Breaking News

প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানে খুলি দিলে কুৰিশ্বু বান্ধৰ গেট


ৰাজ্যৰ বিভিন্ন ঠাইত বানৰ বিভীষিকা মাৰ নৌ যাওতেই এইবাৰ নামনি অসমলৈ অশনি সংকেত দি চুবুৰীয়া ভূটানে খুলি দিলে কুৰিশ্বু বান্ধৰ গেট। শুকুৰবাৰে মাজনিশা ১২ বজাৰ পৰা ভূটানে বান্ধৰ পানী খুলি দিছে অসমলৈ। ভূটানৰ বাঢ়নী পানীয়ে যিকোনো মুহূর্ততে নামনি অসমত – মহাপ্রলয়ৰ সৃষ্টি কৰা আশংকা প্ৰৱল হৈ পৰিছে।শেহতীয়াকৈ ভূটানত সৃষ্টি হোৱা বৃষ্টিপাত আৰু ডাৱৰ বিস্ফোৰণৰ ফলত নামনিলৈ বৈ অহা পানীৰ ধলে ইতিমধ্যে আই নৈ, পাগলাদিয়া, বৰনদী, পহুমৰা, বেকী, কালদিয়া, মানাহকে ধৰি নামনি অসমৰ প্ৰতিখন নৈ ফেনে-ফুটুকাৰে বাঢ়ি অহাৰ লগতে নৈপৰীয়া অঞ্চলসমূহত তাণ্ডৱ সৃষ্টি কৰিছে। ইয়াৰ মাজতে ভূতৰ ওপৰত  দানহ পৰাদি এইবাৰ ভূটানে কুৰিশ্ব বান্ধৰ পানী এৰি দিয়াত নামনি অসমলৈ দুর্যোগ নামি অহাতো নিশ্চিত হৈ পৰিছে। ভুটানে পানী এৰি দিয়াক লৈ বৃহস্পতিবাৰে দিনৰ ভাগতে বাগ্‌সা, তামুলপুৰ, বৰপেটা জিলা প্রশাসনে পৃথকে পৃথকে সতর্কতা জাৰি কৰিছে। বাগ্‌সা জিলা প্ৰশাসনৰ হৈ শালবাৰী মহকুমাধিপতিয়ে শুকুৰবাৰে নিশা ১২ বজাত কমেও ৯ ঘণ্টাৰ বাবে কুবিশ্ব বান্ধৰ পানী এৰি দিব বুলি সদৰী কৰি ৰাইজক সতৰ্ক কৰি দিছে। বান্ধৰ পানী এৰি দিয়াৰ ফলত বেকী নৈৰ জলস্তর বৃদ্ধি পোৱাৰ লগতে ওদালগুৰি, বালিপুৰ, নাৰায়ণগুৰি, এলেংগামাৰি আৰু চুনবাৰী গাঁৱৰ ৰাইজক নিৰাপদ দূৰত্বত আশ্রয় লোৱাৰ বাবেও আহ্বান জনাইছে। আনকি মহকুমা প্রশাসনে হেল্প লাইন নম্বৰো মুকলি কৰিছে । একেদৰে তামুলপুৰ জিলা প্রসাসনেও পাগলাদিয়া, বৰনদীৰ পুঠিমাৰী নৈত ভূটানৰ পানীয়ে প্রলয় সৃষ্টি কৰাৰ আশংকাত ৰাইজক সতর্ককৰি দিছে। 

