Breaking News

তিনি গগৈৰ মহা মিলনত বিৰূপ‌ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ


সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ আহ্বানক্রমে শনিবাৰে শিৱসাগৰত অনুষ্ঠিত হয় গণ অৱস্থান ধর্মঘট কাৰ্যসূচী। এই কাৰ্যসূচীত উপস্থিত থাকে তিনি গগৈ ক্ৰমে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ, ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ।শিৱসাগৰত তিনি গগৈ মিলিত হোৱা ঘটনাই যিদৰে ৰাজ্যৰ ৰাজনীতিত এক নতুন সমীকৰণৰ ইংগিত দিছে ঠিক তেনেদৰে এই ঘটনাই তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে বিজেপি দল আৰু চৰকাৰত। তিনি গগৈয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ দিয়াৰ লগতে বিজেপি দল আৰু চৰকাৰক ক্ষুৰধাৰ সমালোচনাও কৰে। কাৰ্যসূচীৰ শেষত তিনি গগৈয়ে হাতত হাত ধৰি কেমেৰাৰ সন্মুখত পোজো দিয়ে। এই ঘটনাই ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। বিশেষকৈ আহোম অধ্যুষিত উজনী অসমৰ সমষ্টিসমূহত তিনি  গগৈৰ এই মিলনে আগন্তুক দিনসমূহত এক নতুন ৰাজনৈতিক সমীকৰণ ইংগিত বহন কৰিছে। ইয়াৰ পাছতে 'থ্রী জি'ৰ বিৰুদ্ধে আহোম ৰাজনীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মত প্রকাশ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়— তিনি গগৈ একত্রিত হোৱা, তিনি কোঁৱৰ একত্ৰিত হোৱা এইবোৰ আমাৰ জাতিটোৰ কাৰণে ভাল লক্ষণ নহয়৷ আমাৰ জাতিটো এতিয়া একেবাৰে এটা বিশেষ শ্ৰেণীৰ পৰা ককবকাই জীয়াই থকা এটা জাতি। ৰাভা, চুতীয়া, বড়ো, মৰাণ, মটক, সকলো একত্রিত হ'ব লাগিব। তেতিয়াহে জাতিটো বাচি থাকিব। অকল যদি গগৈ তিনিজনে একেলগে হাত উঠাই বাকী তিনিগৰাকী মৰাণ, তিনিগৰাকী মটক, তিনিগৰাকী চুতীয়া, তিনিগৰাকী কলিতা, তিনিগৰাকী কোচ, তিনিগৰাকী কেওঁটক আঁতৰাই দিয়ে তেতিয়া সমস্যাটো সমাধান নহ'ব। গতিকে সন্দিকৈ, বুঢ়াগোহাঁইৰ পৰা বৰপাত্ৰ গোহাঁইলৈকে, গগৈৰ পৰা বৰালৈকে, বৰাৰ পৰা সিংহলৈকে, সিংহৰ পৰা দাস- কলিতালৈকে সকলোৱে একেলগে হাত উঠাব লাগিব । সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই খচৰা যদি থাকি যায় তেতিয়া হ'লে আমাৰ জাতিটো ন জীয়াই থাকিব, শিৱসাগৰত আহোমৰ সংখ্যা বাঢ়িছে। উত্তৰ ক লখিমপুৰ, শদিয়া, ধেমাজি আহোম জনগোষ্ঠীয়ে প্রতিদ্বন্দ্বিতা