Breaking News

জাতীয় বিদ্যালয়ৰ অনন্য প্ৰয়াস, দিহা সম্ৰাট কমলা গগৈৰ দ্বাৰা অসমীয়া লোকসংগীত দিহা আৰু চহা নামৰ কৰ্মশালা সম্পন্ন


ডিজিটেল সংবাদ, যোৰহাট,১৬ জুলাই: জাতীয় বিদ্যালয়ৰ সত্তাত পোন প্ৰথম বাৰৰ বাবে  অসমীয়া জাতিৰ পৰম্পৰাগত স্বাভিমান লোকসংগীতৰ দিহানাম কৰ্মশালা অনুষ্ঠিত হয় পশ্চিম যোৰহাট জাতীয় বিদ্যালয় দহোটীয়াৰ বাকৰিত। অসমৰ জনপ্ৰিয় লোকশিল্পী তথা দিহা সম্ৰাট, দিহা ৰত্ন সন্মানেৰে বিভূষিত কমলা গগৈৰ আৰু তেওঁৰ সহ শিল্পী সকলৰ পৰিচালনাত ১৪ আৰু ১৫ জুলাইত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা উক্ত দিহানাম কৰ্মশালাত বিদ্যালয় খনৰ শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক তথা অভিভাৱকে অংশ গ্ৰহণ কৰে। অসমীয়া লোকসংগীতৰ এই অনন্য আৰু অনুপম দিহা নামক অধিক চৰ্চাৰ মাজেৰে নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয়তা আনি এক গতিশীল ভাবে লোক সংগীতৰ প্ৰচাৰ কৰাৰ লক্ষ্যৰেই পশ্চিম যোৰহাট জাতীয় বিদ্যালয় দহোটীয়াৰ এই প্ৰয়াস বুলি শৈক্ষিক সঞ্চালক ৰঞ্জিত কুমাৰ বৰাই জানিবলৈ দিয়ে। কৰ্মশালাত দিহা নামৰ লগতে অসমীয়া জনজীৱনত হেৰাই যোৱা চহানাম সমূহৰো পৰিৱেশন কৰা হয়। সামৰণি অনুস্থানত সাংস্কৃতিক সাংবাদিক প্ৰান্তিক শৰ্মা আৰু চলচ্চিত্ৰ অভিনেতা গৌৰী শংকৰ ভূঞাই উপস্থিত থাকি প্ৰমান পত্ৰ প্ৰদান কৰে। অধ্যক্ষ তপন চন্দ্ৰ গগৈয়ে বন্তি প্ৰজ্বলনেৰে আৰম্ভণি কৰা কৰ্মশালাটিৰ আঁত ধৰে বিদ্যালয়ৰ শৈক্ষিক বিষয়া প্ৰবীন বৰাই।

No comments