Breaking News

মণিপুৰৰ গোষ্ঠীসংঘৰ্ষৰ আঁৰত চীনৰ হাত থকাৰ সন্দেহে প্ৰকাশেৰে টূইট মণিপুৰৰ মুখ্যমন্ত্ৰীৰ

 


লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈকে দীর্ঘ এটা অঞ্চল অস্থিৰ কৰি ৰখা চীনৰ ড্ৰেগনৰ হাতোৰা এতিয়া উত্তৰ পূবৰ আন এখন ৰাজ্য মণিপুৰলৈকে বিস্তৃত হৈছে। স্বয়ং মণিপুৰৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে তেওঁৰ ৰাজ্যত দুমাহ ধৰি সংঘটিত গোষ্ঠীসংঘৰ্ষৰ আঁৰত চীনৰ হাত থকা বুলি টুইট কৰাৰ লগে লগে উত্তৰ-পূবৰ ৰাজ্যখনৰ অশান্তিৰ আঁৰত বিদেশী শক্তিৰ হাত থকা বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছে। স্বয়ং বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীয়েই যেতিয়া  মণিপুৰৰ গোষ্ঠীসংঘৰ্ষৰ আঁৰত চীনৰ হাত থকা বুলি মন্তব্য কৰিছে, তেনে পৰিস্থিতিত প্রতিবেশী শত্ৰু দেশখনৰ বিৰুদ্ধে কেন্দ্ৰত থকা বিজেপি চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্রশ্ন কৰিছে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে। ৰাউটে দাবী কৰিছে, বিজেপি নেতৃত্বাধীন মোদী চৰকাৰে মণিপুৰৰ সংঘৰ্ষ সৃষ্টি কৰা চীনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰক আৰু ৰাজ্য চৰকাৰখন বৰ্খাস্ত কৰি কৰি ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰক। আনহাতে শনিবাৰে দিনত ডিব্ৰুগড়ত সম্প অসমৰ মুখ্যমন্ত্ৰী তথা দেশৰ শীৰ্ষস্থানীয় বিজেপি নেতা হিমন্ত বিশ্ব হিমন্ত শৰ্মাই এসপ্তাহৰ পৰা ১০ দিনৰ ভিতৰতে মণিপুৰৰ অৱস্থা স্বাভাৱিক হ'ব বুলি দৃঢ়তাৰে ঘোষণা কৰাৰ কেইঘণ্টামানৰ ভিতৰত ৰাজ্যখনত মূলত পুনৰ ভয়ংকৰ গোষ্ঠীসংঘৰ্ষ আৰু হিংসাত্মক ঘটনাত ৪জন লোকৰ মৃত্যু হৈছে। চৰকাৰী ঘোষণা অনুসৰিয়েই ইয়াকে লৈ মণিপুৰত নিহতৰ  সংখ্যা ১৩৮ জনলৈ বৃদ্ধি পালে। আনহাতে বেচৰকাৰী তথ্য আৰু এটি স্থানীয় সংবাদ মাধ্যমৰ মতে যোৱা ৩ মে'ৰ পৰা আজিলৈকে অব্যাহত  থকা সংঘৰ্ষত নিহতৰ সংখ্যাই কেতিয়াবাই ৪০০ অতিক্ৰম কৰিছে। 

   দেওবাৰে নিশা ১২.০৫ বজাত চূড়াচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাৰ সংগমস্থলত খুজুমা চাবি নামৰ এখন মেইটেই জিলাত গাঁওবাসীয়ে তেওঁ  খান্দি থোৱা বাংকাৰত সশস্ত্ৰ কুকি বিদ্রোহী বুলি সন্দেহ কৰা  দুষ্কৃতিকাৰীয়ে জুই লগাই দিয়ে। সেই বাংকাৰত অস্ত্ৰ-শস্ত্ৰ লৈ সোমাই আছিল গাঁও ৰক্ষী মেইটেই বাহিনী। সেই ঘটনাৰ ফলত উভয় পক্ষৰ মাজত গুলিয়াগুলীৰ ঘটনা সংঘটিত হয় আৰু কুকিৰ বিশাল বাহিনীয়ে  অত্যাধুনিক মাৰণাস্ত্ৰৰে ৩জন মেইটেই গাঁওবাসীক গুলীয়াই হত্যা  কৰে। এই ঘটনা সংঘটিত কৰিয়েই সশস্ত্ৰ দলটো আঁতৰি যায় আৰু  উত্তেজিত গাঁওবাসীয়ে চুবুৰীয়া দুখন কুকি গাঁৱত আক্ৰমণ কৰে। লাংঝা আৰু চিংমানমেই নামৰ দুখন গাঁৱত গভীৰ নিশা কুকি আৰু আক্ৰমণকাৰী মেইটেই জনগোষ্ঠীৰ মাজত হোৱা সংঘৰ্ষত এজন কুকিও নিহত হয় আৰু উভয়পক্ষৰ বহু কেইজন গুৰুতৰভাৱে আহত হয়। পুৱা উত্তেজিত গাঁওবাসীয়ে নিহতৰ দেহ লৈ কুকিৰ স্থানীয় বিধায়ক  চানাচাম প্রেমচন্দ্র সিঙৰ বাসভৱনত হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাস্থলীত মুখ্যমন্ত্ৰী এন বীরেন সিং গৈ উপস্থিত হোৱাত পৰিস্থিতিয়ে শাম কাটে। উল্লেখ্য, যোৱা বৃহস্পতিবাৰেও মণিপুৰত হোৱা সংঘৰ্ষত ৩জন লোকৰ মৃত্যু হৈছিল। এনেদৰে ৪দিনৰ ভিতৰত ৰাজ্যখনত  এজনৰ মৃত্যু আৰু অসংখ্য লোক আহত হোৱা স্বত্বেও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি বিশ্বাসৰ ভিত্তিত মণিপুৰ ১০ দিনৰ ভিতৰত ঠাণ্ডা গঠন পাৰ হৈ যাব বুলি দাবী কৰিছিল সেই লৈ প্রশ্ন উঠিছে। কিয়নো হিমন্ত বিশ্ব শৰ্মাই কৰা এই ঘোষণাৰ দুদিন পূর্বেও অশান্তিজৰ্জৰ মণিপুৰত ৩জনৰ  সংঘৰ্ষত মৃত্যু হৈছিল আৰু ঘোষণাৰ ১০ঘণ্টাৰ ভিতৰত পুনৰ ৪জন ধৰ নিহত হল। অর্থাৎ মণিপুৰৰ পৰিস্থিতি হিমন্ত বিশ্ব শৰ্মাৰ দাবী অনুসৰি  স্বাভাবিক হোৱা নাই আৰু হিংসাও প্রশমিত হোৱা নাই।

    আনহাতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বিদেশী শক্তি জড়িত থকা বুলি কৰা দাবীৰ পাছতে দেশজুৰি মণিপুৰৰ হিংসাৰ ঘটনাৰ ক্ষেত্ৰত আতংক আৰু ভিন ভিন প্ৰশ্নৰ সৃষ্টি হৈছে। ৩০জুনত পদত্যাগৰ নাটক ৰচনা কৰি পাছত ১৮০ডিগ্ৰী পাক লৈ পদত্যাগ নকৰে বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰী এন বীৰেন সিঙে শনিবাৰে দাবী কৰে মণিপুৰত সংঘটিত দুমাহজোৰা সংঘৰ্ষত বিদেশী শক্তিৰ হাত আছে। মণিপুৰৰ সৈতে ম্যানমাৰৰ ৩৯৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ উন্মুক্ত সীমান্ত আছে। চীনৰ অৱস্থিতিও মণিপুৰৰ তেনেই সমীপত। এই বিদেশী  শক্তিয়েই মণিপুৰত সংঘৰ্ষ সৃষ্টি কৰাত লিপ্ত হৈছে। উন্মুক্ত সীমান্তত পহৰা থাকিলেও বিদেশী ৰাষ্ট্ৰই মণিপুৰক অস্থিৰ কৰাত জড়িত হৈ পৰিছে। মণিপুৰৰ দৰে বিদেশী ৰাষ্ট্ৰৰ সীমাত অৱস্থিত এখন  ৰাজ্যৰ পৰিস্থিতি দেশৰ আন অংশৰ বাসিন্দাই কেনেদৰে উপলব্ধি কৰিব?' বীৰেন সিঙৰ এই মন্তব্যৰ লগে লগে দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। আনকি কেন্দ্ৰীয় চৰকাৰৰ ভিতৰতো তেওঁৰ বক্তব্যই জোকাৰণি তোলে। তদুপৰি এন বীৰেন সিঙৰ চৰকাৰী টুইটাৰ হেণ্ডলৰ কিয়নে কেইবাজনো কুকি লোকক ম্যানমাৰৰ নাগৰিক বুলি মন্তব্য কৰে। স্বয়ং মুখ্যমন্ত্ৰীৰ এনে বিদেশী শক্তি জড়িত থকাৰ দাবী ৰাজহুৱা  হোৱাৰ লগে লগে কেন্দ্ৰৰ মোদী চৰকাৰে কিয় হাত সাবতি বহি আছে  এই বুলি প্ৰশ্নৰ জোৱাৰ উঠে।  কিয়নো চীনে ভাৰতক লাডাখৰ পৰা নিজ অৰুণাচল প্ৰদেশলৈ ৩ হাজাৰ কিলোমিটাৰৰো অধিক দৈৰ্ঘৰ সীমান্তত স’ততে হস্তক্ষেপ কৰি থকা বুলিহে ইমানদিনে দেশৰ নাগৰিক আৰু ৰাজনৈতিক দলে জানিছিল। মণিপুৰতো যে চীনৰ পদধ্বনি প্রতিধ্বনিত হৈছে, সেই ধাৰণা কাৰো নাছিল। সেয়ে বীৰেন সিঙৰ এই ঘোষণাৰ পাছতে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে মণিপুৰত কেন্দ্ৰই কঠোৰ  পদক্ষেপ লবলৈ দাবী জনোৱাৰ লগতে চীনৰ বিৰুদ্ধেও পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে। তেওঁৰ মতে বিদেশী শক্তি জড়িত হৈ পৰাৰ বাবেই কেন্দ্ৰই মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি কৰি ক্ষমতা নিজৰ হাতলৈ নিয়া উচিত। কিয়নো এখন ৰাজ্য চৰকাৰে চীনক চম্ভালিব নোৱাৰি।

No comments