     অপৰিবর্তিত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি। উজনিত যদি চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা অহা পানী তেন্তে নামনি অসমৰ কেইবাখনো জিলাত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা বৈ অহা ধলে সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতি। বিশেষকৈ নামনি অঞ্চলৰ চিৰাং, নলবাৰী, বঙাইগাঁও জিলাৰ এক বিশাল অঞ্চল পুনৰ বানৰ কৱলত পৰিছে। চিৰাঙৰ কেইবাখনো নৈব বাঢ়নি পানীত বুৰ গৈ আছে শতাধিক গাঁও। দুদিন ধৰি ভূটানৰ পৰা বৈ অহা পানীৰে উফন্দি উঠিছে চিৰাং জিলাৰ ভূটান সীমান্তৰ পৰা বৈ অহা আই, মাত্রা নৈ, নাঙলভাঙা নৈ, লালাই, টাক্লাই, নিজলা নেকে আদি কৰি কেবাটাও নৈ উপ-নৈ। ভূটান সীমান্তৰ কংক্রাঝোৰাকে আদি কৰি বহু কেইখন গাঁৱত ভূটানৰ পৰা নামি অহা পানী সোমোৱাৰ ফলত প্লাৱিত হৈছে গাঁওসমূহ। ইফালে, বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰু সৃজনগ্রাম ৰাজহ চক্ৰৰ ২০ খনৰো অধিক গাঁও আই নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে। লক্ষণীয়ভাৱে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লখিমপুৰ জিলাৰ ৩৬খন গাঁও বানৰ কৱলত পৰিছে। লখিমপুৰত ভূতৰ ওপৰত দানহ পৰাদি বৃহস্পতিবাৰে বিয়লি নীপকোৱে ৰঙানদী বান্ধৰ পানী এৰি দিয়াত নামনিত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে পুৱা ভাগতে নীপকো কর্তৃপক্ষই প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ সুৰক্ষাৰ স্বাৰ্থত জলাধাৰৰ অতিৰিক্ত জলৰাশি এৰি দিয়া হ'ব পাৰে বুলি লখিমপুৰ জিলা প্ৰশাসনলৈ এক সতর্কবাণী প্ৰেৰণ কৰিছিল। এই সতর্কতাৰ পাছতেই বিয়লি নীপকোৱে ৰঙানদী বান্ধৰ দুখন গেটেৰে পানী এৰি দিয়া বুলি নিশ্চিত কৰিছে। স্বাভাবিকতেই এতিয়া লখিমপুৰত নদীৰ কাষৰীয়া অঞ্চলৰ ৰাইজ শংকিত হৈ পৰিছে। নীপকোৱে পানী এৰি দিয়াত নৈপৰীয়া অঞ্চলত বাজি উঠিছে প্রলয়ৰ সংকেত ধ্বনি। যাৰ বাবে আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। চুবুৰীয়া ৰাষ্ট্ৰ ভূটান চৰকাৰে কুৰিশ্ব জলবিদ্যুত প্ৰকল্পৰ পানী এৰি দিয়াত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে বৈ অহা বেঁকী নদীত সংহাৰ ৰূপ ধাৰণ কৰাৰ আশংকা কৰি শালবাৰী মহকুমাৰ প্ৰশাসনে ৰাইজক সতৰ্ক কৰি দিছে। দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ তৰফৰ পৰা এছডিআরএফ, এনডিআরএফৰ লগতে অগ্নিনির্বাপক বাহিনীও ইতিমধ্যে সাজু কৰি ৰখা হৈছে। ইতিমধ্যে প্রশাসনে গৰ্ভৱতী মহিলা আৰু শিশুক নাৰায়ণগুৰি চৰ অঞ্চলৰ পৰা ওখ নিরাপদ স্থানত ৰখাৰ সুব্যৱস্থা কৰিছে। বেঁকী নৈৰ পাৰত শালবাৰীৰ চুনবাৰী, নাৰায়ণগুলি, মইনামাতা ভিচিডিচিৰ অধ্যক্ষ সহিতে এটা দলে কুৰিশ্ব বান্ধৰ পানী এৰি দিয়াৰ ফলত বানপানী হোৱাৰ আশংকা কৰি অঞ্চলটোত সজাগতা আনিবলৈ প্ৰয়াস কৰিছে আৰু বানপানীয়ে যাতে অধিক ক্ষতিসাধন কৰিব নোৱাৰে তাৰ বাবে তীক্ষ্ণ নজৰ ৰাখিছে। লক্ষণীয়ভাৱে ইতিপূর্বে ২০০৪ আৰু ২০০৭ চনত ভূটানে বেঁকী নৈৰে এৰি দিয়া পানীৰ বাবে বৃহত্তৰ নামনি অসমত প্ৰলয়ৰ সূচনা কৰিছিল। ইফালে ভুটানে কুৰিশ্ব বান্ধৰ পানী এৰি দিয়াক লৈ মুখ্যমন্ত্ৰী হিমস্ত বিশ্ব শর্মাই নামনি অসমবাসীক সতর্ক হ'বলৈ আহ্বান জনাইছে। মুখ্যমন্ত্রীয়ে লগতে বেঁকী আৰু মানাহ নৈ পাৰৰ ৰাইজক সতৰ্ক কৰি দিবলৈ সংশ্লিষ্ট জিলা প্ৰশাসনক নির্দেশ দিছে। 

