Breaking News

ৰাজ্যত পথ সুৰক্ষাৰ নামত কৰ সংগ্ৰহৰ নতুন কৌশল পৰিবহণ বিভাগৰ


চৰকাৰৰ কৰ সংগ্ৰহৰ বিভিন্ন ন-ন কৌশলে ৰাজ্যবাসীক ঢোকা-ঢোকে পানী খুওৱাৰ সময়তেই আকৌ পৰিবহণ বিভাগেও পথ সুৰক্ষাৰ নামত অৱলম্বন কৰিছে কৰ সংগ্ৰহৰ নতুন কৌশল। কৰ সংগ্ৰহৰ লক্ষ্যৰে বাটে-ঘাটে এতিয়া জাল পেলাইছে আহোম শাসনৰ টেকেলাস্বৰূপ পৰিবহণ বিষয়া আৰু যান-বাহন আৰক্ষীয়ে। হেলমেট নিপিন্ধাৰ পৰা আৰম্ভ কৰি ছিটবেল্ট নমৰালৈ, পাৰ্কিঙত বাহন ৰখোৱাৰ পৰা নিৰ্ধাৰিত গতিবেগতকৈ অধিক জোৰত বাহন চলোৱাকে ধৰি বিভিন্ন অজুহাতেৰে জৰিমনা সংগ্ৰহত নামি পৰিছে পৰিবহণ বিভাগ। প্ৰতিখন জিলাৰে যান-বাহন আৰক্ষী আৰু পৰিবহণ বিষয়াক ৰাজহ সংগ্ৰহৰ টার্গেট বান্ধি দিছে দিছপুৰে। পূৰ্বতে সচৰাচৰ পৰিবহণ বিভাগে বার্ষিক ১,০০০-১,১০০ কোটি টকা ৰাজহ সংগ্ৰহ কৰে যদিও এইবাৰ দিছপুৰে পৰিবহণ বিভাগক বার্ষিক ১,৪৫৬ কোটি টকা কৰ সংগ্ৰহ কৰিবলৈ কঠোৰ নিৰ্দেশ প্রদান কৰিছে। দিছপুৰ আদেশত এতিয়া ঘৰৰ গেৰেজত থকা বাহনকো ন' পার্কিঙত ৰখাৰ অভিযোগ তুলি জৰিমনা বিহাৰ দৰে হস্যকৰ কাৰ্য সংঘটিত কৰিছে যান-বাহন আৰক্ষীয়ে। আনহাতে হেমলেট নিপিন্ধা বাইক চালকৰ পৰা ৰছিদ অবিহনে ধন সংগ্ৰহ কৰাক লৈয়ো ঠায়ে ঠায়ে পৰিবহণ বিষয়াৰ বিৰুদ্ধে ৰাইজে ধর্ণা দিয়াও পৰিলক্ষিত হৈছে। তাৎপর্যপূর্ণভাৱে দিনচেৰেক পূৰ্বে মুখ্যমন্ত্ৰীয়ে সুৰাপান কৰি গাড়ী চলালে জৰিমনাৰ লগতে চালকক গ্রেপ্তাৰৰো নিৰ্দেশ দিছে। অথচ একেজন মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে আবকাৰী ৰাজহ বৃদ্ধিৰ পৰিকল্পনাৰে গাঁৱে-চহৰে, অলিয়ে-গলিয়ে নতুন ৱাইন শপৰ অনুজ্ঞা-পত্ৰৰ বাবে অধিসূচনা জাৰি কৰিছে চৰকাৰে । দিছপুৰৰ সেউজ সংকেতত এতিয়া পৰিবহণ বিভাগে নতুন যান-বাহন (সংশোধনী) অধিনিয়ম-২০১৯ৰ অধীনত ছিটবেল্ট নিপিন্ধাকৈ বাহন চলোৱাৰ অপৰাধত ১০০০ টকা, বাইকত দুজনতকৈ বেছি আৰোহণ কৰাৰ অপৰাধত ১ হাজাৰ টকা, হেমলেট নিপিন্ধাৰ অপৰাধত ১ হাজাৰ টকা অথবা ৩ মাহৰ বাবে ড্রাইভিং লাইচেন্স বাতিল, ড্রাইভিং লাইচেন্স নথকাৰ অপৰাধত ৫ হাজাৰ টকা, এম্বুলেন্সক বাট এৰি নিদিয়া অপৰাধত ১০ হাজাৰ টকা, গাড়ী চলাওতে মোবাইলত বাৰ্তালাপৰ অপৰাধত ৫ হাজাৰ টকা, সুৰাপান কৰি গাড়ী চলোৱাৰ অপৰাধত ১০ হাজাৰ টকা আৰু নাবালক সন্তানে গাড়ী চলোৱাৰ অপৰাধত ২৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা সংগ্ৰহত কৃপণালি কৰা নাই। পৰিবহণ বিভাগে বাটে-ঘাটে তালাচী চকী বহুৱাই সৰ্বসাধাৰণ ৰাইজৰ পৰা কৰ- কাটল সংগ্ৰহ কৰাৰ বিপৰীতে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ নামত ঢাক-ঢোল বজাই পথ সুৰক্ষা সপ্তাহো অব্যাহত ৰাখিছে। প্ৰচাৰ- সজাগতা সভা, লিফলেট বিতৰণ, বাটৰ নাট আদিৰ জৰিয়তে পথ সুৰক্ষা কাৰ্যসূচী গ্ৰহণ কৰি জিলা পৰিবহণ বিষয়াসকলে সংবাদ মাধ্যমৰ কেমেৰাৰ আগত বৰ বৰ ভাষণ আওৰালেও বাস্তৱত এনে পথ সুৰক্ষা সপ্তাহৰ পদক্ষেপ প্ৰহসনতহে পৰিণত হৈছে। কিয়নো যান-বাহন আইন উলংঘন কৰাৰ বাবে সাধাৰণ ৰাইজৰ ওপৰত আৰক্ষী তথা পৰিবহণ বিভাগ বৰ্মতা হ'লেও চৰকাৰী বিষয়া তথা ৰাজনৈতিক নেতা বা মন্ত্ৰী-বিধায়কৰ ক্ষেত্ৰত আইন ভংগ কৰা দেখিও চকু মুদা কুলিৰ ভাৱতহে অৱতীৰ্ণ হয় পৰিবহণ বিভাগ তথা যান-বাহন আৰক্ষী। কোনো বাহনৰ প্ৰদূষণ বা বীমা প্ৰমাণ পত্ৰ নৱীকৰণ নকৰিলে সাধাৰণ লোকৰ পৰা ২ হাজাৰ টকা জৰিমনা আদায় কৰে যদিও বীমা আৰু প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নথকাৰ ক্ষেত্ৰত চৰকাৰী বাহনসমূহ শীৰ্ষত আছে। অধিকাংশ চৰকাৰী বাহনৰ দ্বিতীয়বাৰলৈ বীমা-প্ৰদূষণৰ প্ৰমাণ পত্ৰ নৱীকৰণেই কৰা নহয়। অথচ সেইসমূহ বাহনৰ পৰা জৰিমনা সংগ্ৰহ কোনো ব্যৱস্থাই নাই। আনহাতে হেমলেট নিপিন্ধিলে বাইক চালক- আৰোহীক এহাজাৰ টকাকৈ জৰিমনা বিহা যান-বাহন আৰক্ষীয়ে নেতা-মন্ত্ৰীয়ে হেমলেট অবিহনে বাইক ৰেলী কৰিলেও বাধা দিয়াৰপৰিৱৰ্তে বাট মোকলাইহে দিয়ে। আনহাতে এম্বুলেন্সক বাট এৰি নিদিলে ১০ হাজাৰ টকা জৰিমনা বিহা এইখন অসমত মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজ্যপালৰ কনভয়লৈ প্ৰতিজন ভিআইপি-ভিভিআইপিক বাট এৰি দিয়াৰ নামত ট্রেফিক পুলিচে সংকটজনক ৰোগী থকাৰ পাছতো এম্বুলেন্সক ৰাজপথত ৰখাই থোৱা দৃশ্য অতি সুলভ। স্বাভাৱিকতেই ৰাজকোষৰ ধনেৰে সাধাৰণ ৰাইজৰ মাজত পথ সুৰক্ষা সপ্তাহ পালনৰ চৰকাৰী কাৰ্যসূচীসমূহ এতিয়া ভেকোভাওনা তথা প্ৰহসনৰ নাটকলৈ পৰিণত হৈছে।

No comments