কৰিব পৰা সমষ্টি হ'ল। পূৰ্বৰ আহোম অধ্যুষিত সমষ্টিও সুৰক্ষিত থ্য হৈ থাকিল। আনহাতে, মন্ত্রী পীযূষ হাজৰিকাই সাংসদ গৌৰৱ গগৈক মুকলি প্ৰত্যাহ্বান জনাই কয়— ময়ো শুনি আছোঁ গৌৰৱ গগৈয়ে বোলে নগাঁওলৈ আহিব নিৰ্বাচন খেলিবলৈ। গৌৰৱ গগৈৰ ইমান সাহস নাইকীয়া হ'লনে যে কলিয়াবৰত নিৰ্বাচন খেলিবলৈ ভয় কৰিছ। কলিয়াবৰতে নিৰ্বাচন খেলিব লাগে গৌৰৱ গগৈয়ে। হাৰে নে জিকে চাই ল'ব। ধিং, ৰূপহী নাইকীয়া হোৱাৰ কাৰণে গৌৰৱ গগৈয়ে কলিয়াবৰত নিৰ্বাচন খেলিবলৈ নিবিচৰা হৈছে। ধিং, ৰূপহীৰ প্ৰতি ইমান প্ৰেম কিয় গৌৰৱ গগৈৰ। এয়া তুষ্টিকৰণ। অসমীয়াই, ভাৰতীয়ই যে ভোট নিদিয়ে তেওঁ জানে। সেয়ে সমষ্টিৰ পৰা পলাব বিচাৰিছে। ধিং, ৰূপহী, চামগুৰিৰ ভোট নহ'লে গৌৰৱ গগৈ নিৰ্বাচনত জয়ী হ'ব নেকি? ইমান কিয় ভয় খাইছে গৌৰৱ গগৈয়ে। সাহসেৰে তেওঁ কলিয়াবৰতে নিৰ্বাচন খেলক। তিনিগৰাকী গগৈয়ে সংকীর্ণতাৰ পৰা আঁতৰি আহি তেওঁলোকে অসমীয়াৰ ৰাজনীতি কৰক। এইটো ভাল লক্ষণ নহয়। তেখেতসকল এটা বিশেষ লোকৰ সমষ্টি হ'ব নালাগে। বিশেষ কেইজনমান লোকৰ সংগঠন হ'ব নালাগে। তেওঁলোকৰ সভাত মাত্ৰ ৪০০ লোক হৈছে। আমি আহোমৰ নেতৃত্বত সকলো অসমীয়া একত্ৰিত হৈ মোগলৰ বিৰুদ্ধে যুঁজ দিছিলোঁ। আনহাতে, প্রদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই তিনি গগৈৰ মিলনক শুভেচ্ছা জনাই কয়— এই মিলন কিমান দিন থাকিব সেইটোহে ডাঙৰ কথা। শিৱসাগৰ অখিল গগৈ আৰু কাজিৰঙাত গৌৰৱ গগৈ ৰ পৰাজিত হ'ব। লুৰীণজ্যোতি গগৈৰ সমষ্টি নাই। গগৈ উপাধিৰ লোক বিজেপিৰ লগতহে আছে। তিনি গগৈয়ে একো কৰিব  নোৱাৰে। তিনি গগৈৰ আদৰ্শ বেলেগ বেলেগ।

    ১১৭ নং লাহোৱাল বিধানসভা সমষ্টি বিলুপ্তিকৰণৰ প্ৰতিবাদত লাহোৱালত অব্যাহত থকা সময়তে শনিবাৰে লাহোৱালৰ সুবৰ্ণতৰা মঞ্চত লাহোৱাল সমষ্টিবাসী ৰাইজৰ উদ্যোগত এখন বৃহৎৰাজহুৱা সভা অনুষ্ঠিত হয় । সমষ্টি কৰ্তনৰ প্ৰতিবাদ জনায় ৰাজহুৱা সভাৰ আৰম্ভণি কৰে ন সাংবাদিক যাদৱ গগৈয়ে। তাৰ পিছতেই লাহোৱাল মহাবিদ্যালয়ৰ হো অধ্যক্ষ ড° জ্যোতিপ্রসাদ দত্তই লাহোৱাল সমষ্টিৰ ইতিহাসৰ বহু তথ্য দাঙি ধৰি লাহোৱাল সমষ্টিটো বাহাল ৰাখিবলৈ ভাৰতৰ নিৰ্বাচন পাছ আয়োগক আহ্বান জনায়। ইয়াৰ পিছতেই ৰাইজৰ দলৰ সভাপতি কি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সমষ্টি পুনৰনিৰ্ধাৰণৰ এখ প্ৰক্ৰিয়াটো ২০০১ চনৰ লোকপিয়লৰ তথ্য মতে হ'ব লাগিছিল। নহ'লে ভাৰতীয় সংবিধান মতে এই কার্য হ'ব লাগে ২০২৬ চনত। কিন্তু বিজেপি চৰকাৰে নিজ দলৰ স্বাৰ্থৰ বাবে সমষ্টি নির্ধাৰণৰ কাম আগবঢ়াইছে। তেওঁ অসমৰ সমষ্টি বিলুপ্তিকৰণ আৰু পুনৰনিৰ্ধাৰণৰ পুংখানুপুংখ তথ্য দাঙি ধৰি বিজেপিক কঠোৰ সমালোচনা কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্বই খিলঞ্জীয়াৰ বাবে সমষ্টি সংৰক্ষিত হৈছে বুলি কোৱা কথাক উৎসাত কৰি হিমন্ত বিশ্বক কোনোবাই খিলঞ্জীয়াৰ নেতা পাতিছে বুলি অখিল গগৈয়ে প্ৰত্যুত্তৰ দিয়ে। সমষ্টি পুনৰনিৰ্ধাৰণৰ ক্ষেত্ৰত মাত মতাৰ সকলো ৰাইজৰ অধিকাৰ আছে। হিমন্ত বিশ্ব শৰ্মা চাহ শ্রমিক তথা আদিবাসীসকলৰ শত্ৰু বুলি মন্তব্য কৰে অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাক কোনোবাই খিলঞ্জীয়াৰ নেতা পাতিছে বুলি ভাষণ প্ৰসংগত বক্তব্য প্ৰদান কৰে। সমষ্টি ৰাখিবলৈ হ'লে কঠোৰ প্ৰতিবাদেৰে নিৰ্বাচন আয়োগলৈ প্ৰতিখন বিি গাঁৱৰ পৰা এখন স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আহ্বান জনায়। ৰাজহুৱা সভাত উপস্থিত থকা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে সমষ্টি পুনৰনিৰ্ধাৰণৰ নামত অসমৰ কিন্তু ইতিহাসপ্রসিদ্ধ বহু সমষ্টি কৰ্তন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিজেপি চৰকাৰে। সমষ্টি পুনৰনিৰ্ধাৰণৰ খচৰা নিৰ্বাচন আয়োগে নহয় তাে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত অশোক সিংঘালে বনাইছে। অশোক লগ সিংঘালে তৈয়াৰ কৰা তালিকাখনেই নির্বাচন আয়োগে প্রকাশ বিষ কৰিছে বুলি দাবী জনাইছে লুৰীণজ্যোতি গগৈয়ে। বিজেপি চৰকাৰৰ ফে দিনত খিলঞ্জীয়াৰ স্বাৰ্থ কেতিয়াও সুৰক্ষিত নহয় বুলি ভাষণ প্রদান থান কৰে। তেওঁ কয় যে লাহোৱাল সমষ্টিবাসী ৰাইজক হিমন্ত বিশ্ব শৰ্মাই আ ৰাজনৈতিকভাৱে শেষ কৰি দিব বিচাৰিছে। লাহোৱাল সমষ্টি কৰ্তনক চকী তেওঁ বিৰোধিতা কৰি বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা জি কৰে অসমৰবিৰোধী ৰাজনৈতিক দলৰ সাধাৰণ সম্পাদকজনে - উক্ত সভাত টিংখাং সমষ্টিৰ প্ৰাক্তন বিধায়ক অনুপ ফুকনকে ধৰি অি বহু দল-সংগঠনৰ লগতে প্রায় এক সহস্ৰাধিক ৰাইজ উপস্থিত পাচ থাকি প্রতিবাদ সাব্যস্ত কৰি লাহোৱাল সমষ্টি বাহাল ৰাখিবলৈ পুনৰবাৰ নিৰ্বাচন আয়োগলৈ বিনম্র আহ্বান জনায়।

No comments