   তামুলপুৰ ৰাজহ চক্ৰ বিষয়া স্বাক্ষৰিত এখন জাননীৰ জৰিয়তে তামুলপুৰৰ ৰাইজক সজাগ সচেতন হৈ থাকিবলৈ জনোৱা হৈছে। উক্ত আকস্মিক পৰিস্থিতিৰ বাবে প্রশাসনে জাননী যোগে জনাইছে যে চুবুৰীয়া ৰাষ্ট্ৰ ভুটানত প্রবল বৃষ্টিপাত আৰু ডাৱৰ বিস্ফোৰণৰ ফলত নামনিত পাগলাদিয়া আৰু বৰনদী (পুঠিমাৰী ) নদীৰ পানী বৃদ্ধিৰ আশংকা কৰা হৈছে। সেয়ে আকস্মিক বানপানীৰ প্ৰতি লক্ষ্য ৰাখি তামুলপুৰ ৰাজহ চক্ৰৰ অধীনত পৰা সকলো লোকক মাছ ধৰা, সাঁতোৰা, ফটো পোৱা, ঘূৰি ফুৰা আদিৰ বাবে পাগলাদিয়া, বৰনদীৰ পুঠিমাৰীৰ পাৰলৈ নাযাবলৈ আহ্বান জনোৱা হৈছে। আকস্মিক বানপানীৰ সময়ত, মূল্যবান সামগ্রী, কাপোৰ, বাচন-বৰ্তন, শিক্ষার্থীৰ কিতাপ, পাকঘৰৰ সামগ্ৰী আদি ওখ  ঠাইত ৰাখিব। যদি কোনো লোকে আকস্মিক বানপানী আৰু ধাৰাসাৰ বৰষুণৰ ফলত কোনো সমস্যাৰ সন্মুখীন হয় তেন্তে তৎকালীন সহায়ৰ বাবে 9387893394 নাইবা 03624-1077 নম্বৰত যোগাযোগ কৰিবলৈ তামুলপুৰ মহকুমা প্রশাসনৰ হৈ ৰাজহ চক্ৰ বিষয়াই আহ্বান জনাইছে।

 ‌ ভুটানৰ পৰা নামি অহা পানীৰ ধলে নামনি অসমত তাণ্ডৱ লীলা চলাইছে। এখনৰ পিছত আনখন গাঁও বানত প্লাৱিত হৈছে। নিৰাপদ ঠাইলৈ ঢাপলি মেলিছে বানাক্ৰান্ত। ওখ ঠাইলৈ নিয়া হৈছে পোহনীয়া জীবজন্তু। দবাল পিটা বৰষুণৰ ফলত ভুটানৰ পৰা নামি আহিছে পানীৰ ধল। ভূটানৰ পানীয়ে নামনি অসমৰ নদীসমূহ ভৰি পৰিছে। ফেনেফোটোকাৰে পানী বাঢ়িবলৈ ধৰাত বিভিন্ন অঞ্চলত বানপানীৰ সৃষ্টি হয়। ভাৰত-ভূটান সীমান্তৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলৰ পৰা বৈ অহা বল্লাম নৈৰ বাঢ়নী পানীয়ে চিন্দ্ৰী নৈত সংযোগ হৈ বানৰ সৃষ্টি কৰিছে বল্লামঝোবা গাঁৱত। গোসাঁইগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বল্লামঝোৰা গাঁৱৰ শতাধিক পৰিয়াল বানৰ কবলত। জলবন্দী বহু পৰিয়াল। বানত বল্লামকোৰা গাঁৱৰ ৰাইজে যাতায়াতৰ বাবে নানা দুখ-দুর্দশাৰ সন্মুখীন হৈছে। ইফালে প্ৰশাসনে আশ্রয় শিবিৰৰ ব্যৱস্থা কৰি নিদিয়াৰ অভিযোগ তুলিছে ভুক্তভোগী বাইছে। বানাক্ৰান্তই ঘৰৰ চোতালতে ধৰিছে মাছ। আনহাতে, গোসাঁইগাঁও মহকুমাৰ বৰবাধা ফৰেষ্ট গাঁও বানৰ কবলত। গুৰুফেলা নৈৰ পানী বিপদ সীমাৰে গতি কৰিছে। গাঁওখনৰ পৰিয়ালসমূহ নিৰাপদ ঠাই বিচাৰি গাঁৱৰ এখন স্কুলত আশ্রয় গ্রহণ কৰিছে।

