Breaking News

বুৰঞ্জীবিদ ঁদুতিৰাম স্বৰ্ণকাৰ হাজৰিকাৰ১২৩ সংখ্যক মৃত্যু দিৱস উদযাপন

 


যোৰহাট মহাবিদ্যালয় গবেষণা কোষ আৰু বুৰঞ্জীবিদ ঁদুতিৰাম স্বৰ্ণকাৰ হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ সহযোগত  ০১.০৭.২০২৩ তাৰিখে  বুৰঞ্জীবিদ ঁদুতিৰাম স্বৰ্ণকাৰ হাজৰিকাৰ ১২৩ সংখ্যাক মৃত্যু দিৱস উদযাপন কৰা হয়। কীৰ্ত্তি প্ৰসাদ চলিহা (সাহিত্যিক পেঞ্চনাৰ, অসম)ৰ সভাপতিত্বত ডিব্ৰুগড়  কানৈ মহাবিদ্যালয়ৰ "শ্ৰীমন্ত শংকৰদেৱ পেক্ষাগৃহ"ত অনুস্থিত কৰা হয়।সভাত নিৰ্দিষ্ট বক্তা দুৰ্লভ চেতিয়া (উপসভাপতি জাতীয় সাংস্কৃতিক বৰভেটি,) ডঃ শশীকান্ত শইকীয়া(অধ্যক্ষ, ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়),উৎপল দত্ত(উপাধক্ষ্য যোৰহাট মহাবিদ্যালয়), ৰজ্ঞিত ভট্টাচাৰ্য্য (অধ্যাপক, যোৰহাট মহাবিদ্যালয়), ডঃ বিকাশ বৰুৱা (সভাপতি জাতীয় সাংস্কৃতিক বৰভেটি, তিনিচুকীয়া জিলা), অৰিন্দম শইকীয়া আৰু  ৰীনা ঢলুৱা দাসে ঁদুতিৰাম স্বৰ্ণকাৰ হাজৰিকাৰ জীৱন আৰু কৰ্মৰ বিষয়ে তথ্যপূৰ্ণ আৰু জ্ঞানগৰ্ভ বক্তৃতা আগবঢ়াই। সভাত দিগন্ত ফুকন (অধ্যাপক যোৰহাট মহাবিদ্যালয়, সমাজ বিভাগ), সুদক্ষিণা দাস, বনগীতৰ শিল্পী লুইত দাস,সমাজ সেবিকা তথা জাতীয় সাংস্কৃতিক বৰভেটি ,অসমৰ পত্ৰিকা সম্পাদিকা নিৰোপমা গোস্বামী, সমাজ সেবিকা বনজুৰী বৰুৱা আৰু  পূণ্য গোহাই (পৰি),  ঁদুতিৰাম স্বৰ্ণকাৰ হাজৰিকাৰ বংশৰ শ্ৰী উষাৰাণী ঢলুৱা  প্ৰমুখ্যে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments