Breaking News

গোলাঘাট জোনাকী নগৰৰ‌ বিশিষ্ট সৰবৰহী মহিলা প্ৰতিমা দেৱীৰ মৃত্যুত শোক


গোলাঘাট জোনাকী নগৰৰ‌ নিবাসী অভিযন্তা প্ৰাঞ্জল শৰ্মা তামুলীৰ মাতৃ তথা বিশিষ্ট সৰবৰহী মহিলা প্ৰতিমা দেৱীৰ আজি পুৱা প্ৰায় ৭.৩০ মান বজাত জোনাকী নগৰৰ নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি হয়। মৃত্যুৰ সময়ত মহিলাগৰাকীৰ বয়স আছিল ৯১ বছৰ। মৃত্যুৰ পূৰ্বে জোনাকী নগৰ দূৰ্গা মন্দিৰ, গোলাঘাট কলেজ তিনিআলিস্থিত বিষ্ণু মন্দিৰ আদিকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত সৰবৰহী মহিলাগৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰে। মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেখেতৰ আত্মীয়-কুটুম্ব তথা শুভাকাংখী বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।  মৃত্যুৰ সময়ত প্ৰতিমা দেৱীয়ে  এজন পুত্ৰ, দুগৰাকী জীয়ৰীসহ বহু আত্মীয়-স্বজনক এই সংসাৰত এৰি গৈছে। তেখেতৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। 

জননী লাইভেও সৰবৰহী মহিলা গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ।

No comments