Breaking News

এপিএলৰ নতুন প্রকল্পত উৎপাদিত সামগ্রী বিদেশলৈ ৰপ্তানি প্ৰক্ৰিয়াৰ‍ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই


ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে নামৰূপস্থিত অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য, আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অধীনষ্ঠ অসম পেট্ৰ' কেমিকেলছ লিমিটেড চমুকৈ এপিএলৰ দৈনিক ৫০০টন উৎপাদনক্ষম সম্প্ৰসাৰিত মিথানল প্ৰকল্পৰ উৎপাদিত সামগ্ৰী প্ৰতিৱেশী ৰাষ্ট্ৰ ভূটান, নেপাল আৰু বাংলাদেশলৈ ৰপ্তানি কৰা কাৰ্যৰ শুভাৰম্ভ কৰে। উল্লেখ্য,দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ পৰা ভার্চুৱেল পদ্ধতিৰে নামৰূপৰ অসম পেট্ৰ' কেমিকেলছ লিমিটেডৰ উক্ত সম্প্ৰসাৰিত মিথানল প্ৰকল্পৰ শুভ উদ্ধোধন কৰিছিল। আজিৰ এই ঐতিহাসিকক্ষণত এ পি এল প্ৰাংগণত অনুষ্ঠিত হোৱা বিশাল ৰাজহুৱা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বিদেশলৈ পঠোৱা সাতখন মিথানলভর্তি টেংকাৰৰ ফ্লেগ অফ কৰি মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ আন এক বাণিজ্যিক সফলতাৰ সাক্ষ্য বহন কৰে। আজিৰ সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে নামৰূপবাসী ৰাইজে নামৰূপ চহৰখন এক মৃত নগৰীলৈ ৰূপান্তৰ হোৱাৰ যি ভয় পুঁহি ৰাখিছিল আজি আৰু তেনে চিন্তা কৰাৰ প্ৰয়োজন নাই। অসম পেট্ৰ' কেমিকেলছ লিমিটেড উন্নতি সমান্তৰালভাৱে নামৰূপ সাৰ কাৰখানা আৰু নামৰূপ তাপবিদ্যুৎ প্রকল্পয়ো ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে অসম পেট্‌’ কেমিকেলছ লিমিটেডৰ পৰা সংগ্ৰহ কৰা ভেট ৰেহাই দিয়াৰ ক্ষেত্ৰত এক আঁচনি প্ৰস্তুত কৰা হৈছে। ইয়াৰ দ্বাৰা উদ্যোগটো অধিক লাভৱান হ'ব বুলি মন্তব্য কৰে। উল্লেখ্য, মিথানলৰ উৎপাদনৰ সমান্তৰালভাৱে চাহিদা বৃদ্ধিকল্পে বাহনসমূহত মিথানল ব্যৱহাৰৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ পৰিপ্ৰেক্ষিততে অলপতে বেংগালুৰুত থকা গাড়ী নির্মাণ গোষ্ঠী অশোক লিলেন কোম্পানীৰ লগতো অসম চৰকাৰে চুক্তি সম্পন্ন কৰিছে। মহিলা সৱলীকৰণ আৰু যুৱ শক্তিৰ স্বাৱলম্বী কৰাৰ লক্ষ্যৰে চৰকাৰৰ লোৱা পদক্ষেপ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ নিবনুৱা যুৱকসকলক ক্ষুদ্র উদ্যোগ স্থাপন অথবা ব্যৱসায় কৰিবলৈ দুই লাখ থকাকৈ প্ৰদান কৰাৰ এক আঁচনি গ্ৰহণ কৰা সন্দৰ্ভতো বিস্তৃতভাৱে উল্লেখ কৰে। লগতে অসমত থকা সকলো আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক দহ হাজাৰকৈ প্ৰদান কৰাৰ চৰকাৰৰ সিদ্ধান্তৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে। আজিৰ এই সভাত ডিব্ৰুগড়ৰ লোকসভা সমষ্টিৰ সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংস্কৃতিকমন্ত্রী বিমল বৰা, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰঙ্গ গগৈ, ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্র, ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকন, দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰশ গোৱালা, সুভাষ দত্ত, অসম পেট্ৰ' কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকা, উপাধ্যক্ষ হেমন্ত গগৈ আদি উপস্থিত থাকে। 

No comments