    মঙলবাৰে নিশাৰে পৰা মূষলধাৰে অহা বৰষুণৰ বাবে পুনৰ বৃদ্ধি হৈছে মৰাপাগলাদিয়া নৈৰ পানী। ফলত উত্তৰ বালিৰ ভগ্ন মথাউৰিৰে নৈখনৰ বাঢ়নী পানী সোমাই বিস্তীর্ণ অঞ্চল প্লাবিত কৰে। উল্লেখ্য যে নলবাৰী জিলাখনৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত উত্তৰবালিৰ বিভিন্ন স্থানত জুন মাহত মৰাপাগলাদিয়া নৈৰ মথাউৰি ছিগি ৰাইজক জ্বলা-কলা খুওৱাৰ পিছত পুনৰাই মঙলবাৰে নিশাৰ ভাগত মৰাপাগলদিয়া নৈৰ বাঢ়নী পানীয়ে উত্তৰবালি, কৈহাটীপাৰা, বালি, পীত, ভোজকুছিকে ধৰি হারিভাঙাৰ কিছু অংশ জলমগ্ন করে। বহু পৰিয়ালৰ ঘৰৰ ভিতৰতো পানী উঠে যদিও আজি বিয়লিৰ ভাগত সামান্য উন্নতি হোৱা পৰিলক্ষিত হয়। মৰাপাগলদিয়া নৈব বানে পূর্বতে হাবিভাঙা- কৈঠালকুছি গড়কাপ্তানি পথৰ ভগ্ন অংশৰে পুনৰ পানী বাগৰাত পথটিৰে আজিও যাতায়াত সম্পূর্ণ বন্ধ হৈ আছে।

   চিৰাং জিলাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ নামনি অঞ্চলত আজিও বান পৰিস্থিতি অপৰিৱৰ্তিত অৱস্থাত আছে। চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰা বিগত দুটা দিনে নামি অহা পানীয়ে আই নৈ, নাঙলভাঙা, মাত্রা, নিজলা, লালাই, চম্পানৈকে ধৰি কেইবাখনো নৈব বানী পানীয়ে ক্রমশ বানৰ জটিল ৰূপ ধাৰণ কৰিছে। যোৱানিশা বর্মীখাতা ফৰেষ্ট ৰেঞ্জৰ লাওগ্ৰীগুৰী গাঁৱত ভূটান পাহাৰৰ পৰা নামি অহা নিজলা নৈৰ ওফন্দি উঠা পানীয়ে বানৰ সৃষ্টি কৰাত ঘৰে ঘৰে পানী সোমাইছে। কর্মীখাটাৰ পৰা লাইমুখি গাঁৱৰ সংযোগী পথৰ চম্পা নৈৰ ওপৰত থকা কাঠৰ দলংখনো পানীৰ প্রবল সোঁতত বিধ্বস্ত হৈ পৰিছে। অঞ্চলটোৰ যাতায়াতৰ একমাত্ৰ দলংখনৰ ক্ষতিগ্ৰস্ত হোৱাৰ পিছতে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ। ইপিনে বুধবাৰে নিশাৰ ভাগত বুরোঝোৰা গাঁৱত মাত্ৰা নৈৰ বাঢ়নী পানীৰ মাজত চাৰিটাকৈ পৰিয়াল আৱদ্ধ হৈ পৰিছিল। নিশাৰ ভাগতে বিজ্ঞনী মহকুমা প্রশাসন আৰু এছডিআরএফ বাহিনীৰ এটা দলে নাও ব্যৱহাৰ কৰি পৰিয়ালকেইটাৰ সকলো সদস্যকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে জিলাখনৰ সদৰ কাজলগাঁৱৰ পার্শ্ববর্তী দুবাইঝাৰ গাঁৱৰ মাজেৰে প্ৰায় দুই ফুট ওপৰেৰে পানী বৈ যাবলৈ ধৰিছে। আজি এজন ৰোগীক গাঁওখনৰ পৰা উদ্ধাৰ কৰি হাস্পতাললৈ পঠোৱাত সহায় কৰে স্থানীয় বিধায়ক জয়ন্ত বসুমতাৰীয়ে। মাত্রা নৈয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ ফলত বিশেষভাৱে ক্ষতিগ্রস্ত হোৱা সুংশ্লাকোৰা গাঁৱত আজি উপস্থিত হৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োরে বান পৰিস্থিতিৰ বুজ লয়।

