Breaking News

ৰাইজৰ ব্যাপক প্ৰতিক্ৰিয়াৰ পাছতেই ‘এণ্টাৰটিকা দীঘলীপুখুৰী' চুক্তি সাময়িকভাৱে স্থগিত ৰখাৰ ঘোষণা এটিডিচিৰ অধ্যক্ষৰ


গুৱাহাটীৰ দীঘলীপুখুৰী গুজৰাটৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ হাতত গতাই অসম ৰ ঐতিহ্যক আঘাত হনাক কেন্দ্ৰ কৰি হোৱা  বিতৰ্কৰ পাছতেই অৱশেষত ‘এণ্টাৰটিকা দীঘলীপুখুৰী' চুক্তি স্থগিত ৰাখিছে অসম পর্যটন উন্নয়ন নিগমে। গুজৰাটৰ আহমেদাবাদৰ ই চি এইচ টি কংলোমেৰাট নামৰ ঠিকাদাৰী তাৰ বণিক গোষ্ঠীটোক অসমৰ টংলাৰ বুলি দাবী কৰিও ৰাইজৰ প্ৰতিক্ৰিয়াৰ বাবেই দীঘলীপুখুৰী চুক্তি সাময়িকভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে এটিডিচিৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱাই। অসমীয়া ব্যৱসায়ীয়ে নিবিদাত অংশ ল'ব নোৱৰাকৈ কঠোৰ চৰ্ত আৰোপ কৰি কৌশলপূৰ্ণভাৱে ৰাজা কাংকাৰীয়াৰ মালিকানাধীন বট নিৰ্মাণকাৰী ই চি এইচ টি কংলোমেৰাটক ঐতিহাসিক দীঘলীপুখুৰীক ১৫ বছৰলৈ লীজত হস্তান্তৰ কৰিছিল। বিগত বৰ্ষতেই নিবিদা প্রক্রিয়া সম্পূৰ্ণ হৈছিল যদিও চলিত বৰ্ষৰ পহিলা জুনৰ পৰাহে গুজৰাটৰ প্ৰতিষ্ঠানটোৱে দীঘলীপুখুৰীক চমজি লৈছিল। ঐতিহাসিক দীঘলীপুখুৰীক নিজৰ দখললৈ নিয়াৰ পাছতেই গুজৰাটী বণিক ৰাজা কাংকাৰীয়াই দীঘলীপুখুৰীৰ নামকে সলনি কৰি দিলে । অসমীয়াৰ আৱেগ বিজড়িত দীঘলীপুখুৰীৰ নামৰ আগত সংযুক্ত কৰি দিলে অসমৰ বায়ু-পানীৰ নথকা 'এণ্টাৰটিকা' নাম। অর্থাৎ পৰিচিত দীঘলীপুখুৰীৰ নাম একে ৰাতিৰ ভিতৰতে 'এণ্টাৰটিকা দীঘলীপুখুৰী লৈ সলনি কৰি পাৰ্কৰ প্রৱেশ মূল্য ১০ টকাৰ পৰা ২০ টকালৈ বৃদ্ধি কৰিলে কোম্পানীটোৱে। গুজৰাটী কোম্পানীটোক দীঘলীপুখুৰী ঘটোৱাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতেই পর্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই প্রথম অৱস্থাত অভিযোগ অস্বীকাৰ কৰে যদিও পৰৱৰ্তী সময়ত ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীক কোনো কাৰণতে বাহিৰৰ কোম্পানীক গতাই দিয়াৰ প্রশ্নই আহিব নোৱাৰে বুলি স্থিতি স্পষ্ট কৰে। অৱশ্যে বিভাগীয় মন্ত্ৰীজনৰ এই স্থিতিৰ পাছতেই দীঘলীপুখুৰীৰ সন্দৰ্ভত দেওবাৰে আনুষ্ঠানিকভাৱে মুখ খোলে অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই। ‘আমাৰ অসম'ৰ আগত অধ্যক্ষ বৰুৱাই পৰ্যটনমন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ মর্মে সাময়িকভাৱে ই চি এইচ টি কংলোমেৰাটৰ সৈতে দীঘলীপুখুৰী চুক্তি স্থগিত ৰখা বুলি জানিবলৈ দিছে। পৰৱৰ্তী সময়ত বিষয়টো বিবেচনা কৰি প্ৰয়োজনত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে জমা দিয়া চিকিউৰিটী মানী ৩০ লাখ ১২ হাজাৰ টকা ঘূৰাই দি চুক্তি বাতিল কৰা হ'ব বুলিও অধ্যক্ষজনে স্পষ্ট কৰিছে। ঋতুপৰ্ণ বৰুৱাই লগতে বিগত ১৪ বছৰে দীঘলীপুখুৰীক লীজত চলাই থকা মেহবুব আলীয়ে মাহে ২২ হাজাৰ টকা পৰ্যটন উন্নয়ন নিগমক দিছিল যদিও এতিয়া নতুন ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ পৰা মাহে ২.৫০ লাখ টকাকৈ ৰাজহ লাভ কৰিলহেঁতেন বুলিও সদৰী কৰিছে। ইয়াৰোপৰি ই চি এইচ টি কংলোমেৰাট নামৰ কোম্পানীটোৰ মালিক ৰাজা কাংকাৰীয়াৰ পৰিয়ালটো অসমৰে বাসিন্দা বুলি জানিবলৈ দি ওদালগুৰি জিলাৰ টংলাৰ কৃষ্ণাই ছুছাইবিনি চাহ বাগিচাখনৰো মালিক তেওঁলোকেই বুলি দাবী কৰিছে পৰ্যটন নিগমৰ মুৰব্বীজনে।

