Breaking News

ৰাজ্যত ১ কোটি গছপুলি ৰুই অভিলেখ গঢ়াৰ প্ৰাক্ ক্ষণত ৰাজধানীতেই অব্যাহত আছে বন-ধ্বংসযজ্ঞ

 


গান্ধী জয়ন্তীত ৰাজ্যত ১ কোটি গছপুলি ৰোপনেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি সময়ত অভিলেখ গঢ়াৰ সপোন দেখিছে, সেই সময়তে ৰাজ্যৰ আন প্ৰান্তৰ কথা বাদেই খোদ ৰাজধানী  দিছপুৰতে চৰকাৰীভাৱে অব্যাহত আছে ব্যাপক বন ধ্বংস। চৰকাৰৰ কথা আৰু কামৰ পার্থক্য দেখি বহুতে কোৱা-কুই কৰিছে – 'হাতীৰ যেনেকৈ খোৱা দাঁত বেলেগ, দেখুওৱা দাঁত বেলেগ, চৰকাৰৰো দেখুওৱা কামো বেলেগ  আৰু কৰা কামো বেলেগ। এহাতে পহিলা খাদ জুলাইৰ পৰা ৭ জুলাইলৈ ৰাজ্যত মহা ধুমধামেৰে উদযাপন কৰা হৈছে – বন মহোৎসৱ ২০২৩।'

    এইবাৰৰ বন মহোৎসৱৰ শ্লোগান হৈছে— ‘আহক আমি সকলোৱে গছপুলি ৰোপনেৰে বন মহোৎসৱ সপ্তাহটো উদ্যাপন কৰোঁ। গছপুলি ৰোপণৰ বাবে পুলিসমূহ বন বিভাগৰ পুলি বাগানৰ পৰা সংগ্ৰহ কৰিব পাৰিব বুলিও বন বিভাগৰ তৰফৰ পৰা বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। পিছে ৰাজ্যত বন মহোৎসৱ চলি থকাৰ মাজতে কালি নিশাৰ আন্ধাৰত বিধায়ক আৱাসৰ বহু মূল্যবান গছ কাটি তহিলং কৰা হ'ল। বিধায়ক আবাসৰ যি স্থানত যোৱা নিশা কাটি তহিলং কৰা হ'ল প্ৰকাণ্ড প্রকাণ্ড গছ, সেই স্থানতে হেনো নিৰ্মাণ হ'ব এখন উদ্যান। কথাটো পোহৰলৈ অহাৰ পাছতে চৌদিশে হৈছে প্ৰতিক্ৰিয়া। পিছে যোৱা নিশাই যে দিছপুৰ আবাসত গছ কটা হৈছে এনে নহয়, যোৱা প্ৰায় এসপ্তাহ ধৰি নিশা বিধানসভাৰ চৌহদত থকা, আম, কঠাল, মজ আদি মূল্যবান কাটি থকা হৈছে। এনেদৰে বন ধ্বংসত প্রতিক্রিয়া প্রকাশ কৰিছে বিভিন্নজনে। খোদ শাসকীয় বিজেপি দলৰ বিধায়ক মৃণাল শ‍ইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এনেদৰে—‘এডালেই কাটক বা দুডালেই কাটক, গছ কটা দেখিলে মোৰ মনটো ভাল নালাগে আৰু সদায় গছ কটাত ম‍ই বিৰোধিতা কৰো। গছ কটা হৈছে সেই কাৰণে গুৱাহাটীৰ এয়াৰ কোৱালিটি বেয়া হৈছে। আমাৰ ইঞ্জিনিয়াৰসকলে কাম খৰ খেদাকৈ কৰিবলৈ যাওতে বহু বচাব পৰা গছ কাটি পেলাইছে। উন্নয়ন কৰিবলৈ যাওতে গছ কটাটো অপৰিহাৰ্য হৈ পৰে। কিন্তু ইয়াকো আমাৰ টেকনিচিয়ানসকলে ইচ্ছা কৰিলে বচাব পাৰে ।”

No comments