Breaking News

সংঘৰ্ষপীড়িত মণিপুৰৰ কুকি জনগোষ্ঠীৰ সহায় বিচাৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ


মণিপুৰত বৰ্তমানেও অব্যাহত আছে গোষ্ঠীসংঘৰ্ষ। এই গোষ্ঠীসংঘৰ্ষত দেওবাৰে পুনৰ চাৰিজনকৈ লোক নিহত হৈছে।মণিপুৰৰ গোষ্ঠীসংঘৰ্ষত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে চীনৰ পদধ্বনি আৱিষ্কাৰ কৰাৰ পাছতে সংঘৰ্ষৰ অন্যতম পক্ষ কুকি জনগোষ্ঠীয়ে তেওঁলোকৰ বিৰুদ্ধে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত গণহত্যাৰ অভিযোগ উত্থাপন কৰি ইজৰাইলৰ সহায় আৰু হস্তক্ষেপ প্ৰাৰ্থনা কৰিছে। ‘বিশ্ব কুকি-জো ইনটেলেকচুৱেল কাউন্সিলে ' ইজৰাইলৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি তেওঁলোকক ৰক্ষা কৰাৰ বাবে অবিলম্বে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।         

     উল্লেখযোগ্য, ভাৰতৰ মণিপুৰত থকা কুকি সম্প্রদায়ে নিজকে ইহুদীৰ বংশধৰ বুলি দাবী কৰে। ইহুদীসকলৰ হেৰাই যোৱা মুঠ ১০টা সম্প্ৰদায়ৰ অন্যতম বুলি দাবী কৰা কুকিসকলৰ সৈতে ইহুদীৰ মূল স্রোতৰ প্ৰায় ২৭০০ বছৰৰ পূর্বে বিচ্ছেদ ঘটিছিল। বিগত শতিকাৰ অর্থভাগ অর্থাৎ ১৯৫১ চনমানৰ পৰা মণিপুৰৰ কুকি জনগোষ্ঠীয়ে নিজকে ইহুদী বুলি দাবী কৰিবলৈ আৰম্ভ কৰে। সেই দাবীৰ আধাৰতে ইতিপূর্বে মণিপুৰ আৰু মিজোৰামৰ পৰা প্ৰায় ৩০০০ কুকি জনগোষ্ঠীৰ লোকে ইজৰাইললৈ স্থায়ীভাবে প্রব্ৰজন কৰিছে। জুডেইজিম অর্থাৎ ইহুদী ধর্ম গ্ৰহণ নকৰিলে তেওঁলোকক ইজৰাইলত আদবি নলয় বাবে ১৯৭০ চন মানৰ পৰা মণিপুৰ আৰু মিজোৰামৰ কুকি জনগোষ্ঠীয়ে ইহুদী ধর্ম পালন কৰি আহিছে। এনে পৰিপ্ৰেক্ষিতত মণিপুৰত সংঘটিত হৈ থকা গোষ্ঠীসংঘৰ্ষৰ ক্ষেত্ৰত কুকি- স্লো জনগোষ্ঠীয়ে ইজৰাইলৰ হস্তক্ষেপ প্ৰাৰ্থনা কৰাটো আশ্চর্যকৰ ঘটনা নহয়।

যোৱা ৩ মে'ৰ পৰা মণিপুৰত কুকি আৰু ৰাজ্যখনৰ প্ৰাচীন বাসিন্দা মেইটেই জনগোষ্ঠীৰ মাজত সংঘটিত গোষ্ঠীসংঘৰ্ষত এতিয়ালৈকে বেচৰকাৰী তথ্যমতে ৪শতাধিক লোক নিহত হৈছে। এই সংঘৰ্ষই দুমাহ স্পৰ্শ কৰিছে আৰু এই পৰিস্থিতিত কুকি জনগোষ্ঠীয়ে ইজৰাইলৰ হস্তক্ষেপ প্রার্থনা কৰিছে। যোৱা ৩০ জুনত 'বিশ্ব ঝুঁকি-জো ইনটেলেকচুরেল কাউন্সিলে' ইজৰাইলৰ প্ৰধানমন্ত্রী নেতানা হিলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰি জনাইছে যে, মণিপুৰৰ চৰকাৰী যন্ত্রই সশস্ত্র চৰকাৰী বাহিনী ব্যৱহাৰ কৰি কুকি সকলক এফালৰ পৰা হত্যা কৰিছে। সংখ্যালঘু কুকিসকলৰ ওপৰত গণহত্যা সংঘটিত কৰিছে চৰকাৰে। এই স্মাৰকপত্ৰত তেওঁলোকে জনাইছে যে, ১৯৪৭ চনৰ পৰা কুকিসকলে পৃথক ৰাজ্য আৰু পৃথক প্রশাসন বিচাৰি আহিছে। তেওঁলোকে স্বাধীনতা সংগ্ৰামত ব্ৰিটিছৰ বিৰুদ্ধে ১৮৪৫-১৮৭১ চন আৰু ১৯১৭-১৯১৯ চনত কৰা যুঁজৰ কথাও উল্লেখ কৰিছে। তাৰ ফলত স্বাধীনতার পূর্বে ব্ৰিটিছে কুকিসকলক বাংলাদেশ, ভারত আৰু ম্যানমাৰত পৃথকে পৃথকে সংখ্যালঘু কৰি ৰখাৰ কথাও উল্লেখ কৰিছে। এনে ইতিহাস থকা সত্ত্বেও মণিপুৰত ঝুঁকিসকলক প্রাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰা আৰু এতিয়া চৰকাৰী পৃষ্ঠপোষকতাত গণহত্যা চলোৱাৰ বাবেই ঝুঁকি সংগঠনে ইজৰাইলৰ জবনী হস্তক্ষেপ বিচাৰিছে।

