Breaking News

সম্বলপুৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপনৰ যো-জা


অসম চৰকাৰৰ এক আদৰণীয় পদক্ষেপ।সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ কৰ্মভূমিৰূপে পৰিচিত ওড়িষাৰ সম্বলপুৰত থকা বেজবৰুৱাৰ প্ৰাচীন বাসভৱনৰ নৱনিৰ্মিত চৌহদত স্থাপন কৰিবলৈ লোৱা ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটোৰ আধাৰশিলা স্থাপন কৰিব সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বড়াই। ১৮ জুলাইত এই আধাৰশিলা স্থাপন অনুষ্ঠানৰ বিষয়ে কালি সংবাদ মাধ্যমক সদৰী কৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিয়ে। গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি সমিতিৰ সাধাৰণ সম্পাদক ৰণ্টু দাসে কয়— 'অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আমাৰ সমিতিৰ নামত প্ৰতিমূৰ্তিটো নিৰ্মাণৰ মুঠ আনুমানিক ব্যয় হ'বলগীয়া ধন পঁচিশলাখ টকা আগধন হিচাপে ইতিমধ্যেই মুকলি কৰি দিছে। সম্বলপুৰবাসীৰ সহযোগত স্মৃতিৰক্ষা সমিতিয়ে আয়োজন কৰা এই ভূমিপূজন অনুষ্ঠানত ওড়িষা চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী অশ্বিনী কুমাৰ পাত্ৰকো আমন্ত্ৰণ জনোৱা হৈছে। ভূৱনেশ্বৰৰ বিশিষ্ট ভাস্কর্য শিল্পী জয়ন্ত দাসে ৰসৰাজৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিব। এই নিৰ্মাণকাৰ্যত অসমৰ ভাস্কৰ্য শিল্পী বিজু কুমাৰ দাসে সহযোগ কৰিব। চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি জানিবলৈ দিয়ে স্মৃতিৰক্ষা সমিতিৰ সভাপতি প্রদ্যুৎ কুমাৰ চৌধুৰীয়ে ।

No comments