Breaking News

দুবছৰত ৪৬ হাজাৰ কোটিৰ ঋণত বুৰ গ'ল অসম চৰকাৰ

 


ৰাজ্যৰ উন্নয়ন আৰু  হিতাধিকাৰীৰ বিভিন্ন আঁচনি ৰূপায়নৰ নামত কোটি কোটি টকা ঋণ লৈ ঋণৰ ডুব গৈ থকা ৰাজ্য চৰকাৰখনে পুনৰ এক হাজাৰ কোটি টকাৰ ঋণ ল'ব। অহা ৪ জুলাইত মুকলি বজাৰৰ পৰা ৰিজাৰ্ভ বেংকৰ জৰিয়তে এহাজাৰ কোটি টকাৰ ঋণ লোৱাৰ বাবে ইতিমধ্যে বিত্ত বিভাগে প্ৰস্তাৱ দাখিল কৰিছে। উল্লেখ্য, ৪ জুলাইত ল'বলগীয়া ঋণৰ পৰিমাণ যোগ কৰিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ দুবছৰ চাৰিমহীয়া কাৰ্যকালত লোৱা ঋণৰ পৰিমাণ হ'ব ৪৬,৫০৮ কোটি। ৰাজ্যখনৰ মুঠ ঋণৰ পৰিমাণে ১,৩৭,০০০ কোটি টকা অতিক্রম কৰিছে। উল্লেখ্য, বিত্তমন্ত্রী অজন্তা নেওগে বাজেট ভাষণত সদৰী কৰা অনুসৰি ২০২৩-২৪ বৰ্ষত ৰাজ্য চৰকাৰে ছাত্র- ২৫ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। প্ৰতি বছৰে ঋণৰ পৰিমাণ বৃদ্ধি পায়ে হাৰ আছে। ২০২৩-২৪ বৰ্ষত অসম চৰকাৰে মুঠ ১,৩৯,০০০ কোটি টকাৰ বাজেট প্রস্তুত কৰিছে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ঋণৰ অধিকাংশই হিতাধিকাৰী আঁচনিৰ নামতে ওলাই যোৱাৰ অভিযোগ উঠিছে। লক্ষণীয় যে ৰাজ্য চৰকাৰৰ ঋণ লোৱাৰ প্ৰৱণতাক ‘ধাৰ কৰি ঘিউ খোৱা’ বুলি অখিল গগৈকে ধৰি একাংশ বিৰোধীয়ে সমালোচনা কৰি আহিছে। কিন্তু ইয়াৰ পাছতো নিজৰ স্থিতিত অটল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈ আহিছে যে ‘যাৰ ধাৰ মৰাৰ হাজা সমর্থ আছে তাকহে ঋণ দিয়ে। জিএছডিপি অনুসৰি অসমে আৰু বহু হাজাৰ কোটি টকাৰ ধাৰ ল'ব পাৰে। ধাৰ লোৱাটো বেয়া নহয়।’

No comments