Breaking News

মহানগৰবাসীক উদ্দেশ্যি চিৰিয়াখানা কর্তৃপক্ষৰ সতৰ্কবাণী: বাঘ‌‌ ওলাইছে, সন্ধিয়া নোলাব


 অসম ৰাজ্যিক চিৰিয়াখানাৰ দাঁতিকাষৰীয়া লোকসকললৈ চিৰিয়াখানা কৰ্তৃপক্ষ‌ই জনালে এক আহ্বান- বাঘ ওলাইছে সন্ধিয়া নোলাব চিৰিয়াখানাৰ কাষৰীয়া অঞ্চলত কিছুদিন ধৰি নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণ চলি আছে। নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰাৰ পাছতেই সতর্কতা জাৰি কৰিছে অসম ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষই। অসম ৰাজ্যিক চিৰিয়াখানাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা ৩ জুলাইত এখন জাননী জাৰি কৰা হৈছে। চিৰিয়াখানাৰ আবাসীসকলক উদ্দেশ্যি দিয়া এই জাননীত চিৰিয়াখানাৰ পাহাৰৰ ঘন জংঘল আৰু দাতি কাষৰীয়া অঞ্চলত সঘনাই নাহৰফুটুকী বাঘৰ বিচৰণ পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰা হৈছে। লগতে উক্ত অঞ্চলত এন্ধাৰ সময়ত কোনোৱে যাতে অকলে বিচৰণ নকৰে আৰু শিশুসকলক অভিভাৱক অবিহনে অকলে যাবলৈ নিদিবলৈ আহ্বান জনোৱা হৈছে। এই সন্দৰ্ভত অসম ৰাজ্যিক চিৰিয়াখানাৰ বন সংমণ্ডল বিষয়া অশ্বিনী কুমাৰে কয়— "অসম ৰাজ্যিক চিৰিয়াখানাৰ দৰ্শনাৰ্থীসকলৰ এতিয়াও কোনো ধৰণৰ অসুবিধা হোৱা নাই। কিন্তু বিগত ৪-৫ দিন পুর্বে আমাৰ পেট্ৰ'লিঙৰ সময়ত পাহাৰৰ ওপৰত নাহৰফুটুকী বাঘৰ পদচিহ্ন পোৱা গৈছিল। সেয়েহে আমি সতর্কতা জাৰি কৰিছোঁ যাতে ইয়াৰ জৰিয়তে কোনো অবাঞ্ছিত পৰিবেশৰ সৃষ্টি নহওক। সকলোৱে অলপ সাৱধান হওক। বিশেষকৈ এন্ধাৰ সময়ত যাতে অকলে কোনোৱে উক্ত অঞ্চলত বিশেষকৈ পাহাৰৰ ওপৰলৈ নাযায়। তদুপৰি শিশুসকলক অভিভাৱক অবিহনে অকলে যাবলৈ নিদিবলৈও আমি আহ্বান জনাইছোঁ। কিয়নো অসম ৰাজ্যিক চিকিৎসা আৰু উদ্ভিদ উদ্যানখনৰ লগতে লাগি আছে হেঙেৰাবাৰী পাহাৰ। সেয়েহে চিৰিয়াখানাবাসী যাতে অকলে নিশাৰভাগত পাহাৰলৈ নাযায় আৰু মহানগৰবাসীক অলপ সচেতন হবলৈ আমি জাননী জাৰি কৰিছো।"

No comments