Breaking News

সুকণ্ঠী গায়িকা সুদক্ষিণা শৰ্মালৈ শ্ৰদ্ধাঞ্জলি


প্ৰগতিশীল তথা সুকণ্ঠী গায়িকা সুদক্ষিণা শৰ্মাৰ আজি ৰাতিপুৱা ৮.২৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮৫ বছৰ।তেখেতে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে অংগদান কৰা আছে।সুদক্ষিণা শৰ্মাৰ মৃত্যুত অসমে এগৰাকী আজীৱন প্ৰগতিশীল গায়িকা তথা খাটিখোৱা জনৰ মুক্তিৰ হকে যুজ দি যোৱা জনতাৰ শিল্পীক হেৰুৱালে। অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে বিজ্ঞান মনষ্ক আৰু বৈজ্ঞানিক দৃষ্টিভংগী প্ৰচাৰ প্ৰসাৰ আন্দোলনৰো তেখেত আছিল এগৰাকী সহযোদ্ধা। তেখেত সামাজিক ঐক্য সম্প্ৰীতিৰ এগৰাকী অক্লান্ত সংগ্ৰামী আছিল।সুদক্ষিণা শৰ্মালৈ শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলো । 

No comments