Breaking News

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰি নিলম্বিত মহাবিদ্যালয়ৰ অধ্যক্ষ


ৰাজ্যত আইন-শৃংখলাৰ ব্যাপক অৱনতি ঘটিছে। শাসকগোষ্ঠীৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ যেন হেৰুৱাই পেলাইছে জনসাধাৰণে।সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত ঐতিহ্যমণ্ডিত ভৱানীপুৰ সমষ্টিৰ নাম বিলুপ্তি কৰা কাৰ্যৰ বিৰোধিতা কৰি ৰাজ্য চৰকাৰৰ ৰোষত পৰিছে এজন কলেজ অধ্যক্ষ। দেশৰ নির্বাচন আয়োগৰ সমষ্টি পুনৰ গঠনৰ খচৰাৰ বিৰোধিতা কৰাৰ অপৰাধতে উচ্চ শিক্ষা সঞ্চালকে নিলম্বন কৰিছে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শর্মাক। বিভাগীয় অনুশাসন ভংগৰ অভিযোগত অসম সেৱা বিধিৰ আধাৰত অধ্যক্ষ ড° মুকুন্দ শৰ্মাক বৃহস্পতিবাৰে চাকৰিৰ পৰা নিলম্বনৰ নিৰ্দেশনা জাৰি কৰে উচ্চ শিক্ষা সঞ্চালক ধর্মকান্ত মিলিয়ে। উল্লেখ্য, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিবাদৰ সমান্তৰালকৈ বজালীৰ ভৱানীপুৰতো খচৰাক কেন্দ্ৰ কৰি দেশৰ নিৰ্বাচন আয়োগ আৰু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন দল- সংগঠনে প্রতিবাদী সভা অনুষ্ঠিত কৰিছিল। তেনে এখন সভাত ভৱানীপুৰ আঞ্চলিক কলেজৰ অধ্যক্ষ মুকুন্দ শৰ্মাই নির্বাচনী আয়োগৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচীত অংশ লোৱাত চৰকাৰে তৎকালীনভাৱে অসম সেৱা বিধি- ১৯৬৪ উলংঘনৰ অপৰাধত বিভাগীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰি নিলম্বন কৰিছে। আনকি এই সময়ছোৱাত উচ্চ শিক্ষাৰ সঞ্চালকৰ অনুমতি অবিহনে তেওঁক ভৱানীপুৰ এৰি নাযাবলৈও নির্দেশ দিয়ে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক কেন্দ্ৰ কৰি প্ৰতিবাদ আৰম্ভ হোৱাৰ সময়তে ৰাজ্য চৰকাৰে প্ৰতিবাদক কঠোৰ হাতেৰে দমন কৰাৰ ষড়যন্ত্ৰক লৈ ভৱানীপুৰৰ লগতে সমগ্ৰ ৰাজ্যতে তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এজন সৎ নিকা ভাবমূৰ্তিৰ শিক্ষাবিদক ৰাজহুৱা স্বাৰ্থত মাত মতাৰ বাবে এনেদৰে নিলম্বন কৰা কাৰ্যক সহজতে মানি ল'ব পৰা নাই। ৰাইজৰ পক্ষত থিয় হৈ চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ অপৰাধত নিলম্বন কৰা কাৰ্যৰ বিৰোধিতা কৰিছে স্থানীয় দল-সংগঠনসমূহে। ইফালে অধ্যক্ষ ড° মুকুন্দ শৰ্মাক নিলম্বন কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। এটা বিবৃতিত সাংসদ ভূঞাই কয় যে— চৰকাৰৰ যিকোনো সিদ্ধান্তৰ বিৰুদ্ধে কোনোবাই স্বাভাৱিকভাৱে থিয় দিলেই নিলম্বনৰ দৰে চূড়ান্ত শাস্তি প্রদান কৰাটো চৰকাৰৰ তীব্ৰ আক্রোশমূলক আচৰণ আৰু চূড়ান্ত অগণতান্ত্রিক কার্য। বিজেপি চৰকাৰে ইন্দিৰা গান্ধীৰ জৰুৰীকালীন অৱস্থাৰ কথা কয়, কিন্তু তেওঁলোকে যে দেশত অঘোষিত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰাইছে সেই কথা ৰাইজে স্পষ্টকৈ দেখি আছে। এয়া মানুহৰ বাক্ স্বাধীনতাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ আৰু চৰকাৰী কৰ্মচাৰীক যিকোনো অধ্যায়ৰ বিৰুদ্ধে মাত মতাৰ ক্ষেত্ৰত ভীতিগ্ৰস্ততা দেখুওৱাৰ অন্যতম প্রচেষ্টা। সাংসদ ভূঞাই অধ্যক্ষ ড° শৰ্মাৰ নিলম্বনৰ সিদ্ধান্ত অনতি বিলম্বে বাতিল কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে। ইফালে অধ্যক্ষ ড° মুকুন্দ শৰ্মাৰ নিলম্বনৰ সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শুকুৰবাৰে গুৱাহাটীত শিক্ষামন্ত্রী পেগুৱে কয় এইদৰে— "সাংবিধানিক সংস্থা এটাক চৰকাৰী চাকৰি কৰি চৰকাৰৰ দৰমহা লৈ থকা ব্যক্তিয়ে চেলেঞ্জ কৰিব নালাগে। নির্বাচন আয়োগ এটা সাংবিধানিক সংস্থা। খচৰাক ৰাজনৈতিক দলসমূহে বিৰোধিতা কৰিছে বেলেগ কথা। ৰাজনৈতিক দলসমূহক শুনানিত অংশ লোৱাৰ বাবে সুযোগ দিছে। ৰাজপথত আন্দোলন কৰিবলগীয়া কিয় হ'ল ? মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে অসমলৈ আন্দোলনবৰ্জিত শান্তি আৰু প্ৰগতিৰ পৰিৱেশ ঘূৰি আহিছে। কিন্তু সেই সময়ত যত শুনানিৰ অৱকাশ আছে আৰু যিটো বিষয় সম্পূৰ্ণ ৰাজনৈতিক— তেনে বিষয়ক লৈ সাংবিধানিক সংস্থাৰ বিৰুদ্ধে মহাবিদ্যালয় এখনৰ অধ্যক্ষই ৰাজপথত নমা কাৰ্য কোনো কাৰণতে গ্রহণযোগ্য হ’ব নোৱাৰে। সেয়েহে চৰকাৰে নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।" 

No comments