Breaking News

পুনৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত অসম সন্তান উজ্জ্বল ভূঞা


 অসমবাসীৰ বাবে এক গৌৰৱ তথা সু-খবৰ। দেশৰ নতুন ন্যায়পালিকাত উজলিল আৰু এজন অসম সন্তান। দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শুকুৰবাৰে শপতগ্ৰহণ কৰে অসম সন্তান উজ্জ্বল ভূঞাই। এই উপলক্ষে উচ্চতম ন্যায়ালয়ত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্য ন্যয়াধীশ ডি ৱাই চন্দ্রচূড়ে ন্যায়াধীশ ভূঞাক শপতবাক্য পাঠ কৰোৱায়। তেওঁৰ লগতে ন্যায়াধীশ এছ ভি ভাট্টিয়েও উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। দুয়োজন ন্যয়াধীশৰ শপতগ্ৰহণৰ লগে লগে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা ৩২গৰাকীলৈ বৃদ্ধি পালে । উল্লেখ্য, ন্যায়ালয়ৰ কলেজিয়ামে চলিত মাহৰ ৫তাৰিখে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে ভূঞা আৰু ভাট্টিৰ নাম প্ৰস্তাৱ কৰিছিল। ১২ জুলাইত এই প্ৰস্তাৱত অনুমোদন জনায় কেন্দ্ৰীয় চৰকাৰে। উল্লেখ্য, ২০১১চনৰ ১৭ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে যোগদান কৰা ন্যায়াধীশ উজ্জ্বল ভূঞা শেহতীয়াকৈ তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্বত আছিল। গুৱাহাটীত মিএ জন্মগ্ৰহণ কৰা ৫৮ বছৰীয়া উজ্জ্বল ভূঞাই অসম চৰকাৰৰ অতিৰিক্ত মহাধিবক্তা হিচাপেও দায়িত্ব পালন কৰিছিল। আনহাতে, শুকুৰবাৰে শপতগ্ৰহণ কৰা আনজন ন্যায়াধীশ ভাট্টিয়ে মুখ ইয়াৰ পূৰ্বে কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বৃদ্ধি কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য, চলিত শতিকাত ন্যায়াধীশ মুকুন্দকাম শর্মা, ন্যায়াধীশ ৰঞ্জন গগৈৰ পাছত ন্যায়াধীশ উজ্জ্বল অস ভূঞাই হৈছে উচ্চতম ন্যায়ালয়ৰ তৃতীয়জন অসমীয়া ন্যায়াধীশ ।

No comments