    ইপিনে উচ্চতম ন্যায়ালয়ে মণিপুৰ চৰকাৰক ৰাজ্যখনৰ পৰিস্থিতিৰ বিস্তৃত প্রতিবেদন দাখিল কৰিবলৈ সোমবারে কঠোন নির্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি বাই চন্দ্রচূড় নেতৃত্বাধীন তিনিজনীয়া বিচারপীঠে মণিপুৰ ট্ৰাইবেল ফাম, দিল্লী' আৰু 'হিল এরিয়াজ কমিটী অব দ্য মণিপুৰ লেজিছলেটিভ এসেম্বলি' নামৰ দুটা সংগঠনে দাখিল কৰা আবেদনৰ ভিত্তিত এই নিৰ্দেশ দিছে।

   গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে চিপিআই(এম-এল) ৰ অসম ৰাজ্যিক সমিতি আৰু কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক লৈ গঠিত হিল পাৰ্টি সমিতিৰ উদ্যোগত মণিপুৰৰ সংঘৰ্ষ জর্জৰ পৰিস্থিতিৰ অৱসান বিচাৰি আৰু মণিপুৰৰ শাস্তি প্রতিষ্ঠার উদ্দেশ্য আগত ৰাখি এক নাগৰিক অভিবৰ্তন অনুষ্ঠিত হয়। এই অভিবৰ্তনত গুৱাহাটীৰ বিশিষ্ট নাগৰিকৰ লগতে মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ চানা জাবা আৰু কুকি সম্প্রদায় লেমিনলাল নেইথাম উপস্থিত থাকে। দুই গৰাকী ব্যক্তিয়ে তেওঁলোকৰ বক্তব্যত মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰে আৰু উপস্থিত ৰাইজক কাতৰ আহবান করে অসমে মণিপুৰৰ পৰিস্থিতিক লৈ কিবা এটা কৰক, মণিপুৰত শাস্তি প্রতিষ্ঠা কৰক। দুইজন বক্তাই করে যে মণিপুৰৰ উভয় সম্প্রদায়ৰ মাজত সংঘাত আছিল যদিও শাস্তি পূৰ্ণ সহঅবস্থান কৰি জীয়াই থাকিবলৈ শিকিছিল। কিন্তু স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত কালত এনে নিষ্ঠুৰ হিংসা জনিত পৰিস্থিতি হ'ব বুলি তেওঁলোকে কল্পনাও কৰিব পৰা নাছিল। চিপিআই (এম-এল)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শ‍ইকীয়া আৰু অসম ৰাজ্যিক সমিতিৰ সদস্য নৰেন বৰাক লৈ গঠিত সভাপতি মণ্ডলীয়ে পৰিচালনা কৰা অভিবৰ্তনৰ উদ্দেশ্য ব্যাখ্যা কৰে পাৰ্টিৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দামে। অভিৱৰ্তনত বিশিষ্ট সংগীত শিল্পী লোকনাথ গোস্বামী, জ্যেষ্ঠ সাংবাদিক নয়ন ভূঞা, না ইউ পিচ ফৰামৰ এলেন এক, আই আই টি গুৱাহাটী ৰ অধ্যাপক বসুন্ধৰা জয়ৰণ, কটন কলেজৰ অধ্যাপক ঋতুৰাজ কলিতা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কিশোৰ কলিতা, হিল পার্টি সমিতিৰ সম্পাদক কবি কুমাৰ ফাংচু, 'কা' বিৰোধী সমন্বয় সমিতিৰ মুখ্য সমন্বয়ক দেবেন তামুলী, প্রগতিশীল নাৰী সহাৰ ৰাজ্যিক সম্পাদক মৃনালি দেবী, বিশিষ্ট শিল্পী ৰবিৰাম ব্ৰহ্মা, এ আই চি চি টি ইউ ৰ ৰাজ্যিক নেতৃত্ব বীরেন কলিতা, সুভাষ সেন, পংকজ কুমাৰ দাস, পাৱাৰ বাৰ্কাছ ইউনিয়নৰ প্ৰাক্তন সাধাৰণ সম্পাদক দীনেশ গোস্বামীকে প্ৰমুখ্য কৰি বিভিন্ন দল সংগঠনৰ নেতৃত্বই অংশগ্রহণ কৰে। অভিবৰ্তনে সর্বসম্মতিক্রমে মণিপুৰৰ শাস্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে লোৱা নির্লিপ্ত ভূমিকাত উদ্বেগ প্রকাশ কৰে। লগতে মণিপুৰৰ শাস্তি স্থাপনৰ স্বাৰ্থত মুখ্যমন্ত্রী বীৰেন সিঙৰ পদত্যাগ দাবী কৰে। অভিৱর্তনতে শিক্ষাবিদ, শিল্পী, সাহিত্যিক, সাংবাদিক আৰু বিভিন্ন অংশৰ লোকক লৈ মণিপুৰলৈ এটি শান্তি যাত্ৰা কৰাৰ আহবান জনায়। প্ৰস্তাৱ গ্ৰহণ কৰে। এই অভিৱৰ্তনৰ সফলতা কামনা কৰি শিলং টাইমচ সম্পাদক পেট্রিচিয়া মুখিমে এটি শুভেচ্ছা বার্তা প্ৰেৰণ কৰে। সভাৰ আৰম্ভণিতে মণিপুৰৰ হিংসাজৰ পৰিস্থিতিত মৃত্যুবৰণ কৰা নাগৰিকৰ মৃত্যু, অসমৰ প্ৰগতিশীল সাংস্কৃতিক জগতৰ পুৰোধা সুদক্ষিণা শৰ্মাৰ বিয়োগত গভীর শোক প্রকাশ কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

No comments