     ভূটানৰ পৰা নামি অহা পানীয়ে জটিল ৰূপ ধাৰণ কৰিছে চিৰাং জিলাৰ বিজনী মহকুমাত। ভূটানৰ দাতি কাষৰীয়া ঠাইবোৰত কেবাদিনো পৰি থকা নেৰানেপেৰা বৰষুণৰ ফলত কানামাত্ৰা আৰু আই নৈৰে নামি অহা পানীৰ বলে ভয়াবহ রূপ ধারণ কৰিছে বিজনী মহকুমাৰ বিস্তীর্ণ অঞ্চল। বিশেষকৈ পুংক্রাৱাৰা আৰু সুভাইঝাৰ আৰু মাজৰাবাৰী অঞ্চলৰ প্ৰায় কুৰি খনতকৈ অধিক গাঁও বুৰাই পেলাইছে। বুংক্ৰাবৰা অঞ্চলত কানামাত্রা নৈখনে বিস্তৰ ক্ষতিসাধন কৰি এছডিআরএফ আৰু এনডিআরএকে উদ্ধাৰ অভিযান চলাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে কানামাত্ৰা নৈখনৰ ধলে সুভাইঝাৰ অঞ্চলতো যথেষ্ট ক্ষতিসাধন কৰা পৰিলক্ষিত হয়। নৈখনৰ বাঢ়নী পানীয়ে ১২ খনতকৈ অধিক গাঁও প্লাৱিত কৰাৰ লগতে মূল পথৰ ওপৰেৰে বাগৰিছে হোৱা হোৰে পানী। ফলত যাতায়াত ব্যাহত হৈ পৰিছে। ইফালে সুভাইঝাৰৰ ২নং দৈছুমঝৰাত সাঁতটা পৰিয়াল পানীৰ মাজত আৱদ্ধ হৈ থকাত এনডিআরএফৰ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন্যার্তক। বিয়লিৰ ভাগত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োই ক্ষমঠাইবাৰীৰ পথত আশ্রয় গ্রহণ কৰা কেবাটা ও বান শিবিৰ পৰিদৰ্শন কৰে। কেইবা বছৰ ধৰি ভূটানৰ পৰা নামি অহা পনীয়ে চিৰাং জিলাৰ বিভিন্ন অঞ্চল প্লাবিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি নদী সমূহত বিজ্ঞান সম্মত প্ৰতিৰোধী বান্ধ নিৰ্মাণৰ পোষকতা কৰে মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে।

    ভূটানৰ পৰা নামি অহা পানীৰ ধলে বুধবাৰৰ পৰা সৃষ্টি কৰা বিভীষিকাময় পৰিবেশ আজিও অব্যাহত আছে উত্তৰ শালমাৰা মহকুমাৰ বিভিন্ন অঞ্চলত।বুধবাৰে পুৱাৰে পৰা আইনৈৰ বাঢ়নী পানী ফেনে ফোটোকাৰে বৃদ্ধি পোৱাত মহকুমাটোৰ কেতবোৰ অঞ্চল জলমগ্ন কৰাৰ পাচত নিশাৰ ভাগত পানী হ্রাস পায় যদিও আজি পুৱাৰে পৰা পুনৰ আইনৈৰ পানী বৃদ্ধি পায়। ফলস্বৰূপে সৃজনগ্রাম পঞ্চায়তৰ চিন্নাপাৰা প্ৰথম খণ্ডৰ ১৪টা পৰিয়ালৰ ঘৰ-বাৰী প্লাৱিত হোৱাত পৰিয়াল কেইটা নিৰাপদ স্থানত আশ্রয় লবলগীয়া হৈছে। ইপিনে আইনে বাঢ়নী পানী ওফন্দি উঠাৰ পাছত নৱ নিৰ্মিত সৃজনগ্ৰামৰ বৰঘোলা কাহীবাৰীৰ পকী দলং সংযোগী পথটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। ওফন্দি উঠা পানীৰ প্ৰবাল সোঁতত মথাউৰিৰ কাষতে থকা আইনৈৰ ওপৰত নৱ নির্মিত দলং সংযোগী পথটো খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে। ইতিমধ্যে উক্ত খহনীয়া প্ৰতিৰোধৰ বাবে ঠিকাদাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। 

No comments