    অসমৰ ব্যৱসায়ী পৰিয়ালটোৱে পূৰ্বতে আলফাৰ বাবে অসম এৰি গুজৰাটলৈ গৈছিল যদিও ২০১৮ চনত 'এডভান্টেজ আছামত অসম চৰকাৰৰ সৈতে পর্যটন ক্ষেত্ৰত বিনিয়োগক লৈ এম অ' ইউ স্বাক্ষৰ কৰাৰ কথাও জানিবলৈ দিছে অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই। ইয়াৰ লগতে নিগমৰ অধ্যক্ষ বৰুৱাই দীঘলীপুখুৰী প্ৰসংগত কয় এইদৰে— প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই খন্দোৱা ঐতিহাসিক দীঘলীপুখুৰীক কেতিয়াও কোনো কাৰণত কাকো গটাই দিয়া হোৱা নাছিল আৰু অনাগত দিনতো নহয়। বীৰ আহোমৰ শৰাইঘাট যুদ্ধৰ গৌৰৱোজ্জ্বল ইতিহাসেৰে সমৃদ্ধ দীঘলীপুখুৰীৰ ব্যৱসায়িক দিশৰ বিকাশৰ বাবেহে নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে ই চি এইচ টি কংলোমেৰাট প্রাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোক বিভাগৰ চুক্তিমর্মে আগন্তুক ৫ বছৰৰ বাবে দায়িত্ব দিয়া হৈছে যদিও অসম পর্যটন উন্নয়ন নিগমেই দীঘলীপুখুৰীৰ পৰ্যবেক্ষণ কৰিব আৰু প্রতিষ্ঠানটোৰ কাম মনপুত হ'লেহে তেওঁলোকক নিবিদাৰ মতে পুনৰ ৫ বছৰৰ বাবে দায়িত্ব অর্পণ কৰা হ'ব। ইয়াৰ পূৰ্বে, এই পৰিচালনাৰ দায়িত্বত বিগত ২০০৯ চনৰ পৰা ২০২৩ চনৰ মাৰ্চ মাহৰ ৩১ তাৰিখলৈকে আছিল মেহবুব আলী নামৰ এজন ব্যক্তি। গুৱাহাটী মহানগৰীৰ অন্যতম পর্যটনস্থলী তথা সৌন্দৰ্যৰ আকৰ হৈছে দীঘলীপুখুৰী। কিন্তু সময়ে সময়ে দীঘলীপুখুৰীৰ পাৰৰ পৰা অহা কিছু নেতিবাচক খবৰে আমাক সকলোকে ব্যথিত কৰে। দীঘলীপুখুৰীৰ মাছৰ কোনো বেমাৰত মৃত্যু হোৱা আৰু কদৰ্যময় পৰিৱেশৰ উপৰিও আন বিভিন্ন বিষয়ে অসমৰ স্বাভিমান তথা ইতিহাস বিজড়িত দীঘলীপুখুৰীৰ সৌন্দৰ্যক ম্লান কৰিছে। এই আটাইবোৰ দিশৰ পৰ্যবেক্ষণ কৰি সেইসমূহৰ উচিত ব্যৱস্থা গ্ৰহণ তথা দীঘলীপুখুৰীৰ কেওদিশৰ বিকাশ অর্থাৎ উদ্যান, নৌকাবিহাৰ, বেঁস্তোঁৰা আৰু ইয়াৰ পৰিচৰ্যাৰ বাবে উক্ত কোম্পানীটোক নিবিদাৰ জৰিয়তে পৰিচালনাৰ দায়িত্বভাৰ প্ৰদান কৰা হৈছে। তিনিবাৰকৈ নিবিদা প্রক্রিয়া সমাপন হোৱাৰ পাছতহে তেওঁলোকক এই দায়িত্ব দিয়া হৈছিল। ই চি এইচ টি কংলোমেৰাট প্রাইভেট লিমিটেডে বর্তমান সময়ত আহমেদাবাদৰ Sabarmati Riverfront, ৰাজচামাণ্ডৰ Rajsamand lake, ৰায়পুৰৰ Mayfair Lake Resort, কোইম্বটৰৰ Periyakulam Lake আৰু ৰাচীৰ Patratu Lake ইত্যাদিৰ পৰিচালনা কৰি আছে।' অৱশ্যে পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষই দীঘলীপুখুৰী চুক্তি স্থগিত ৰখা বুলি সদৰী কৰিছে যদিও ইতিমধ্যে চৰকাৰী তথা ৰাজনৈতিক হেঁচাত ই চি এইচ টি কংলোমেৰাটৰ স্বত্বাধিকাৰী ৰাজা কাংকাৰীয়াই দীঘলীপুখুৰী ত্যাগ কৰিবলৈ বাধ্য হোৱা বুলি জানিব পৰা গৈছে। 

No comments