু তেওঁক দুখ-দুৰ্দশাৰ বিষয়ে বৰ্ণনা কৰে। ইয়াৰ পাছতে ৰাহুল গান্ধীয়ে ৰাজ্যপাল অনুসূয়া উইকেক সাক্ষাৎ কৰে। ৰাহুল গান্ধীয়ে আশ্রয় শিবিৰসমূহৰ পৰিৱেশ উন্নত কৰাৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনায়। উল্লেখ্য বিগত ৫৭ দিনৰ সংঘৰ্ষৰ মাজত মণিপুৰ ভ্ৰমণ কৰা ৰাহুল গান্ধীয়েই হৈছে প্ৰথমজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতা। ইপিনে ৰাহুল গান্ধী মণিপুৰত থকাৰ সময়তে বৃহস্পতিবাৰে কাংপকপি জিলাত সেনা-নিৰাপত্তা বাহিনীৰ সৈতে সশস্ত্ৰ বিদ্ৰোহীৰ ভয়ংকৰ গুলীয়াগুলী হয়। এই ঘটনাত তিনিজন লোকৰ মৃত্যুৰ হোৱাৰ লগতে আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়। বিগত ১৬ দিনৰ ভিতৰত এয়া মণিপুৰত প্ৰথমটো মৃত্যুৰ ঘটনা।

    মণিপুৰৰ গোষ্ঠীসংঘৰ্ষৰ অৱশানৰ লক্ষ্যৰ এছইউচি আইৰ কেন্দ্ৰীয় কমিটীৰ আহ্বানত দেশব্যাপী প্রতিবাদ দিৱস পালনৰ সমান্তৰালভাৱে এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমতো ৰাজ্যজুৰি জিলাই জিলাই প্রতিবাদী কাৰ্যসূচী পালন কৰা হয় ৷ এই উপলক্ষে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী সংগঠিত হয় উলুবাৰীস্থিত জিএছ ৰোডত। দলৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা দলৰ অৰ্ধশতাধিক কৰ্মী-সমর্থকে বেনাৰ আৰু হাতে হাতে প্লেকার্ড লৈ মণিপুৰত অবিলম্বে শান্তি-শৃঙ্খলা ঘূৰাই আনক, ভোটবেংক সৃষ্টিৰ উদ্দেশ্যে বিজেপি চৰকাৰে মণিপুৰত চলোৱা ভ্রাতৃঘাতী সংঘৰ্ষ সৃষ্টিৰ ষড়যন্ত্ৰ পৰাস্ত কৰক, মণিপুৰ জ্বলি থকা অৱস্থাতো প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নীৰৱ কিয় জবাব লাগে জবাব দিয়ক আদি শ্ল'গানেৰে মুখৰিত এক শোভাযাত্ৰা কৰি জিএছ ৰোডেৰে আগবাঢ়ি যাওঁতে পুলিচে বাধা দিয়ে। এনে কাণ্ডত প্রতিবাদীসকলে জিএছ ৰোডৰ মাজতে বহি দি পথ অৱৰোধ কৰি দাবী সম্বলিত শ্লোগানেৰে অঞ্চল উত্তাল কৰি তোলে। ভালেখিনি সময় পথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শনৰ পিছত প্ৰতিবাদীসকলৰ আগত বক্তব্য দাঙি ধৰে দলৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদকমণ্ডলীৰ সদস্য কমৰেড অজিত আচাৰ্যই। বক্তব্যত তেওঁ কয়— তেওঁ মে’মাহৰ ৩ তাৰিখৰ পৰা মণিপুৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক । বিজেপি চৰকাৰৰ পূৰ্বপৰিকল্পনাত আৰু পূৰ্ণমদতত ভয়ংকৰ সাম্প্ৰদায়িক জুই জ্বলি উঠিছে আৰু সেয়া আজিও জ্বলি আছে। ইতিমধ্যেই কেবা হাজাৰ মানুহ বাস্তচ্যুত হৈছে, শতাধিক মানুহ মৃত্যু মুখত পৰিছে। ব্যাপক লুটপাট আৰু অগ্নি সংযোগ চলিছে। মণিপুৰ যেতিয়া জ্বলিছে, তেতিয়া কেন্দ্ৰৰ বিজেপি চৰকাৰে নীৰৱ দৰ্শকৰ ভূমিকা লৈছে। 5. প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনকি উদ্বেগ প্রকাশ কৰিও কোনো এটা কথা উচ্চাৰণ কৰা । নাই। বিজেপিৰ ‘ডিভাইড এণ্ড ৰুল’ নীতি অনুসৰি আৰু নিজস্ব ভোটবেংক সৃষ্টিৰ বাবে কেন্দ্ৰীয় চৰকাৰে উদ্দেশ্যমূলকভাৱে এই সাম্প্রদায়িক সংঘর্ষ চলিবলৈ দিছে। বিজেপি চৰকাৰৰ এনে অপৰাধজনক ভূমিকাৰ বিৰুদ্ধেই আছিল আজিৰ এই সৰ্বভাৰতীয় প্ৰতিবাদ কাৰ্যসূচী। আজিৰ প্ৰতিবাদী কাৰ্যসূচী সম্পৰ্কে এছইউ চিআইৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক চন্দ্ৰলেখা দাসে গণতান্ত্রিক আন্দোলনৰ ওপৰত পুলিচৰ অত্যাচাৰক তীব্ৰ গৰিহণা জনোৱাৰ লগতে গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী সফল কৰাৰ বাবে ৰাজ্যৰ জনসাধাৰণক অভিনন্দন জনায়।

No comments