Breaking News

পৰিবহণ ইন্ধন হিচাপে ৬০% ইথানল, ৪০% বিদ্যুতৰ ব্যৱহাৰে পেট্ৰ'লৰ মূল্য কৰিব পাৰে ১৫ টকালৈ হ্ৰাস


পেট্ৰ'ল-ডিজেল আদিৰ আকাশলংঘী মূল্য‌ই দেশৰ জনসাধাৰণৰক জ্বলা-কলা খুওৱাৰ সময়তেই নিজৰ কাৰ্যকালত হাজাৰ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰি ভাৰতক বিশ্বৰ দ্বিতীয় দীর্ঘতম পথ নেটৱৰ্কৰ ৰাষ্ট্ৰত পৰিণত কৰা কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রী নীতিন গাডকাৰিয়ে ভাৰতত পেট্ৰ'লৰ মূল্য প্রতি লিটাৰত ১৫ টকা হ'ব পাৰে বুলি দেশবাসীক নতুন সপোন দেখুৱাইছে। নীতিন গাডকাৰিৰ মতে এয়া অবাস্তৱ নহয়। কিন্তু সেয়া সম্ভৱ হ'ব তেতিয়াহে, যেতিয়া পৰিবহণৰ ইন্ধন হিচাপে ৬০ শতাংশ ইথানল আৰু ৪০ শতাংশ বিদ্যুৎ ব্যৱহাৰ কৰিব পৰা হ'ব। তেতিয়া পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ১৫ টকা বা তাৰো কম হ'ব। ৰাজস্থানৰ প্রতাপগড়ত আয়োজিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি নীতিন গাডকাৰিয়ে কয়— ‘যদিহে যান-বাহনৰ ইন্ধন হিচাপে ৬০ শতাংশ ইথানল আৰু ৪০ শতাংশ বিদ্যুৎ ব্যৱহাৰ কৰিব পাৰি তেন্তে দেশত ১ লিটাৰ পেট্ৰ'ল ১৫ টকাতে পোৱা যাব। ইয়াৰ ফলত দেশবাসী উপকৃত হ'ব। কিয়নো প্ৰদূষণৰ মাত্ৰা হ্ৰাস পাব আৰু আমদানিৰ বাবে হোৱা ব্যয়ো হ্রাস হ'ব। খাৰুৱা তেল আমদানিৰ বাবে ব্যয় হোৱা ১৬ লাখ কোটি টকা তেতিয়া দেশতে ৰৈ যাব আৰু তাৰ পৰা উপকৃত হব কৃষক।’

তেতিয়া কৃষকসকল একে সময়তে অন্নদাতাৰ লগতে শক্তিদাতাত পৰিণত হ'ব। উল্লেখ্য, ইথানল কুঁহিয়াৰৰ পৰা উৎপন্ন হয়। মূল উপাদান কুঁহিয়াৰ হ'লেও ইথানল প্রস্তুত কৰাৰ এটা দীর্ঘ প্ৰক্ৰিয়া আছে। ইন্ধন হিচাপে ইথানল প্রস্তুত কৰিবলৈ হ'লে দেশত স্বাভাৱিকতে কুঁহিয়াৰৰ উৎপাদন বৃদ্ধি হ'ব লাগিব আৰু অৱধাৰিতভাৱে কুঁহিয়াৰ উৎপাদন কৰিব লাগিব কৃষকে। কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰিৰ মতে কেইবছৰমানৰ পাছত ভাৰতৰ যান-বাহন মূলতঃ ইথানল নিৰ্ভৰ আৰু বিদ্যুৎচালিত হ'ব। তাৰে ৬০ শতাংশ‍ই যদি ইথানলৰ জৰিয়তে গাড়ী চলায় আৰু ৪০ শতাংশ‍ই বিদ্যুৎচালিত গাড়ী ব্যৱহাৰ কৰে, তেতিয়া দেশত পেট্ৰ'লৰ প্ৰয়োজন আৰু চাহিদা ন্যূনতম হৈ পৰিব। তেতিয়া অৱধাৰিতভাৱে পেট্ৰ'লৰ মূল্য লিটাৰত ১৫ টকা হ'ব। গাডকাৰিৰ এই সপোন পূৰণ কৰিব পাৰিব একমাত্র কৃষকে।

    ৰাজহুৱা সভাখনত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰিয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক ‘অন্নদাতা’ৰ উপৰি একেলগে ‘শক্তিদাতা' (উজাদাতা) হোৱাৰ বাবে প্রচেষ্টা হাতত লৈছে। তেতিয়া দেশৰ কৃষকে উৎপাদন কৰা ইথানলৰ জৰিয়তে যান-বাহন চলিব আৰু তাৰ ফলত পেট্ৰ'লৰ চাহিদা তেনেই হ্ৰাস পাব। দেশৰ কৃষকক লৈ এনেধৰণৰ ভৱিষ্যত পৰিকল্পনাৰে কেন্দ্ৰীয় চৰকাৰ আগবঢ়া বুলি গাডকাৰিয়ে ৰাজহুৱা সভাত মন্তব্য কৰে। অৱশ্যে এনে এটা পৰিৱেশ হ'বলৈ ই হ'লে দেশৰ কৃষকে ইথানল উৎপাদন কৰিব লাগিব ।

No comments